Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 6 >> 

1পাছে দাৰিয়াবচে উচিত দেখি, গোটেই ৰাজ্যত ঠায়ে ঠায়ে থাকিবলৈ এশ বিশ জন ক্ষিতিপাল নিযুক্ত কৰিলে;

2আৰু সেই ক্ষিতিপালবিলাকে যেন হিচাব দিয়ে, আৰু ৰজাৰ হানি নহয়, এই নিমিত্তে তেওঁবিলাকৰ ওপৰত তিনি জন প্ৰধান বিষয়া পাতিলে; তেওঁবিলাকৰ ভিতৰত দানিয়েল আছিল।

3সেই সময়ত, এই দানিয়েলৰ অন্তৰত উত্তম আত্মা থকাত, আন দুজন প্ৰধান বিষয়াতকৈ আৰু ক্ষিতিপালবিলাকতকৈ তেওঁ প্ৰধান আছিল; এই নিমিত্তে ৰজাই তেওঁক, সমুদায় ৰাজ্যৰ ওপৰত নিযুক্ত কৰিবলৈ মন কৰিলে।

4তাতে আন দুজন প্ৰধান বিষয়া আৰু ক্ষিতিপালবিলাকে ৰাজকাৰ্য্যৰ বিষয়ে দানিয়েলৰ অহিতে ছিদ্ৰ বিচাৰিলে, কিন্তু কোনো ছিদ্ৰ কি দোষ পাব নোৱাৰিলে; কিয়নো তেওঁ বিশ্বাসী আছিল, তেওঁত কোনো ভুল বা দোষ পোৱা নগ’ল।

5তেতিয়া সেই মানুহবিলাকে ক’লে, আমি সেই দানিয়েলৰ ঈশ্বৰৰ ব্যৱস্থাৰ বিষয়ে ছিদ্ৰ নাপালে, তেওঁৰ অহিতে কোনো ছিদ্ৰ নাপাম।

6পাছে সেই দুজন বিষয়া আৰু ক্ষিতিপালবিলাকে গোট খাই ৰজাৰ ওচৰলৈ গৈ এই কথা ক’লে, মহাৰাজ দাৰিয়াবচ চিৰজীৱী হওক।

7হে মহাৰাজ, ৰাজ্যৰ প্ৰধান বিষয়া, প্ৰতিনিধি, ক্ষিতিপাল, ৰাজমন্ত্ৰী, আৰু দেশাধক্ষ্যবিলাকে মন্ত্ৰণা কৰি, এই ৰাজাজ্ঞা স্থাপন কৰা আৰু দৃঢ় নিষেধ কৰা উচিত দেখিছে, যে, যি কোনো মানুহে ত্ৰিশ দিনৰ ভিতৰত হে মহাৰাজ, আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰিব, তাক সিংহৰ গাঁতত পেলোৱা যাব।

8এতিয়া মহাৰাজে এই নিষেধ-আজ্ঞা স্থাপন কৰক, আৰু মাদীয়া ও পাৰসীকবিলাকৰ অলৰ ব্যৱস্থা অনুসাৰে সলনি কৰিব নোৱাৰাকৈ এই লিখা পত্ৰত চহি দিয়ক।

9এতেকে দাৰিয়াবচ ৰজাই, সেই লিখা আজ্ঞা আৰু নিষেধ-পত্ৰত চহি দিলে।

10পত্ৰখনত চহি দিয়া কথা দানিয়েলে জানি নিজৰ ঘৰলৈ গল; (সেই সময়ত তেওঁৰ ওপৰ-কোঁঠালিৰ যি খিৰিকী দুৱাৰবোৰ যিৰূচালেমৰ ফালে আছিল, সেইবোৰ মেলা আছিল) আৰু তেওঁ আগেয়ে কৰা নিচিনাকৈ দিনটোৰ ভিতৰত তিনিবাৰ আঁঠু পাৰি নিজ ঈশ্বৰৰ আগত প্ৰাৰ্থনা আৰু তেওঁৰ স্তুতিগান কৰিলে।

11তেতিয়া সেই মানুহবিলাকে গোট খাই আহি দানিয়েলক তেওঁ ঈশ্বৰৰ আগত প্ৰাৰ্থনা আৰু মিনতি কৰা পালে।

12তাতে তেওঁবিলাকে গৈ নিষেধ-পত্ৰৰ বিষয়ে ৰজাক ক’লে, বোলে, যি কোনো মানুহে ত্ৰিশদিনৰ ভিতৰত হে মহাৰাজ, আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰিব, তাক সিংহৰ গাঁতত পেলোৱা যাব, এনে নিষেধ-পত্ৰত জানো আপুনি চহি দিয়া নাই? ৰজাই উত্তৰ কৰিলে হয়, মাদীয়া আৰু পাৰসীকবিলাকৰ অলৰ ব্যৱস্থা অনুসাৰে সেই কথা থিৰ কৰা হ’ল।

13তেতিয়া তেওঁবিলাকে ৰজাৰ আগত উত্তৰ দি ক’লে, হে মহাৰাজ, দেশান্তৰিত যিহুদীবিলাকৰ মাজত যি দানিয়েল, তেওঁ আপেনাক, আৰু আপুনি চহি দিয়া মিষেধ পত্ৰকো নামানে; কিন্তু প্ৰতি দিনে তিনিবাৰ প্ৰৰ্থনা কৰে,

14তাতে ৰজাই সেই কথা শুনি অতিশয় বেজাৰ পালে আৰু দানিয়েলক ৰক্ষা কৰিবলৈ বৰ মন কৰিলে, আৰু বেলি মাৰ নোযোৱালৈকে তেওঁক উদ্ধাৰ কৰিবলৈ অনেক যত্ন কৰিলে।

15পাছে সেই মানুহবিলাকে আকৌ গোট খাইৰজাৰ ওচৰলৈ গৈ ৰজাক ক’লে, হে মহাৰাজ, আপুনি জানিব, যে, ৰজাই স্থাপন কৰা কোনো নিষেধ-আজ্ঞা বা বিধি সলনি হ’ব নোৱাৰে মাদীয়া আৰু পাৰসীয়াবিলাকৰ এই ব্যৱস্থা।

16তেতিয়া ৰজাৰ আজ্ঞাৰে দানিয়েলক নি সিংহৰ গাতত পেলোৱা হ’ল। ৰজাই দানিয়েলক ক’লে, তুমি সদায় যি জনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব।

17পাছে এটা শিল আনি গাঁতৰ মুখত দিয়া হ’ল; আৰু দানিয়েলৰ বিষয়ে কোনো কথা সলনি নহবৰ নিমিত্তে ৰজাই নিজৰ মোহৰেৰে, আৰু প্ৰধান লোকবিলাকৰ মোহৰেৰে তাত ছাব মাৰিলে।

18আৰু ৰজাই নিজৰ ৰাজ গৃহলৈ লঘোনে ৰাতি নিয়ালে, আৰু তেওঁৰ ওচৰলৈ কোনো বাদ্যযন্ত্ৰ নিবলৈ নিদিলে, তেওঁ টোপনিও নাহিল।

19পাছে ৰজাই ৰাতিপুৱা অতি সোনকালে উঠি সিংহৰ গাঁতলৈ বেগাই গ’ল।

20তেওঁ গাঁতলৈ গৈ দানিয়েলৰ ওচৰ পালত শোক ধ্বনিৰে দানিয়েলক মাতিলে; ৰজাই দানিয়েলক ক’লে হে জীবন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যি জনাক সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোনাক ৰক্ষা কৰিব পাৰিলে নে?

21তেতিয়া দানিয়েলে ৰজাক ক’লে, মহাৰাজ চিৰজীৱী হওক।

22মোৰ ঈশ্বৰে তেওঁ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহতে মোক দুখ দিয়া নাই; কিয়নো তেওঁ মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।

23তেতিয়া ৰজাই অতিশয় আনন্দিত হৈ দানিয়েলক গাতৰ পৰা তুলিবলৈ আজ্ঞা কৰিলে, তাতে দানিয়েলক গাতৰ পৰা তোলা হলত, তেওঁৰ গাত কোনো প্ৰকাৰ দোষ পোৱা চিন দেখা নগল; কাৰণ নিজ ঈশ্বৰত তেওঁৰ বিশ্বাস আছিল।

24পাছে ৰজাৰ আজ্ঞাৰে, দানিয়েলৰ অহিতে চুকলি লগোৱাবোৰক আনি নিজ নিজ লৰা-তিৰেতাবোৰে সৈতে সিংহৰ গাঁতত পোলোৱা হ’ল; তাতে সিহঁতে গাতৰ তলি নৌ পাওঁতেই সিংহবোৰে সিহঁতক আক্ৰমণ কৰি সিহঁতৰ হাড়বোৰ গুড়ি কৰিলে।

25তেতিয়া দাৰিয়াবচ ৰজাই গোটেই পৃথিৱী-নিবাসী সকলো জাতি , দেশৰ আৰু ভাষাৰ লোকলৈ এই পত্ৰ লিখিলে, বোলে, তোমালোকলৈ শান্তি হওক।

26মই এই আজ্ঞা প্ৰচাৰ কৰিছোঁ যে, মোৰ ৰাজ্যৰ সকলো ঠাইৰ লোকবিলাকে দানিয়েলৰ ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক আৰু তেওঁক ভয় কৰক; কিয়নো তেওঁ জীবন্ত ঈশ্বৰ, আৰু চিৰকাললৈকে থাকোঁতা; তেওঁৰ ৰাজ্য অবিনাশী, তেওঁৰ শাসন শেষলৈকে থাকিব।

27যিজনাই দানিয়েলক সিংহৰ হাতৰ পৰা ৰক্ষা কৰিলে, তেওঁৱেই নিস্তাৰকৰ্ত্তা আৰু উদ্ধাৰকৰ্ত্তা; তেওঁ স্বৰ্গ আৰু পৃথিৱীত অদ্ভুদ লক্ষণ আচৰিত লক্ষণ দেখুওঁতা।

28এইদৰে দানিয়েলে দাৰিয়াবচৰ আৰু পাৰস্যৰ কোৰচৰ ৰাজত্বৰ সময়ত ভাগ্যৱান হৈ উঠিল।


  Share Facebook  |  Share Twitter

 <<  Daniel 6 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran