Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 10 >> 

1ইস্ৰায়েল ফল-উৎপন্নকাৰী জকমকীয়া দ্ৰাক্ষালতাস্বৰূপ ; তেওঁ নিজৰ ফালৰ বাহুল্য অনুসাৰে নিজৰ যজ্ঞ-বেদি বৃদ্ধি কৰিলে ; তেওঁবিলাকে নিজৰ দেশৰ উন্নতি অনুসাৰে উত্তম স্তম্ভ সাজিলে ।

2তেওঁবিলাকৰ মন দুফলীয়া ; এতিয়া তেওঁবিলাকে দণ্ড পাব । তেওঁ তেওঁবিলাকৰ যজ্ঞ-বেদিবোৰ ভাঙিব, তেওঁবিলাকৰ স্তম্ভবোৰ নষ্ট কৰিব ।

3অৱশ্যে তেওঁবিলাকে এতিয়া কব, আমাৰ ৰজা নাই, কিয়নো আমি যিহোৱাক ভয় নকৰোঁ ; যি ৰজা আছে, তেওঁ আমাৰ নিমিত্তে কি কৰিব পাৰে ?

4তেওঁবিলাকে অনৰ্থক কথা কয়, নিয়ম স্থাপন কৰোঁতে মিছাকৈ শপত খায় ; এই হেতুকে পথাৰৰ সীৰলুত গজা বিহ গছৰ নিচিনাকৈ বিচাৰ উৎপন্ন হৈছে ।

5চমৰীয়া-নিবাসীবিলাকে বৈৎ-আবনৰ দামুৰি কেইটাৰ বিষয়ে ভয় পাব ; তাৰ প্ৰজাবিলাকে তাৰ নিমিত্তে শোক কৰিব, আৰু গৌৰৱ তাৰ পৰা গুচি যোৱা দেখি, তাৰ ওপৰত আনন্দ কৰা পুৰোহিতবিলাকে তাৰ গৌৰৱৰ কাৰণে শোক কৰিব ।

6যুদ্ধকাৰী ৰজাৰ উপহাৰস্বৰূপে তাকো অচূৰলৈ নিয়া যাব ; ইফ্ৰয়িমে লাজ পাব আৰু ইস্ৰায়েল নিজ মন্ত্ৰণাত লজ্জিত হব ।

7চমৰিয়াৰ বিষয়ে হলে, তাৰ ৰজা উচ্ছন্ন হল, পানীত উটি যোৱা ফেন এসোপাৰ নিচিনা হল ।

8আৰু ইস্ৰায়েলৰ পাপজনক আবনৰ ওখ ঠাইবোৰো বিনষ্ট হব ; সেইবোৰৰ যজ্ঞবেদিৰ ওপৰত কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি হব ; আৰু তেওঁবিলাকে পৰ্ব্বতবোৰক কব, আমাক ঢাকা, আৰু গিৰিবোৰক কব, আমাৰ ওপৰত পৰা ।

9হে ইস্ৰায়েল, গিবিয়াৰ দিনৰে পৰা তুমি পাপ কৰি আহিছা ; তেওঁবিলাক যেন সেই ঠাইতহে আছে ; অধৰ্ম্মৰ সন্তানবিলাকৰ অহিতে হোৱা যুদ্ধই জানো গিবিয়াত তেওঁবিলাকক আক্ৰমণ নকৰিব ?

10যেতিয়াই মোৰ ইচ্ছা হয়, তেতিয়াই মই তেওঁবিলাকক শাস্তি দিম ; তেওঁবিলাকৰ দুটা অপৰাধৰূপ যুৱলিত তেওঁবিলাক বন্ধ হবৰ সময়ত তেওঁবিলাকৰ অহিতে জাতিবোৰক গোটোৱা হব ।

11আৰু ইফ্ৰয়িম মৰণা মাৰিবলৈ ভাল পোৱা বন লগোৱা, চাঁউৰী গৰুৰ নিচিনা ; মই তাইৰ সুন্দৰ ডিঙিত যুঁৱলি দিম, ইফ্ৰয়িমক নাঙল টনোৱাম ; যিহূদাই নাঙল টানিব, আৰু যাকোবে চপৰা ভাঙিব ।

12তোমালোকে তোমালোকৰ নিমিত্তে ধাৰ্ম্মিকতাত কঠীয়া বোৱা, আৰু দয়া অনুসাৰে দোৱা, পতিত ভূমি চহোৱা ; কিয়নো, যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্ম্মিকতাৰূপ বৃষ্টি নবৰ্ষোৱালৈকে, তেওঁক বিচাৰিবৰ সময় আছে ।

13তোমালোকে দুষ্টতাৰূপ ভূমি চহালা, অন্যায়ৰূপ শস্য দালা, আৰু প্ৰবঞ্চক ফল ভোজন কৰিলা ; কিয়নো তুমি তোমাৰ পথত তোমাৰ বীৰবিলাকৰ বাহুল্যত বিশ্বাস কৰিলা ।

14এই নিমিত্তে তোমাৰ স্বজাতীয়বিলাকৰ মাজত কোলাহল উঠিব, আৰু যুদ্ধৰ দিনা চলমনে বৈৎ-অৰ্বেলক নষ্ট কৰাৰ নিচিনাকৈ তোমাৰ আটাই দুৰ্গ নষ্ট কৰা হব ; সেই সময়ত মাক আৰু সন্তানবিলাকক আছাৰি ডোখৰ ডোখৰ কৰা হৈছিল ।

15তোমালোকৰ অতি দুষ্টতাৰ কাৰণে বৈৎ-এলে তোমালোকলৈ ইয়াক ঘটাব ; ইস্ৰায়েৰ ৰজা অৰুণোদয়ত একেবাৰে উচ্ছন্ন হব ।


  Share Facebook  |  Share Twitter

 <<  Hosea 10 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran