Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 7 >> 

1যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব খোজোঁ, তেতিয়া ইফ্ৰয়িমৰ অপৰাধ আৰু চমৰিয়াৰ দুষ্টতা প্ৰকাশ পায় ; কিয়নো তেওঁবিলাকে প্ৰবঞ্চনা কৰে, ভিতৰত চোৰ সোমায়, আৰু বাহিৰত ডকাইতৰ দলে লুট কৰে ।

2আৰু মই যে তেওঁবিলাকৰ আটাই দুষ্টতা মনত ৰাখোঁ, তাক তেওঁবিলাকে মনত বিবেচনা নকৰে ; এতিয়া তেওঁবিলাকৰ নিজ নিজ কাৰ্য্যবোৰে তেওঁবিলাকক বেৰি ধৰিছে, সেইবোৰ মোৰ চকুৰ আগত আছে ।

3তেওঁবিলাকে নিজ নিজ দুষ্টতাৰে ৰজাক, আৰু নিজ নিজ মিছা কথাৰে প্ৰধান লোকবিলাকক আনন্দিত কৰে ।

4তেওঁবিলাক আটাইবোৰ ব্যভিচাৰী, ৰুটীৱালাই তপত কৰা তন্দুৰস্বৰূপ ; তেওঁ আটাগুড়ি খচাৰে পৰা ৰুটী নুফুলালৈকে জুই বঢ়াই দিবলৈ এৰে ।

5আমাৰ ৰজাৰ উৎসৱৰ দিনা প্ৰধান লোকবিলাকে দ্ৰাক্ষাৰসৰ ৰাগীৰে নিজকে নৰিয়া কৰিলে ; তেওঁ নিন্দকবোৰে সৈতে হাতত ধৰাধৰিকৈ গৈছিল ।

6কিয়নো তেওঁবিলাকে খাপ দি থাকোতে নিজ নিজ মন তন্দুৰৰ নিচিনা কৰে ; তেওঁবিলাকৰ ৰুটীৱালা ওৰে ৰাতি শুই থাকে, ৰাতিপুৱা সেই তন্দুৰ প্ৰচণ্ড অগ্নিৰ নিচিনাকৈ জ্বলে ।

7তেওঁবিলাক আটাইবোৰ তন্দুৰৰ নিচিনা তপত, তেওঁবিলাকে তেওঁবিলাকৰ বিচাৰকৰ্ত্তাবিলাকক গ্ৰাস কৰে ; তেওঁবিলাকৰ আটাই ৰজা পতিত হল ; তেওঁবিলাকৰ মাজত মোৰ আগত প্ৰাৰ্থনা কৰোঁতা কোনো নাই ।

8ইফ্ৰয়িম জাতিবিলাকে সৈতে মিহলি হল ; ইফ্ৰয়িম লুটিয়াই নিদিয়া পিঠাৰ নিচিনা ।

9বিদেশীবোৰে তাৰ বল গ্ৰাস কৰিলে, কিন্তু সি তাক নাজানে ; এনে কি, তাৰ মুৰৰ ঠায়ে ঠায়ে চুলি পকিছে, কিন্তু সি তাক নাজানে ।

10আৰু ইস্ৰায়েলৰ গৌৰৱ-ভূমিয়ে তাৰ মুখৰ আগত সাক্ষ্য দিছে ; তথাপি এই সকলোতো তেওঁবিলাকে তেওঁবিলাকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা নাই, বা তেওঁক বিচৰা নাই ।

11আৰু ইফ্ৰয়িম অজলা কপৌৰ নিচিনা, বুদ্ধি নাইকিয়া ; তেওঁবিলাকে মিচৰক মাতে, অচূৰৰ ওচৰলৈ যায় ।

12তেওঁবিলাক যোৱামাত্ৰকে মই ওপৰত মোৰ জাল পেলাম, আকাশৰ চৰাইৰ নিচিনাকৈ মই তেওঁবিলাকক নমাম ; তেওঁবিলাকৰ মণ্ডলীয়ে শুনাৰ দৰেই মই তেওঁবিলাকক শাস্তি দিম ।

13তেওঁবিলাকৰ সন্তাপ হব, কিয়নো তেওঁবিলাক মোৰ পৰা ভ্ৰমি ফুৰিছে ; তেওঁবিলাকৰ বিনাশ হব, কিয়নো তেওঁবিলাকে মোৰ বিৰুদ্ধে সত্য-লঙ্ঘন কৰিলে ; যদিও মই তেওঁবিলাকক মুক্ত কৰিব খুজিছোঁ, তথাপি তেওঁবিলাক হলে মোৰ বিৰুদ্ধে মিছা কথা কৈছে ।

14তেওঁবিলাকে অন্তৰে সৈতে মোৰ আগত কাতৰোক্তি নকৰি নিজ নিজ শয্যাত হাহাকাৰ কৰে ; তেওঁবিলাকে শস্য আৰু দ্ৰাক্ষাৰসৰ কাৰণে গোট খায়, মোৰ অহিতে বিদ্ৰোহ কৰে ।

15যদিও মই শিক্ষা দি তেওঁবিলাকৰ বাহু সবল কৰিলোঁ, তথাপি তেওঁবিলাকে হলে, মোৰ বিৰুদ্ধে কুকল্পনা কৰে ।

16তেওঁবিলাকে ঘূৰে, কিন্তু ওপৰত থকা জনালৈ নহয় ; তেওঁবিলাক প্ৰবঞ্চক ধনুৰ নিচিনা ; তেওঁবিলাকৰ অধিপতিবিলাক নিজ নিজ জিবাৰে কোৱা খঙৰ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হব ; এয়ে মিচৰ দেশত তেওঁবিলাকৰ হাঁহিয়াতৰ কাৰণ হব ।


  Share Facebook  |  Share Twitter

 <<  Hosea 7 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran