1মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে; মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম; মই হৃদয়ৰ বেজাৰত কথা কম।
2মই ঈশ্বৰক কম, তুমি মোক দোষী নকৰিবা; মো লগত তোমাৰ কি গোচৰ আছে, তাক মোক বুজায় দিয়া।
3তুমি উপদ্ৰৱ কৰিবলৈ,তোমাৰ হাতৰ কাৰ্য্য তুচ্ছ কৰিবলৈ, আৰু দুষ্টবোৰৰ মন্ত্ৰণাত প্ৰসন্ন হবলৈ তুমি জানো ভাল দেখিছা?
4তোমাৰ চকু জানো চৰ্ম্ম-চকু? আৰু তোমাৰ দৃষ্টি জানো মানুহৰ দৃষ্টিৰ নিচিনা?
5মই যে দুষ্ট নহওঁ, আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোতা মোৰ কোনো নাই, ইয়াক জানিও,
6তুমি যে মোৰ অপৰাধ অনুসদ্ধান কৰিছা, আৰু মোৰ পাপৰ বুজ-বিচাৰ লৈছা,
7তোমাৰ আয়ুস জানো মানুহৰ আয়ুসৰ তুল্য? বা তোমাৰ বছৰবোৰ জানো মানুহৰ দিন কেইটাৰ দৰে?
8তোমাৰ হাতে মোক গঠন আৰু নিৰ্ম্মাণ কৰিলে, মোৰ সৰ্ব্বাঙ্গ সংলগ্ন কৰিলে; তথাপি তুমি মোক বিনষ্ট কৰিছা।
9সোঁৱৰণ কৰা, মাটিৰ পাত্ৰৰ দৰে মোক গঢ়িলা; পাছে আকৌ মোক ধুলিলৈ নিবা নে?
10তুমি গাখীৰৰ দৰে মোক ঢলা নাই নে? আৰু থমা দৈৰ দৰে মোক ঘন কৰা নাই নে?
11তুমি মোক মাংস আৰু ছালেৰে ঢাকিলা; হাড় আৰু সিৰেৰে মোক বলা।
12তুমি অনুগ্ৰহ কৰি মোক জীৱন দান কৰিলা; তোমাৰ তত্ত্বধাৰণত মোৰ আত্মা প্ৰতিপালিত হৈছে।
13তথাপি মই দানিছো, তোমাৰ এই ভাব আছিল, তুমি এই সকলোকে নিজৰ মনত গুপ্তকৈ ৰাখিছিলা, যে,
14মই পাপ কৰিলে তুমি মোক চিনি ৰাখিবা, আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা;
15মই দুষ্ট হলে, মোক সন্তাপ হব, ধাৰ্ম্মিক হলেও মই অপৰাধেৰে পৰিপূৰ্ণ হৈ, নিজৰ ক্লেশ দেখি মূৰ তুলিব নোৱাৰিম;
16মূৰ তুলিলে, তুমি সিংহৰ নিচিনাকৈ মোক মৃগয়া কৰিবা, আৰু মোৰ অহিতে বাৰে বাৰে বিস্ময়জনক পৰাক্ৰম দেখুৱাবা;
17তুমি মোৰ অহিতে নতুন নতুন সাক্ষী আনিবা, মোৰ অহিতে তোমাৰ ক্ৰূধ বঢ়াবা, আৰু মোৰ লগত নতুন নতুন সৈন্যদলে যুদ্ধ কৰিব।
18তেন্তে তুমি মোক গৰ্ভৰ পৰা কিয় বাহিৰ কৰিলা? নকৰা হলে মই মৰিলেহেঁতেন আৰু কাৰো চকুৱে মোক নেদেখিলেহেঁতেন;
19মই নোহোৱাৰ নিচিনা হলোহেঁতেন, আৰু গৰ্ভৰ পৰাই মোক মৈদামলৈ নিলেহেঁতেন।
20মোৰ দিন কেইটা তাকৰ নহয়নে? তেন্তে ক্ষান্ত হোৱা।
21য’ৰ পৰা মই উলটি নাহিম, এনে অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ দেশলৈ যোৱাৰ আগেয়ে, অলপমান শান্তনা পাবলৈ মোক এৰি দিয়া;
22সেই দেশ মাজ নিশাৰ নিচিনা ঘোৰ অন্ধকাৰ, সেই দেশ মৃত্যুচ্ছায়াৰ দেশ, তাত একো চিজিল নাই; তাত পোহৰেই অন্ধকাৰৰ নিচিনা।