Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 9 >> 

1তাতে ইয়োবে পুনৰায় উত্তৰ কৰি কলে,

2মই নিশ্চয়ে জানো, সেই কথা স্বৰূপ; কিন্তু মৰ্ত্ত্যই ঈশ্বৰৰ সাক্ষাতে কি ৰূপে ধাৰ্ম্মিক হব পাৰে?

3যদি সি তেৱেঁ সৈতে বাদানুবাদ কৰিব খোজে, তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব।

4তেওঁ অন্তৰত জ্ঞানৱান, আৰু বলদ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?

5তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে; আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।

6তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়; তাৰ স্তম্ববোৰ থৰথৰকৈ কঁপে।

7তেওঁ বাৰণ কৰিলে সূৰ্য্য উদয় নহয়; আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে।

8তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।

9তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা, আৰু দক্ষিণদিশে থকা মক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা।

10অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম্ম তেওঁ কৰে; অসংখ্য অদ্ভূত কাৰ্য্য তোওঁ কৰে।

11চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ; তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ।

12চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে? ঈশ্বৰে নিজ ক্ৰোধ সম্বৰণ নকৰে; ৰাহবক সহায় কৰোঁতাবোৰক তেওঁৰ অধীৰে সেও হয়।

13তেন্তে এনে যি মই, মই কি প্ৰকাৰে তেওঁক উত্তৰ দিম? আৰু তেওঁক মুক্তি দেখুৱাবলৈ মই নো কেনেকৈ কথা বাচি লম?

14মই ধাৰ্ম্মিক হলেও তেওঁক উত্তৰ দিব নোৱাৰোঁ, মোৰ প্ৰতিবাদিৰ আগত নিবেদনহে কৰিব লগা হওঁ।

15মই মাতিলে যদিও তেওঁ উত্তৰ দিয়ে, তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব মোৰ এনে বিশ্বাস নজন্মে।

16তেওঁ মোক প্ৰবল ধুমুহাত ভাঙিবহে, আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষত্হে কৰিব; তেওঁ মোক উশাহকে লব নিদিব, কিন্তু মোক তিতাৰেহে পৰিপুৰ্ণ কৰিব।

17পৰাক্ৰমীৰ বলৰ কথাত হলে, তেওঁ কয়, চোৱা, মই আছোঁ, আৰু বিচাৰ কথাত কয়, কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব? মই ধাৰ্ম্মিক হলেও মোৰ মুখে মোক দোষী কৰিব; মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব।

18মই সিদ্ধ, মই নিজ প্ৰাণক নামনি ইয়াকে কওঁ; জীৱনত মোৰ ঘিণ লাগিছে।

19সকলো বিষয়তে একে, সেই দেখি মই কওঁ, তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে।

20আপদৰূপ চাবুকে যদি মানোহক অকস্মাতে মাৰি পেলায়, তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নৈৰাশ দেখি হাঁহিব।

21পৃথিবী দুৰ্জনৰ হাতত শোধাই দিয়া হয়; তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে; যদি তেওঁ নহয়, তেন্তে তাক নো কোনে কৰে?

22মোৰ দিন কেইটা ডাকৱালাত্কৈয়ো বেগী; একো মঙ্গল নেদেখাকৈ সেইবোৰ বেগাই যায়। সেইবোৰ বেগী নাৱৰ দৰে চলি যায়, বা আহাৰৰ ওপৰত চোঁ মৰা কুৰৰ পক্ষী নিচিনাকৈ যায়।

23যদিও মই কওঁ, যে, মোৰ দুখৰ কথা পাহৰি যাম, আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম,

24তথাপি, তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি, মোৰ সকলো যাতনাত মই জিকাৰি উঠোঁ।

25মই দোষী হবই লাগিব; তেন্তে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ?

26যদি মই হিমৰ পানীত গা ধুওঁ, আৰু খাৰেৰে হাত নিকা কৰোঁ,

27তথাপি তুমি মোক খালত জুবুৰিয়াবা, আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব।

28কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয়, যে, মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম।

29আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই।

30তেওঁ মোৰ ওপৰৰ পৰা তেওঁৰ দণ্ডডালি আঁতৰাওক, আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;

31তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম; কিয়নো মই নিজে তেনেকুৱা নহওঁ।

32কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয়, যে, মই তেওঁক উত্তৰ দিম, বা দুয়ো একেলগে বিচাৰ স্থানলৈ যাম।

33আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই।

34তেওঁ মোৰ ওপৰৰ পৰা তেওঁৰ দণ্ডডালি আঁতৰাওক, আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;

35তেতিয়া মই কথা ক’ম, তেওঁক ভয় নকৰিম; কিয়নো মই নিজে তেনেকুৱা নহওঁ।


  Share Facebook  |  Share Twitter

 <<  Job 9 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran