1তুমি ঈশ্বৰৰ গৃহলৈ যোৱা কালত তোমাৰ ভৰি সাৱধানে ৰাখিবা; কাৰণ অজ্ঞানবোৰৰ দৰে বলিদান কৰাতকৈ, শুনিবলৈ ওচৰ চপাই ভাল; কিয়নো সিহঁতে যে বেয়া কাম কৰিছে, তাক সিহঁতে নাজানে।
2তোমাৰ মুখেৰে অবিবেচনাৰূপে কথা নকবা, আৰু ঈশ্বৰৰ আগত কথা উচ্চাৰণ কৰিবলৈ তোমাৰ মনক বেগী হব নিদিবা; কিয়নো ঈশ্বৰ স্বৰ্গত আৰু তুমি পৃথিবীত আছা; এই হেতুকে তোমাৰ কথা অলপ হওক।
3কিয়নো অধিক কাৰ্য্যৰ দ্বাৰাই সপোন দেখা যায়, আৰু অধিক বাক্যৰ দ্বাৰাই অজঞানৰ মাত বুজা যায়।
4ঈশ্বৰৰ আগত সংকল্প কৰিলে, তাক সিদ্ধ কৰিবলৈ পলম নকৰিবা; কিয়নো তেওঁ অজ্ঞান বোৰত সন্তোষ নাপায়; তুমি যি সংকল্প কৰা, তাক সিদ্ধ কৰা।।
5সংকল্প কৰি সিদ্ধ নকৰাতকৈ সংকল্প নকৰাই ভাল।
6তুমি শৰীৰৰ অধীনে থাকি পাপ কৰিবলৈ তোমাৰ মুখক নিদিবা; আৰু সেইটো ভুল হ’ল; এনে কথা দূতৰ আগত নকবা; ঈশ্বৰে কিয় তোমাৰ বাক্যত ক্ৰোধ কৰি তোমাৰ হাতৰ কাৰ্য্য নষ্ট কৰিব?
7কিয়নো অধিক সপোন আৰু অসাৰতাত, আৰু বাক্যৰ বাহুল্যত এনে ঘটে। কিন্তু তুমি ঈশ্বৰক ভয় কৰা।
8তুমি প্ৰদেশত দৰিদ্ৰক অত্যাচাৰ কৰা, বলেৰে বিচাৰ আৰু ন্যায় দুৰ কৰা দেখিলে, সেই কথাত আচৰিত নামানিবা; কিয়নো ওখ পদত থাকোঁতা লোকতকৈয়ো ওখ পদত থাকোঁতা আন এজনে চকু দিয়ে; আকৌ তেওঁবিলাকতকৈয়ো আৰু ওখ পদত থকা লোক আছে।
9কিন্তু খেতি নিৰ্ভৰ কৰা ৰজা সকলোভাবে দেশৰ মঙ্গলস্বৰূপ।
10যি মানুহে ৰূপ ভাল পায়, তেওঁ ৰূপত তৃপ্ত নহয়; নাইবা যি মানুহে অধিক ধন-সম্পত্তি ভাল পায়, সি আয়ত তৃপ্ত নহয়। ইও অসাৰ।
11ধন-সম্পত্তি বাঢ়িলে তাক খাওঁতাও বাঢ়ে; এতেকে তাক চকুৰে দেখাৰ বাহিৰে তাৰ গৰাকীবিলাকৰ কি লাভ ?
12বনুৱা লোকে সৰহ বা অলপ আহাৰ কৰিলেও, তাৰ টোপনি সন্তোষজনক; কিন্তু ধনৱানৰ অধিক ধন-সম্পত্তিয়ে তাক টোপনি যাব নিদিয়ে।
13মই সুৰ্য্যৰ তলত যন্ত্ৰণাদায়ক এই অনিষ্ট দেখিলোঁ, যে, ধনৰ গৰাকীৰ অপকাৰলৈহে ধন ৰখা হয়।
14সেই ধন দুৰ্ঘটনাত নষ্ট হয়; আৰু পুত্ৰ এটি জন্মিলে তাৰ হাতত একোৱেই নাথাকে।
15মাকৰ গৰ্ভৰ পৰা যেনেকৈ সি বিবস্ত্ৰে আহে, তেনেকৈ পুনৰায় সেই অহাৰ দৰে বিবস্ত্ৰে যায়, আৰু সি নিজ পৰিশ্ৰমৰ মাজত হাতত লৈ যাব পৰাখিনিও লগত লৈ যাব নোৱাৰে।
16সি যেনেকৈ আহে, সকলোভাবে তেনেকৈয়ে যায়; ইও যন্ত্ৰণাদায়ক অনিষ্ট। তেন্তে বতাহক ধৰিবলৈ পৰিশ্ৰম কৰাত তাৰ কি লাভ?
17সি জীৱন সকলো কালতেই অন্ধকাৰত আহাৰ কৰে, আৰু তাৰ অধিক বেজাৰ, নৰিয়া, আৰু ক্ৰোধ হয়।
18চোৱা, ঈশ্বৰে মানুহক জীৱনৰ যি কেইটো দিন দিছে, সেই সমস্ত দিন সুৰ্য্যৰ তলত কৰা সকলো পৰিশ্ৰমৰ ভিতৰত ভোজন-পান আৰু সুখভোগ কৰাকেই মই উত্তম আৰু সুন্দৰ দেখিলো, কিয়নো এয়েই তাৰ পাবলগীয়া ভাগ।
19ঈশ্বৰে যি যি লোকক ধন-সম্পত্তি আৰু বহুমুল্য বস্তু দান কৰি তাক ভোগ কৰিবলৈ, আৰু নিজ ভাগ লবলৈ, আৰু নিজৰ পৰিশ্ৰমত আনন্দ কৰিবলৈ ক্ষমতা দিয়ে, সেই সকলো লোকলৈ ইও ঈশ্বৰৰ দান।
20কিয়নো ঈশ্বৰে তাৰ মনত আনন্দ জন্মায় তাক উত্তৰ দিয়াত, সি নিজৰ আয়ুসৰ দিন কেইটা বিস্তৰ সোঁৱৰণ নকৰে।