Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 Chronicles 27 >> 

1সংখ্যা অনুসাৰে ইস্ৰায়েলৰ পৰিয়ালৰ মূখ্য লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, তাৰ উপৰিও সৈন্যৰ কৰ্ম্মচাৰীসকল, যিসকলে বিভিন্ন ধৰণে ৰজাৰ পৰিচৰ্য্যা কৰিছিল। সৈন্যৰ প্রতি বিভাগসমূহে গোটেই বছৰ মাহৰ পাছত মাহ পৰিচৰ্য্যা কৰিছিল। প্রতি বিভাগত চৌবিশ হাজাৰ লোক আছিল।

2বিভাগৰ দ্ৱায়িত্ৱত প্ৰথম মাহৰ বাবে জব্দীয়েলৰ পুত্ৰ যচবিয়াম আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

3তেওঁ পেৰচৰ বংশধৰসকলৰ মাজৰ এজন আৰু তেওঁ প্ৰথম মাহৰ সকলো সৈন্যৰ বিষয়াসকলৰ দ্ৱায়িত্ৱত আছিল।

4দ্বিতীয় মাহৰ বিভাগৰ দ্বায়িত্ৱত অহোহীয়াৰ বংশৰ গোষ্ঠীৰ দোদয়া আছিল। মিক্লোত দ্ৱিতীয় পদবীত আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

5যিহোয়াদা পুৰোহিতৰ পুত্ৰ বনায়া তৃতীয় মাহৰ কাৰণে সৈন্যৰ সেনাপতি আছিল। এই বিভাগত চৌবিশ হাজাৰ লোক আছিল।

6এই জনেই সেই বনায়া যি জন ত্ৰিশ জনৰ আৰু ত্রিশ জনৰ ওপৰত নেতা আছিল। তেওঁৰ পুত্র অম্মিযাবদ তেওঁৰ বিভাগত আছিল।

7যোৱাবৰ ভায়েক অচাহেল চতুৰ্থ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ পুত্ৰ জবদিয়া তেওঁৰ পাছত সেনাপতি হ’ল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

8যিজ্ৰাহীয়াৰ বংশধৰৰ চমহুৎ পঞ্চম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

9তকোৱায়ীয়া পৰা হোৱা ইক্কেচৰ পুত্ৰ ঈৰা ষষ্ঠ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

10ইফ্ৰয়িমৰ লোকসকলৰ পৰা পলোনীয়া হেলচ সপ্তম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

11জেৰহৰ বংশৰ গোষ্ঠীৰ পৰা হুচাতীয়া চিব্বখয় অষ্টম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

12বিন্যামীনৰ জাতিৰ পৰা অনাথোতীয়া অবীয়েজৰ নৱম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

13জেৰহৰ বংশৰ গোষ্ঠীৰ নটোফাতীয়া নগৰৰ পৰা মহৰয় দশম মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

14ইফ্ৰয়িমৰ জাতিৰ পৰা পিৰাথোলিয়া নগৰৰ বনায়া একাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

15অৎনীয়েলৰ বংশৰ গোষ্ঠীৰ পৰা নটোফাতীয়া নগৰৰ হিলদয় দ্ৱাদশ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

16এওঁলোকেই ইস্ৰায়েল জাতিৰ নেতাসকল: ৰূবেণীয়া জাতিৰ বাবে জিখ্ৰীৰ পুত্ৰ ইলীয়েজৰ নেতা আছিল। চিমিয়োনীয়া জাতিৰ বাবে মাখাৰ পুত্ৰ চফটিয়া নেতা আছিল।

17লেবীয়া জাতিৰ বাবে কমূৱেলৰ পুত্ৰ হচবিয়া নেতা আছিল। আৰু হাৰোণৰ বংশধৰসকলক চাদোকে নেতৃত্ৱ দিছিল।

18যিহূদা জাতিৰ বাবে ইলীহূ নেতা আছিল। তেওঁ দায়ূদৰ ভায়েকসকলৰ মাজৰ এজন।

19জবূলূন জাতিৰ বাবে ওবদিয়াৰ পুত্ৰ যিচময়া নেতা আছিল। নপ্তালীৰ বাবে অজ্ৰীয়েলৰ পুত্ৰ যিৰীমোৎ নেতা আছিল।

20ইফ্ৰয়িম জাতিৰ বাবে অজজিয়াৰ পুত্ৰ হোচেয়া নেতা আছিল। মনচিৰ আধা জাতিৰ বাবে পদায়াৰ পুত্ৰ যোৱেল নেতা আছিল।

21গিলিয়দত থকা মনচিৰ আধা জাতিৰ বাবে জখৰিয়াৰ পুত্ৰ যিদ্দো নেতা আছিল। বিন্যামীনৰ জাতিৰ বাবে অবনেৰৰ পুত্ৰ যাচীয়েল নেতা আছিল।

22দানৰ জাতিৰ বাবে যিৰোহমৰ পুত্ৰ অজৰেল নেতা আছিল। ইস্ৰায়েল জাতিৰ বাবে এওঁলোকেই নেতা আছিল।

23দায়ূদে বিশ বছৰ বা তাতকৈ ক’ম বয়সৰ লোকসকলক গণনা কৰা নাছিল, কাৰণ যিহোৱাই ইস্ৰায়েলক আকাশৰ তৰাবোৰৰ নিচিনা অসংখ্য কৰিবলৈ প্রতিজ্ঞা কৰিছিল।

24চৰূয়াৰ পুত্ৰ যোৱাবে গণনা কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু শেষ নকৰিলে। এই কাৰণে ইস্ৰায়েলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ প্ৰজ্বলিত হৈছিল। তেওঁলোকৰ সংখ্যা দায়ূদ ৰজাৰ বংশাৱলীত লিখা নহ’ল।

25অদীয়েলৰ পুত্ৰ অজমাবৎ ৰজাৰ মূল্যৱান সম্পদৰ দ্ৱায়িত্ৱত আছিল। উজ্জিয়াৰ পুত্ৰ যোনাথন খেতি-পথাৰত, নগৰবোৰত, গাওঁসমূহত, আৰু দুৰ্গবোৰত থকা গুদামৰ দ্ৱায়িত্ৱত আছিল।

26কলূবৰ পুত্ৰ ইজ্ৰী মাটি চহোৱা খেতিয়কসকলৰ ওপৰত আছিল।

27ৰামাথীয়া চিমিয়ী দ্ৰাক্ষাবাৰীবোৰৰ দ্ৱায়িত্ৱত আছিল। চিফমীয়াৰ পৰা অহা জব্দী আঙুৰৰ আৰু দ্ৰাক্ষাৰস বিক্রী কৰোঁতাসকলৰ ওপৰত দ্ৱায়িত্ৱত আছিল।

28নিম্ন-ভূমিত থকা জলফাই গছ আৰু ডিমৰু গছবোৰ, গদেৰীয়াৰ পৰা অহা বালহাননৰ দ্ৱায়িত্ৱত আছিল আৰু তেলৰ গুদামৰ দ্ৱায়িত্ৱত যোৱাচ আছিল।

29চাগোণৰ পৰা অহা চিত্রয় চাৰোনত চৰা জন্তুৰ জাকবোৰৰ দায়িত্ৱত আছিল। উপত্যকাবোৰত চৰা জন্তুৰ জাকবোৰৰ দ্ৱায়িত্ৱত অদলয়ৰ পুত্ৰ চাফট আছিল।

30উটবোৰৰ দ্ৱায়িত্ৱত ইশ্মায়েলীয়া অবীল আছিল, আৰু গাধীবোৰৰ দ্ৱয়িত্ৱত মেৰোনোথীয়া যেহদিয়া আছিল।

31এওঁলোক দায়ূদ ৰজাৰ সম্পতিৰ দ্ৱায়িত্ৱত আছিল।

32দায়ূদৰ দদায়েক যোনাথন, তেওঁ এজন পৰামৰ্শদাতা আছিল, যিহেতু তেওঁ এজন জ্ঞানী আৰু নথি সংৰক্ষক আছিল। হকমোনীৰ পুত্ৰ যিহীয়েল ৰজাৰ পুত্রসকলৰ তত্ৱৱধানৰ দ্ৱয়িত্ৱত আছিল।

33অহীথোফল ৰজাৰ পৰামৰ্শদাতা আছিল, অৰ্কীয়া লোকসকলৰ মাজৰ হুচয় ৰজাৰ ব্যক্তিগত পৰামৰ্শদাতা আছিল।

34অহীথোফলৰ পাছত বনায়াৰ পুত্ৰ যিহোয়াদা অবিয়াথৰ যোগেদি তেওঁৰ স্থান লয়। যোৱাব ৰজাৰ সৈন্যসকলৰ সেনাপতি আছিল।


  Share Facebook  |  Share Twitter

 <<  1 Chronicles 27 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran