Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 9 >> 

1হে ইস্ৰায়েল, জাতিবিলাকৰ নিচিনাকৈ তুমি উল্লাসেৰে আনন্দ নকৰিবা ; কিয়নো তুমি নিজ ঈশ্বৰৰ পৰা আঁতৰি গৈ বেশ্যাকৰ্ম্ম কৰিছা, আৰু মৰণা মৰা প্ৰত্যেক খলাত, তাৰ বেচ ভাল পাইছা ।

2মৰণা মৰা খলাই আৰু দ্ৰাক্ষাকুণ্ডই তেওঁবিলাকৰ পেট নভৰাব, আৰু নতুন দ্ৰক্ষাৰসে তেওঁবিলাকক বঞ্চিত কৰিব ।

3তেওঁবিলাকে যিহোৱাৰ দেশত বাস নকৰিব ; কিন্তু ইফ্ৰয়িম মিচৰলৈ উলটি যাব, আৰু তেওঁবিলাকে অচূৰত অশুচি আহাৰ খাব ।

4তেওঁবিলাকে যিহোৱাৰ উদ্দেশে দ্ৰাক্ষাৰস ঢালিবলৈ নাপাব, আৰু তেওঁবিলাকৰ বলিদানবোৰ তেওঁৰ সন্তোষজনক নহব ; সেইবোৰ তেওঁবিলাকলৈ শোক কৰোঁতাবোৰৰ আহাৰস্বৰূপ ; সেইবোৰ খোৱা আটাইবিলাক অশুচি হব । কিয়নো তেওঁবিলাকৰ আহাৰ, তেওঁবিলাকৰ ভোক গুচাবৰ নিমিত্তেহে হব ; সেয়ে যিহোৱাৰ গৃহলৈ নাহিব ।

5তোমালোকে পৰ্ব্বৰ দিনা, যিহোৱাৰ উৎসৱৰ দিনা কি কৰিবা ?

6কিয়নো চোৱা, তেওঁবিলাকে তেওঁবিলাকৰ উচ্ছন্ন হোৱা দেশ এৰি গুচি গল ; কিন্তু মিচৰে তেওঁবিলাকক পৰলোকলৈ গোটাব, মোফে তেওঁবিলাকক মৈদাম দিব ; তেওঁবিলাকৰ ৰূপৰ মনোহৰ বস্তুবোৰ হলে চোৰাত গছে অধিকাৰ কৰিব, তেওঁবিলাকৰ তম্বুবোৰত কাঁইট গছ গজিব ।

7দণ্ড দিবৰ দিন উপস্থিত, প্ৰতিফলৰ দিন উপস্থিত, ইয়াক ইস্ৰায়েলে জানিব ; তোমাৰ অপৰাধৰ বাহুল্যৰ কাৰণে, আৰু শত্ৰুতা অধিক হোৱাৰ নিমিত্তে ভাববাদী মূৰ্খ হল, আত্মা থকা লোক পাগল হল ।

8মোৰ ঈশ্বৰৰ দ্বাৰাই নিযুক্ত ইফ্ৰয়িমৰ প্ৰহৰী যি ভাববাদী, তেওঁৰ সকলো পথত হলে ব্যাধৰ ফান্দ থাকে ; আৰু তেওঁৰ ঈশ্বৰৰ গৃহত শত্ৰুতা আছে ।

9তেওঁবিলাকে গিবিয়াৰ দিনৰ নিচিনাকৈ নিজকে অতিশয় ভ্ৰষ্ট কৰিলে ; তেওঁ তেওঁবিলাকৰ অপৰাধ সোঁৱৰণ কৰিব, তেওঁবিলাকৰ পাপৰ প্ৰতিকাৰ সাধিব ।

10অৰণ্যত পোৱা দ্ৰাক্ষাগুটিৰ নিচিনাকৈ মই ইস্ৰায়েলক পাইছিলোঁ, ডিমৰু গছৰ প্ৰথমে পকা গুটিৰ নিচিনাকৈ তোমালোকৰ পূৰ্ব্বপুৰুষবিলাকক দেখা পাইছিলোঁ ; কিন্তু তেওঁবিলাকে বাল-পিয়োৰৰ ওচৰলৈ গৈ লাজ লগা বস্তুটোৰ উদ্দেশে নিজকে পৃথক কৰিলে, আৰু তেওঁবিলাকে প্ৰেম কৰা বস্তুটোৰ দৰে তেওঁবিলাক ঘৃণনীয় হল ।

11ইফ্ৰয়িমৰ বিষয়ে হলে, তেওঁবিলাকৰ গৌৰৱ পক্ষীৰ নিচিনাকৈ উড়ি যাব ; প্ৰসৱ, গৰ্ভ, কি গৰ্ভধাৰণ নহব ।

12যদিও তেওঁবিলাকে সন্তান ডাঙৰ-দীঘল কৰে, তথাপি এটি মানুহো অৱশিষ্ট নথকাকৈ মই তেওঁবিলাকক সন্তানহীন কৰিম ; কিয়নো মই তেওঁবিলাকৰ পৰা আঁতৰ হৈ যোৱা সময়ত তেওঁবিলাকৰ সন্তাপ হব ।

13মই তূৰক যেনেকুৱা দেখিলোঁ, তেনেকৈ ইফ্ৰয়িমো মনোহৰ ঠাইত স্থাপিত হল ; কিন্তু ইফ্ৰয়িমে হত্যাকাৰীৰ ওচৰলৈ নিজৰ সন্তানবিলাকক উলিয়াই আনিব ।

14হে যিহোৱা, তেওঁবিলাকক দিয়া ; তুমি তেওঁবিলাকক কি দিবা ? তেওঁবিলাকক গৰ্ভস্ৰাবী উদৰ আৰু শুকান স্তন দিয়া ।

15গিলগলত তেওঁবিলাকৰ আটাই দুষ্টতা দেখা যায় ; নিশ্চয়ে সেই ঠাইতই তেওঁবিলাকলৈ মোৰ ঘিণ লাগিল । তেওঁবিলাকৰ দুষ্কৰ্ম্মৰ দুষ্টতাৰ নিমিত্তে মই মোৰ গৃহৰ পৰা তেওঁবিলাকক খেদি দিম, তেওঁবিলাকক আৰু স্নেহ নকৰিম ; তেওঁবিলাকৰ আটাই প্ৰধান লোক বিদ্ৰোহী ।

16ইফ্ৰয়িমক প্ৰহাৰ কৰা হল, তেওঁবিলাকৰ শিপা শুকাল, তেওঁবিলাকত আৰু গুটি নালাগিব ; এনে কি, যদিও তেওঁবিলাকে সন্তান জন্মায়, তথাপি মই তেওঁবিলাকৰ গৰ্ভৰ মৰমৰ ফল মাৰি পেলাম ।

17মোৰ ঈশ্বৰে তেওঁবিলাকক অগ্ৰাহ্য কৰিব ; কিয়নো তেওঁবিলাকে তেওঁলৈ কাণ নিদিলে ; আৰু তেওঁবিলাকে জাতিবিলাকৰ মাজত ভ্ৰমি ফুৰিব ।


  Share Facebook  |  Share Twitter

 <<  Hosea 9 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran