Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 8 >> 

1বজাবলৈ তোমাৰ মুখত শিঙা দিয়া । যিহোৱাৰ গৃহৰ বিৰুদ্ধে কুৰৰ পক্ষীৰ নিচিনাকৈ শত্ৰু আহিছে ; কিয়নো লোকবিলাকে মোৰ নিয়মটি লঙ্ঘন কৰিলে, আৰু মোৰ ব্যৱস্থাৰ অহিতে অধৰ্ম্ম-আচৰণ কৰিলে ।

2তেওঁবিলাকে মোৰ আগত কাতৰোক্তি কৰি কব, হে মোৰ ইশ্বৰ, আমি ইস্ৰায়েলে তোমাক জানো ।

3যি উত্তম, ইস্ৰয়েলে তাক দলিয়াই পেলালে ; শত্ৰুৱে তাৰ পাছে পাছে খেদি যাব ।

4তেওঁবিলাকে মোৰ অনুমতি নোলোৱাকৈ ৰজা পাতিলে ; তেওঁবিলাকে মই নজনাকৈ অধিপতি নিযুক্তি কৰিলে, উচ্ছন্ন হবলৈ তেওঁবিলাকে তেওঁবিলাকৰ সোণ আৰু ৰূপেৰে নিজৰ নিমিত্তে মূৰ্ত্তি সাজিলে ।

5হে চমৰিয়া, তোমাৰ দামুৰিৰ মূৰ্ত্তি ঘিণলগীয়া ; তেওঁবিলাকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হল ; তেওঁবিলাক নিৰ্দোষী হবলৈ কিমান কাল লাগিব ?

6কিয়নো ইস্ৰায়েলৰ পৰা সেইটোও হৈছে ; শিল্পকৰে তাক সাজিলে, কিন্তু সি ঈশ্বৰ নহয় ; স্বৰূপেই চমৰিয়াৰ দামুৰিৰ মূৰ্ত্তিটো ডোখৰ ডোখৰকৈ ভঙা হব ।

7কিয়নো তেওঁবিলাকে বায়ুৰূপ গুটি বৈছে, আৰু বা’মৰলী বতাহৰূপ গুটি দাব ; সেইবোৰৰ গোচা নধৰিব, বা চেঁইত চাউল নধৰিব, চাউল ধৰিলেও বিদেশীবোৰে তাক গ্ৰাস কৰিব ।

8ইস্ৰায়েলক গ্ৰাস কৰা হল ; সম্প্ৰতি তেওঁবিলাক জাতিবিলাকৰ মাজত, লোকে ভাল নোপোৱা এটি পাত্ৰৰ নিচিনা হল ।

9কিয়নো তেওঁবিলাক অকলশৰীয়া বনৰীয়া গাধৰ নিচিনাকৈ অচূৰলৈ উঠি গল ; ইফ্ৰয়িমে প্ৰেমকাৰীবোৰক বেচ দিলে ।

10যদিও তেওঁবিলাকে জাতিবিলাকৰ মাজত লোকবিলাকক বেচ দিলে, তথাপি মই অলপতে তেওঁবিলাকক গোটাই লৈ যাম ; তেওঁবিলাক ৰাজাধিৰাজৰ শাসনভাৰত তাকৰ হবলৈ ধৰিব ।

11ইফ্ৰয়িমে পাপ কৰিবলৈ অনেক যজ্ঞ-বেদি সাজিলে ; এই হেতুকে যজ্ঞ- বেদিবোৰ তালৈ পাপজনক হল ।

12যদিও মই তাৰ নিমিত্তে মোৰ ব্যৱস্থাৰ দহ হাজাৰ কথা লিখোঁ, তথাপি সেইবোৰ বিজাতীয় কথা বুলি গণ্য হব ।

13উপহাৰস্বৰূপে দিয়া মোৰ বলিবোৰৰ বিষয়ে হলে, তেওঁবিলাকে মাংস উৎসৰ্গ কৰি খায় হয়, কিন্তু যিহোৱাই তেওঁবিলাকক গ্ৰহণ নকৰে । তেওঁ এতিয়া তেওঁবিলাকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁবিলাকৰ পাপৰ প্ৰতিফল দিব ; তেওঁবিলাক পুনৰায় মিচৰলৈ যাব ।

14কিয়নো ইস্ৰায়েলে নিজ সৃষ্টিকৰ্ত্তাক পাহৰি ঠায়ে ঠায়ে ৰাজগৃহ সাজিলে, আৰু যিহূদাই গড়েৰে আবৃত নগৰৰ সংখ্যা বৃদ্ধি কৰিলে ; কিন্তু মই তাৰ নগৰবোৰত জুই লগাম, আৰু সেয়ে তাৰ অট্টালিকাবোৰ গ্ৰাস কৰিব ।


  Share Facebook  |  Share Twitter

 <<  Hosea 8 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran