Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 5 >> 

1এদিন বেলচচৰ ৰজাই তেওঁৰ এক হাজাৰ প্ৰধান লোকক এটা বৰ ভোজ দিলে, আৰু সেই এক হাজাৰ লোকৰ সাক্ষাতে দ্ৰাক্ষাৰস পান কৰিলে।

2পাছে বেলচচৰে দ্ৰাক্ষাৰস পান কৰি থাকোঁতে, যিৰূচালেমত থকা মন্দিৰৰ পৰা তেওঁৰ পিতৃ নবূখদনেচৰে অনা সোনৰ আৰু ৰূপৰ পাত্ৰবোৰত ৰজা আৰু তেওঁৰ প্ৰধান লোকবিলাকে, তেওঁৰ পত্নী আৰু উপপত্নীবিলাকে পান কৰিবৰ অৰ্থে, সেই পাত্ৰবোৰ আনিবলৈ আজ্ঞা কৰিলে।

3তেতিয়া, যিৰূচালেমত থকা মন্দিৰ ঈশ্বৰৰ গৃহৰ পৰা অনা সেই সোনৰ পাত্ৰবোৰ নিয়া হলত, ৰজা আৰু তেওঁ প্ৰধান লোকবিলাকে, তেওঁৰ পত্নী আৰু উপপত্নীবিলাকে সেইবোৰত পান কৰিলে।

4তেওঁবিলাকে দ্ৰাক্ষাৰস পান কৰি কৰি সোণ, ৰূপ, পিতল, লোহা, কাঠ, আৰু শিলৰ দেৱতাবোৰৰ প্ৰশংসা কৰিলে।

5সেই মুহূৰ্ত্ততে এজন হাতৰ আঙুলি ওলাই, ৰাজগৃহৰ দেৱালত লিপা চূণৰ ওপৰত, ওলোমাই থোৱা প্ৰদীপৰ আগত লিখিছিল ৰজাই তাৰ আগভাগ দেখিলে।

6তাতে ৰজাৰ মুখ বিবৰ্ণ হ’ল, তেওঁ চিন্তাত ব্যাকুল হ’ল, তেওঁৰ কঁকালৰ জোৰা ঢিলা হৈ গ’ল, আৰু তেওঁৰ আঁঠুত আঁঠু লাগিবলৈ ধৰিলে।

7ৰজাই বৰ মাতেৰে গণক, কলদীয়া, আৰু জ্যোতিষীয়া লোকবিলাকক আনিবলৈ আজ্ঞা কৰিলে। ৰজাই বাবিলৰ বিদ্বানবিলাকক ক’লে, যি কোনো মানুহে এই লিখা কথা পাঠ কৰি ইয়াৰ অৰ্থ মোক জনাব, তেওঁক বেঙেনা বৰণীয়া সাজেৰে সজোৱা হ’ব, তেওঁৰ ডিঙিত সোণৰ হাৰ দিয়া হ’ব, আৰু তেওঁ ৰাজ্য তৃতীয় শ্ৰেণীৰ বিষয়া হ’ব।

8তাতে ৰজাৰ আটাই বিদ্বানলোক ভিতৰত সোমাল; কিন্তু তেওঁবিলাকে সেই লিখা কথা পাঠ কৰিব বা ৰজাক তাৰ অৰ্থ জনাব নোৱাৰিলে।

9তেতিয়া বেলচচৰ ৰজা অতিশয় ব্যাকুল হ’ল, তেওঁৰ মুখ বিবৰ্ণ হ’ল, আৰু তেওঁৰ প্ৰধানলোকবিলাকো বিহ্ববল হ’ল।

10পাছে ৰজাৰ আৰু তেওঁৰ প্ৰধানলোকবিলাকৰ সেই কথা শুনি ৰাণী ভোজৰ ঘৰলৈ আহিল। ৰাণীয়ে ক’লে, বোলে, মহাৰাজ চিৰজীৱী হওক; আপুনি চিন্তাত ব্যাকুল নহ’ব, আৰু আপোনাৰ মুখ বিবৰ্ণ নহওক।

11পবিত্ৰ দেৱতাবিলাকৰ আত্মা থকা এজন পুৰুষ আপোনাৰ ৰাজ্য মাজত আছে; আপোনাৰ পিতৃৰ দিনত তেওঁত বুদ্ধি, বিবেচনা, আৰু দেৱতাবিলাকৰ জ্ঞানৰ নিচিনা জ্ঞান পোৱা গৈছিল। আপোনাৰ পিতৃ নবুখদনেচৰ ৰজাই, হয় মহাৰজা, আপোনাৰ পিতৃয়ে তেওঁক শাস্ত্ৰজ্ঞ, গণক, কলদীয়া, আৰু জ্যোতিষীয়াবিলাকৰ অধ্যক্ষ নিযুক্ত কৰিছিল;

12কিয়নো তেওঁৰ অন্তৰত উত্তম আত্মা, জ্ঞান, বুদ্ধি, আৰু সপোনৰ ফলিতা কব পৰা, নিগূঢ় বাক্য জনাব পৰা, আৰু সংশয় দুৰ কৰিব পৰা গুণ পোৱা গৈছিল; তেওঁৰ নাম দানিয়েল, ৰজাই তেওক বেলটচচৰ নাম দিছিল। এই হেতুকে সেই দানিয়েলক মতা যাওক, তেওঁ অৰ্থ বুজাব।

13তেতিয়া দানিয়েক ৰজাৰ ওচৰলৈ নিয়া হলত, ৰজাই দানিয়েলক কলে, বোলে, মোৰ পিতৃ মহাৰজাই যিহূদা দেশৰ পৰা অনা দেশান্তৰিত যিহূদী লোকবিলাকৰ মাজত যি দানিয়েল আছিল, সেই জন তুমি নে ?

14তোমাৰ বিষয়ে মই শুনিছোঁ, যে, তোমাৰ অন্তৰত দেৱতাবিলাকৰ আত্মা আছে, আৰু তোমাৰ বুদ্ধি, বিবেচনা, আৰু উওম জ্ঞান পোৱা যায়।

15সম্প্ৰতি এই লিখা কথা পাঠ কৰিবলৈ, আৰু ইয়াৰ অৰ্থ মোক বুজাবলৈ বিদ্বান আৰু গণকবিলাকক মোৰ গুৰিলৈ অনা হল; তেওঁবিলাকে কথাখিনিৰ অৰ্থ বুজাব নোৱাৰিলে।

16কিন্তু মই তোমাৰ বিষয়ে শুনিছোঁ, যে, তুমি অৰ্থ বুজাব পাৰা, আৰু সংশয় দুৰ কৰিব পাৰা; এতিয়া তুমি যদি এই লিখা কথা পাঠ কৰিব, আৰু ইয়াৰ অৰ্থ মোক বুজাব পাৰা, তেন্তে তোমাক বেঙেনা বৰণীয়া সাজেৰে সজোৱা হব, তোমাৰ ডিঙিত সোণৰ হাৰ দিয়া হব, আৰু তুমি ৰাজ্যৰ তৃতীয় শ্ৰেণীৰ বিষয়া হবা।

17তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি কলে, আপোনাৰ বঁটা আপোনালৈ থাকক, আৰু আপোনাৰ পুৰস্কাৰ অন্যক দিয়ক; তথাপি মই মহাৰাজৰ আগত এই লিখা কথা পাঠ কৰিম, আৰু ইয়াৰ অৰ্থ মহাৰাজক বুজাম।

18হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবূখদনেচৰক ৰজ্য, মহিমা, মৰ্য্যদা, আৰু ৰাজশ্ৰী দিছিল।

19ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে, সকলো জাতিৰ, দেশৰ, আৰু ভাষাৰ লোকবিলাকে তেওঁৰ সাক্ষাতে কঁপি আছিল, আৰু ভয় কৰিছিল; তেওঁ নিজ ইচ্ছাৰে কোনোক বধ কৰিছিল, নিজ ইচ্ছাৰে কোনোক জীয়াই ৰাখিছিল; আৰু নিজ ইচ্ছাৰে কোনোক উন্নত কৰিছিল, নিজ ইচ্ছাৰে কোনোক নত কৰিছিল।

20কিন্তু যেতিয়া তেওঁৰ মন ওফন্দি পৰিল, আৰু তেওঁৰ আত্মা কঠিন হৈ যোৱাত, গৰ্ব্ব আচৰণ কৰিলে, তেতিয়া তেওঁক ৰাজ সিংহাসনৰ পৰা খেদোৱা হ’ল, আৰু তেওঁৰ পৰা তেওঁৰ গৌৰৱ নিয়া হ’ল।

21তেওঁ মনুষ্য সন্তানবিলাকৰ মাজৰ পৰা দুৰীকৃত হ’ল, তেওঁৰ হৃদয় পশুৰ সদৃশ কৰা হ’ল, বনৰীয়া গাধৰ লগত তেওঁৰ বসতি হ’ল, তেওঁক গৰুৰ নিচিনাকৈ ঘাঁহ খুউৱা হ’ল, আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিল; মনুষ্য বিলাকৰ ৰাজ্যত যে সৰ্ব্বোপৰি ঈশ্বৰে শাসন কৰে, আৰু যাকে তাৰ ওপৰত নিযুক্ত কৰিবলৈ ইচ্ছা কৰে, তাকে তাৰ ওপৰত নিযুক্ত কৰে, তেওঁ ইয়াক নজনালৈকে সেই অৱস্থাত আছিল।

22হে বেলচচৰ, তেওঁৰেই পুত্ৰ যি আপুনি, আপুনি সেই সকলো জানিও, আপোনাৰ মন নম্ৰ কৰা নাই।

23কিন্তু আপুনি স্বৰ্গৰ প্ৰভুৰ অহিতে নিজকে ওখ কৰিলে, আৰু তেওঁৰ গৃহৰ নানা পাত্ৰ আপোনাৰ আগত অনা হ’লত, আপুনি আৰু আপোনাৰ প্ৰধান লোকবিলাকে, আপোনাৰ পত্নী আৰু উপপত্নীবিলাকে সেইবোৰত দ্ৰাক্ষাৰস পান কৰিলে, আৰু ৰূপ, সোণ, পিতল, লোহা, কাঠ, আৰু শিলৰ যি দেৱতাবোৰে নেদেখে, নুশুনে, আৰু একোকে নাজানে, আপুনি সেইবোৰৰ প্ৰশংসা কৰিলে; কিন্তু আপোনাৰ নিশ্বাস যি জনাৰ হাতত আছে, আৰু আপোনাৰ সকলো পথ যি জনাৰ অধীন, আপুনি সেই ঈশ্বৰক সমাদৰ নকৰিলে।

24এই নিমিত্তে তেওঁৰ সন্মূখৰ পৰা এই হাতৰ আগ পঠোৱা, আৰু এই কথা লিখা হ’ল।

25লিখা কথা খিনি এই, “মিনে, মিনে, তিকেল, উফৰ্চীন।”

26কথাখিনিৰ অৰ্থ এই, মিনে, (গণিত) ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰিলে;

27তিকেল, (জোখা হ’ল) আপোনাক তৰ্জোত জোখা হ’ল, আৰু কম পোৱা গ’ল;

28পিৰেচ, (ভগ্ন) আপোনাৰ ৰাজ্য ভাঙি মাদীয়া আৰু পাৰসীকবিলাকক দিয়া হৈছে।

29তেতিয়া বেলচচৰৰ আজ্ঞাত, দানিয়েলক বেঙেনা বৰণীয়া বস্ত্ৰ পিন্ধোৱা হ’ল, তেওঁৰ ডিঙিত সোণৰ হাৰ দিয়া হ’ল, আৰু তেওঁ যে ৰাজ্যৰ তৃতীয় শ্ৰণীৰ বিষয়া হ’ব, তাক ঘোষণা কৰা হ’ল।

30সেই ৰাতিতে কলদীয়াৰ ৰজা বেলচচৰ হত হ’ল।

31পাছে মাদীয়া দাৰিয়াবচে ৰাজ্য পালে; তেতিয়া তেওঁৰ বয়স প্ৰায় বাষষ্টি বছৰ।


  Share Facebook  |  Share Twitter

 <<  Daniel 5 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran