1তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।
2তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; তেওঁ ছাঁৰ দৰি বেগেৰে চলি যায়, স্তিৰ হৈ নাথাকে;
3এনে লোকলৈ তুমি চকু মেলিছা, আৰু এনেকুৱা যি মই, মোকেই তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা।
4অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? কোনেও নোৱাৰে।
5তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হল, তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, আৰু তেওঁ পাৰ হব নোৱাৰাকৈ তুমি তৈওঁৰ সীমা স্থাপন কৰিলা;
6সেই দেখি, বেচ খোৱাৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰে মানে, তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া।
7কিয়নো গছৰ আশা আছে, তাক কাটিলেও সি আকৌ পোখা মেলে, আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়।
8যদি মাটিত তাৰ শিপা বুঢ়া হয়, আৰু ভুমিত তাৰ মূৰাতো মৰে,
9তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ঠাল মেলে।
10কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; মনুষ্যই প্ৰাণত্যাগ কৰিলে ক’ত থাকিব আৰু?
11যেনেকৈ জলাহৰ পানী ঢুকাই যায়, আৰু নৈৰ পানী শুকাই সমুলি নাইকিয়া হয়,
12তেনেকৈ মানুহ শুলে লোঠে আৰু; আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁবিলাকে সাৰ নাপায়, আৰু তেওঁবিলাকক নিদ্ৰাৰ পৰা জগোৱা নহয়।
13অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হলে, তোমাৰ ক্ৰোধ মাৰ নাযায়মালে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ নিমিত্তে এক সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হলে, কেনে ভাল আছিল!
14মানুহ নৰিলে পুনৰায় জীব নে? যদি জীয়ে, তেন্তে মোক বদলি নকৰেমানে, মই তোমাৰ সৈন্যবৃত্তিৰ দিন কেইটা বাট চায় থাকিম।
15তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্ম্মলৈ হাবিয়াহ কৰিবা।
16কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো লেখ কৰিছা; তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই?
17মোৰ অধৰ্ম্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা।
18কিন্তু পৰ্ব্বতো পৰি নাইকিয়া হয়, আৰু বৃহৎ শিলকো নিজ ঠাইৰ পৰা গুচুউৱা হয়।
19পানীয়া শিলবোৰকো ক্ষয় নিয়ায়, তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; সেইৰে তুমি মানুহৰ আশাকো ভঙা।
20তুমি তেওঁক একেবাৰে মৰণন্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়। তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া।
21তেওঁৰ পুতেকবিলাক মৰ্য্যদাৱন্ত হলে, তাক তেওঁ নাজানে; আৰু সিহঁতৰ হীনাৱস্তা হলেও, তেওঁ তাৰ গম নাপায়।
22কিন্তু তেওঁৰ নিজৰ শৰীৰে বেদনা পায়, আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।