Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 7 >> 

1বাবিলৰ ৰজা বেলচচৰ ৰাজত্বৰ প্ৰথম বছৰত, দানিয়েলে শাসন কৰা সময়ত সপোন আৰু মানসিক দৰ্শন পালে; তেতিয়া তেওঁ সেই সপোন লিখি তাৰ সাৰ কথা প্ৰকাশ কৰিলে।

2দানিয়েলে ক’লে, বোলে মই ৰাতি দৰ্শনত চাই দেখিলোঁ। যে, মহাসমুদ্ৰৰ ওপৰত আকাশৰ চাৰি বায়ু প্ৰচণ্ড বেগেৰে বলাইছে।

3আৰু সমুদ্ৰৰ পৰা চাইটা বৃহৎ জন্তু ওলাই আহিল; সিহঁতৰ আকাৰ বেলেগ আছিল।

4প্ৰথমটো সিংহৰ নিচিনা, আৰু কুৰৰ পক্ষীৰ ডেউকাৰ নিচিনা তাৰ ডেউকা আছিল; মই চাই থাকোঁতে থাকোঁতে, তাৰ সেই ডেউকা দুখন তাৰ পৰা এৰুউৱা হ’ল; পাছে তাক মাটিৰ পৰা তুলি মানুহৰ নিচিনাকৈ মাটিত ভৰ দিয়াই থিয় কৰোৱা হ’ল, আৰি মানুহৰ হৃদয় তাক দিয়া গ’ল।

5পাছে মই আৰু এটা জন্তু দেখিলোঁ, সেই দ্বিতীয় জন্তু ভালুকৰ নিচিনা, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ দাঁতৰ মাজত তিনি ডাল কামীহাড় আছিল; আৰু তাক কোঁৱা গল,উঠ অধিককৈ মঙহ খা ।

6তাৰ পাছত মই চাই আৰু এটা জন্ত দেখিলোঁ, সি নাহৰফুটুকী বাঘৰ নিচিনা; তাৰ পিঠিত চৰাইৰ ডেউকাৰ নিচিনা চাৰিখন ডেউকা আছিল, আৰু সেই জন্তুৰ চাইটা মুৰো আছিল; তাক ৰাজাভাৰ দিয়া হল।

7তাৰ পাছত মই ৰাতি দৰ্শনত চাই চতুৰ্থ এক জন্তু দেখিলোঁ; সি, ভয়ঙ্কৰ, বলিষ্ঠ, আৰু অতিশয় শক্তিমান; তাৰ লোহাৰ ডাঙৰ দাঁত আছিল; সি খালে, ডোখৰ ডোখৰ কৰিলে, আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিলে; আৰু পৰ্ব্বৰ জন্তুবোৰতকৈ সি বেলেগ, আৰু তাৰ দহোটা শিং আছিল।

8মই সেই শিঙলৈ মন কৰি থাকোতেই, সেইবোৰৰ মাজত আৰু এটা সৰু শিং ওলাল, আৰু তাৰ সাক্ষাতে পুৰ্ব্বৰ শিংবোৰৰ তিনিটা শিং উঘলা হল; সেই শিংৰ মানুহৰ চকুৰ নিচিনা দুটা চকু, আৰু বৰ বৰ কথা কোৱা এখন মুখ আছিল।

9পাছে মই চাই থাকোঁতে থাকোঁতে দেখিলোঁ কেইখনমান আসন স্হাপন কৰা হল, আৰু অনাদি কালৰ বৃদ্ধজনা বহিল; তেওঁৰ বস্ত্ৰ হিমৰ নিচিনা বগা, আৰু চুলি ভেড়াৰ শুদ্ধ নোমৰ নিচিনা; তেওঁৰ সিংহাখন অগ্নিশিখা আৰু তাৰ চক্ৰবোৰ জলন্ত জুই।

10তেওঁৰ সন্মূখৰ পৰা এখন অগ্নিৰ নৈ ওলাই বৈ গৈছিল; হাজাৰ হাজৰে তেওঁৰ পৰিচৰ্য্যা কৰিছিল, আৰু অযুত অযুতে তেওঁৰ আগত থিয় হৈছিল; পাছে বিচাৰ সভা বহিল, আৰু পুথিবোৰ মেলা হ’ল।

11সেই সময়ত মই চাই থাকোঁতে থাকোঁতে শিংটোৱে কোৱা বৰ বৰ কথাৰ শব্দৰ কাৰণে, মই চাই থাকোঁতে থাকোঁতে শেষত সেই জন্তু হত হ’ল, আৰু তাৰ শৰীৰ নষ্ট হ’ল। তাক অগ্নিশিখাত পেলাই দিয়া হ’ল।

12আৰু বাকী জন্তু কেইটাৰ বিষয়ে হ’লে, সিহঁতৰ পৰা ৰাজ্য ভাৰ নিয়া হ’ল; তথাপি উপযুক্ত সময় আৰু নিৰূপিত কাললৈকে সিহঁতৰ আয়ুস দীঘলাই দিয়া হৈছিল।

13মই ৰাতি দৰ্শনত চাই দেখিলোঁ, আকাশৰ মেঘত মানুহৰ পুত্ৰ নিচিনা এজনা পুৰুষ আহি সেই অনাদি কালৰ বৃদ্ধজনাৰ গুৰিত উপস্থিত হ’ল, সেই জনাৰ আগলৈ তেওঁক অনা হ’ল।

14আৰু সকলো জাতি, দেশ, আৰু ভাষাৰ লোকবিলাকে তেওঁক সেৱা কৰিবৰ নিমিত্তে তেওঁক ৰাজ শাসন, মহিমা, আৰু ৰাজ্যভাৰ দিয়া হ’ল; তেওঁ ৰাজ শাসন চিৰকাললৈকে থকা ৰাজশাসন, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য অবিনাশী।

15দানিয়েল যি মই, মোৰ শৰীৰত মোৰ আত্মাই যাতনা পালে , আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে।

16পাছে থিয় হৈ থকাবিলাকৰ মাজৰ এজনৰ ওচৰলৈ মই গৈ, এই সকলো বিষয়ে তেওঁক ঠিক কথা সুধিলোঁ; তাতে তেওঁ এই কথা কৈ সেই সকলো অৰ্থ মোক বুজালে।

17এই যি বৃহৎ জন্ত চাৰিটা আছে, এইবোৰ পৃথিৱীত হবলগীয়া চাৰিজন ৰজা।

18কিন্তু সৰ্ব্বোপৰিজনাৰ পবিত্ৰ লোকবিলাকে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব।

19তেতিয়া, আন সকলোতকৈ বেলেগ আৰু অতি ভয়ানক লোহাৰ দাঁত আৰু পিতলৰ নখ থকা যি চতুৰ্থ জন্তুৱে খালে, ডোখৰ ডোখৰ কৰিলে, আৰু অৱশিষ্টবোৰ ভৰিয়ে গচকিলে।

20তাৰ বিষয়ে, আৰু তাৰ মুৰৰ দহোটা শিঙৰ বিষয়ে, আৰু আন এটা শিং উৎপন্ন হল, যাৰ আগত তিনিটা শিং পৰিল, অৰ্থাৎ যাৰ চকু, আৰু বৰ বৰ কথা কোৱা মুখ আছিল, আৰু নিজৰ লগৰীয়াবোৰতকৈ অধিক গৰ্ব্বী দেখা গৈছিল, তাৰ বিষয়ে মই ঠিক কথা জানিব খুজিলোঁ।

21মই চাই থাকোঁতে থকোঁতেই সেই শিঙে পবিত্ৰবিলাকৰ লগত যুদ্ধ কৰি তেওঁবিলাকক পৰাজয় কৰিলে;

22শেষত সেই অনাদি কালৰ বৃদ্ধজনা আহিলত, সৰ্ব্বোপৰিজনাৰ পবিত্ৰ লোকবিলাকৰ হাতত বিচাৰভাৰ আৰু ৰাজ্যভাৰ আৰু ৰাজ্যভাৰ দিয়া হল, আৰু পবিত্ৰবিলাকে ৰাজ্য ভোগ কৰা সময় উপস্থিত হল।

23সেই পুৰুষজনে এই কথা কলে, যি ৰাজ্য সকলো ৰাজ্যতকৈ বেলেগ হব, গোটেই পৃথিৱীক গ্ৰাস কৰিব, আৰু ভৰিয়ে গচকি গুৰি কৰিব, চতুৰ্থ জন্তটোৱে পৃথিৱীৰ এনে চতুৰ্থ ৰাজ্য বুজায়।

24আৰু সেই দহোটা শিঙৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা দহ জন ৰজা উৎপন্ন হব; তেওঁবিলাকৰ পাছত আন এজন ৰজা উৎপন্ন হব; তেওঁ আগৰবিলাকতকৈ বেলেগ হব, তেওঁ তিনি জন ৰজাক নত কৰিব।

25তেওঁ সৰ্ব্বোপৰিজনাৰ অহিতে কথা কব, সৰ্ব্বোপৰিজনাৰ পবিত্ৰবিলাকক দুখ দিব, নিৰুপিত সময় আৰু ব্যৱস্হা সলনি কৰিবলৈ মন কৰিব, আৰু এক কাল দুই কাল, আৰু আধা কাললৈকে তেওঁবিলাকক তেওঁৰ হাতত শোধাই দিয়া হব।

26কিন্ত বিচাৰ-সভা বহিব; তাতে তেওঁৰ ৰাজ্যৰ তেওঁৰ পৰা নিয়া হব; আৰু শেষ নথকাকৈ সেয়ে ক্ষয় পাই বিনষ্ট হব।

27ৰাজ্যভাৰ আৰু ৰাজশাসন, আৰু গোটেই আকাশ-মন্দলৰ তলত থকা ৰাজ্যবিলাকৰ মহিমা সৰ্ব্বোপৰিজনা পবিত্ৰ প্ৰজাবিলাকক দিয়া হব; তেওঁৰ ৰাজ্য অনন্ত কাললৈকে থকা ৰাজ্য, আৰু সকলো শাসনকৰ্ত্তাই তেওঁক সেৱা কৰিব আৰু তেওঁ আজ্ঞা পালন কৰিব।

28এইখিনিতে বৃত্তান্ততি শেষ। দানিয়েল যি মই, মোৰ চিন্তাই মোক বৰ ব্যাকুল কৰিলে, আৰু মোৰ মুখ বিবৰ্ণ হল; কিন্ত মই সেই কথা মনত ৰাখিলোঁ


  Share Facebook  |  Share Twitter

 <<  Daniel 7 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran