Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 15 >> 

1তাতে তৈমনিয়া ইলীফজে পুনৰায় উত্তৰ কৰি কলে,

2জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে, বা পূবৰ বায়ুৰে উদৰ পূৰ কৰে?

3সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়, বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰা? তুমি হলে এই সকলোকে কৰিছা,

4এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা, আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা।

5কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে, আৰু তুমি ধূৰ্ত্তবোৰৰ জিবা মনোনীত কৰিছা।

6তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই; তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে।

7মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে? আৰু পৰ্ব্বতবোৰৰ পূৰ্ব্বেই জানো তোমাৰ জন্ম হৈছিল?

8তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে? আৰু তোমাৰ নিজৰ নিমিত্তে জ্ঞান ৰাখি থেছা নে?

9তুমি নো আমি নজনা কথা কি জানা? তুমি নো আমি নুবুজা কথা কি বুজিছা?

10আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলীয়াও আছে; তেওঁবিলাক তোমাৰ পিতৃত্কৈয়ো অতি বৃদ্ধ।

11ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে? আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে?

12তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা, আৰু এনে কথা মুখৰ পৰা উলিয়াইছা,

13তোমিৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে? আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে?

14মৰ্ত্ত্য নো কি, যে তেওঁ শুচি হব পাৰে? তিৰোতাৰ পৰা জন্ম পোৱা মনুষ্য নো কি, য, তেওঁ ধাৰ্ম্মক হব পাৰে?

15চোৱা তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে, এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়।

16তেন্তে, জলৰ দৰে অধৰ্ম্ম পান কৰোতা, ঘৃণনীয়, আৰু ভ্ৰষ্ট মনুষ্য কিমান কম পৰিমানা শুচি হব পাৰে।

17মই তোমাক কওঁ, মোৰ কথা শুনা; যি দেখিলোঁ, মই তাক প্ৰকাশ কৰোঁ;

18যিবিলাকৰ হাতত দেশ শোধাই দিয়া হৈছিল, আৰু যিবিলাকৰ মাজত কোনো বিদেশী ফুৰা নাছিল,

19জ্ঞনীবিলাকে তেওঁবিলাকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি, গুপুতে নাৰাখি এই কথা কয়,

20দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়, অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়।

21ভয়ৰ শব্দ তাৰ কাণতা থাকে; সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে।

22সি যে আন্ধাৰৰ পৰা উলটি আহিব, তাক সি বিশ্বাস নকৰে; তৰোৱালে তালৈ বাট চাই আছে।

23সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ক’ত আছে? সি জানে, যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্তত আছে।

24ক্লেশ আৰু মনৰ তাপে চাক ভয় দেখুৱায়; যুদ্ধৰ নিমিত্তে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে।

25কাৰণ, সি ঈশ্বৰৰ অহিতে হাত মেলিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে।

26সি ফেৰ পাতি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰিলে।

27কিয়নো সি তেল ধৰাই নিজৰ মুখ নোদোকা কৰিলে, আৰু নিজৰ তপিনাৰ তৰপে তৰপে তেল ধৰালে;

28সি উচ্ছন্ন নগৰত বাস কৰিলে; আৰু য’ত কোনেও বাস নকৰে, শিলৰ দ’ম হবলগীয়া এনে ঘৰত বহতি কৰিলে।

29সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব; সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব।

30সি আদ্ধাৰৰ পৰা নাসাৰিব; অগ্নি-শিকাই তাৰ ঠালবোৰ শুকুৱাব, আৰু সি তেওঁৰ মুখৰ ফঁতে উড়ি যাব।

31সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বস নকৰক; কিয়নো অসাৰতাই তাৰ বেচ হব।

32তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হব, আৰু তাৰ খাজুৰ পাত কেঁচাই নাথাকিব।

33সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব, আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব।

34কিয়নো অধৰ্ম্মীবোৰৰ সমাজ বন্ধ্যা হব, আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নয়ে গ্ৰস কৰিব।

35সিহঁতে অনিষ্ট গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে; সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।


  Share Facebook  |  Share Twitter

 <<  Job 15 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran