Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 3 >> 

1ৰজা নবূখদনেচৰে ষাঠি হাত ওখ আৰু ছহাত বহল এনে এক সোণৰ মুৰ্ত্তি সাজি বাবিল প্ৰদেশৰ দূৰা নামেৰে সমথলত স্থাপন কৰিলে।

2পাছে ৰজা নবূখদনেচৰে সেই যি মুৰ্ত্তি স্থাপন কৰিছিল, তাৰ প্ৰতিষ্ঠা কৰিবলৈ আহিবৰ নিমিত্তে, ক্ষিতিপাল, প্ৰতিনিধি, দেশাধক্ষ্য, প্ৰধান বিচাৰকৰ্ত্তা, আৰু প্ৰদেশবোৰৰ আল আল আটাই বিষয়াক গোটাই আনিবলৈ নবূখদনেচৰে মানুহ পঠালে।

3পাছে ক্ষিতিপাল, প্ৰতিনিধি, দেশাধ্যক্ষ, প্ৰধান বিচাৰকৰ্ত্তা, ৰাজ-ভঁৰালী, ব্যৱস্থাপক, বিচাৰকৰ্ত্তাবিলাক, আৰু প্ৰদেশবোৰৰ আন আন আটাই বিষয়াই, ৰজা নবূখদনেচৰে স্থাপন কৰা সেই মুৰ্ত্তিৰ প্ৰতিষ্ঠা কৰিবলৈ, গোট খালে, আৰু নবূখদনেচৰে স্থাপন কৰা মুৰ্ত্তিৰ আগত থিয় হ’ল।

4তেতিয়া ঘোষণাকাৰীয়ে ৰিঙিয়াই ক’লে, হে সকলো জাতিৰ, দেশৰ, আৰু ভাষাৰ লোকবিলাক,

5তোমালোকলৈ এই আজ্ঞা হৈছে, যে, যি সময়ত তোমালোকে শিঙা, বাঁহী, বীণা চেৰেন্দা, চেতাৰ, আৰু মৃদঙ্গ আদি নানা বিধ বাদ্যযন্ত্ৰৰ বাদ্য শুনিবা, তেতিয়াই নবূখদনেচৰ ৰজাই স্থাপন কৰা সোণৰ মুৰ্ত্তিক উবুৰি হৈ পৰি সেৱা কৰিবা;

6যেয়ে উবুৰি হৈ সেৱা নকৰিব, তাক সেই মুহূৰ্ত্ততে প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।

7এতেকে আটাই জাতিৰ লোকবিলাকে যেতিয়া শিঙা, বাঁহী, বীণা, চেৰেন্দা, আৰু চেতাৰ আদি নানাবিধ বাদ্য যন্ত্ৰৰ বাদ্য শুনিলে, তেতিয়া সকলো জাতিৰ, দেশৰ আৰু ভাষাৰ লোকবিলাকে উবুৰি হৈ পৰি নবূখদনেচৰ ৰজাই স্থাপন কৰা সোণৰ মুৰ্ত্তিক সেৱা কৰিলে।

8ইয়াতে সেই সময়ত কেইজনমান কলদীয়া মানুহে ওচৰলৈ আহি যিহূদীবিলাকৰ অহিতে চুকলি লগালে।

9সিহঁতে ৰজা নবূখদনেচৰৰ আগত ক’লে, মহাৰাজ চিৰজীৱী হওক।

10হে মহাৰাজ আপুনি এই আজ্ঞা কৰিছিল যে, যি জনে যেতিয়া শিঙা, বাঁহী, বীণা, চেৰেন্দা, চেতাৰ আৰু মৃদঙ্গ আদি নানাবিধ বাদ্য যন্ত্ৰৰ বাদ্য শুনিব, তেওঁ উবুৰি হৈ পৰি সেই সোণৰ মুৰ্ত্তিক সেৱা কৰিব;

11কিন্তু যি জনে উবুৰি হৈ সেৱা নকৰিব, তেওঁক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।

12বাবিল প্ৰদেশৰ ৰাজ কাৰ্য্যত আপুনি নিযুক্ত কৰা চৈদ্ৰক, মৈচক, আৰু অবেদ-নগো নামেৰে কেইজনমান যিহূদী আছে; হে মহাৰাজ, সেই মানুহকেইজনে আপোনাক নামানে, আপোনাৰ দেৱতাবিলাকক সেৱা নকৰে, আৰু আপুনি স্থাপন কৰা সোণৰ মুৰ্ত্তিকো পূজা নকৰে।

13ইয়াকে শুনি নবূখদনেচৰে ক্ৰোধ আৰু কোপত, চৈদ্ৰক, মৈচক আৰু অবেদ-নগোক আনিবলৈ আজ্ঞা কৰিলে। তাতে সেই জনক ৰজাৰ ওচৰলৈ নিয়া হ’লত,

14নবূখদনেচৰে তেওঁবিলাকক উত্তৰ দি ক’লে, হে চৈদ্ৰক, মৈচক আৰু অবেদ-নগো, তোমালোকে যে মোৰ দেৱতাক সেৱা কৰা নাই, মই স্থাপন কৰা সোণৰ মুৰ্ত্তিক পূজা কৰা নাই, তাক তোমালোকে জানি শুনি কৰা নাই নে?

15এতিয়াও যদি তোমালোকে শিঙা, বাঁহী, বীণা, চেৰেন্দা, চেতাৰ আৰু মৃদঙ্গ আদি নানাবিধ বাদ্য যন্ত্ৰৰ বাদ্য শুনা সময়ত মই সজা সোণৰ মুৰ্ত্তিক উবুৰি হৈ সেৱা কৰিবলৈ যুগুত হোৱাহঁক, তেন্তে ভালেই; কিন্তু যদি তোমালোকে সেৱা নকৰাহঁক, তেন্তে সেই মুহূৰ্ত্ততেই তোমালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব; মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পৰা কোন দেৱতা আছে?

16তেতিয়া চৈদ্ৰক, মৈচক আৰু অবেদ-নগোৱে ৰজাক উত্তৰ দি ক’লে, হে নবূখদনেচৰ, আপোনাক এই কথাৰ উত্তৰ দিয়া আমাৰ অপ্ৰয়োজন।

17আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ইশ্বৰ প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক উদ্ধাৰ কৰিবলৈ সমৰ্থ, আৰু হে মহাৰাজ, আপোনাৰ হাতৰ পৰা তেওঁ আমাক উদ্ধাৰ কৰিলেও কৰিব পাৰে;

18যদি নকৰেও, তথাপি হে মহাৰাজ, আপুনি জানিব যে, আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰিম, আপুনি স্থাপন কৰা সোণৰ মুৰ্ত্তিক পূজা নকৰিম।

19তেতিয়া নবূখদনেচৰে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ চৈদ্ৰক, মৈচক আৰু অবেদ-নগোৰ অহিতে মুখ বিকটাই অগ্নিকুণ্ড নিয়মিত পৰিমাণতকৈ সাত গুণ প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে।

20আৰু তেওঁ তেওঁৰ সৈন্যৰ মাজৰ কেতবিলাক বলী মানুহক চৈদ্ৰক, মৈচক আৰু অবেদ-নগোক বান্ধি প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাবলৈ আজ্ঞা দিলে।

21তেতিয়া সেই কেইজনক বান্ধি নিজ নিজ পাইজামা, চোলা, জামা আদি পোচাকে সৈতে অগ্নিকুণ্ডত পেলাই দিয়া হ’ল।

22পাছে ৰজৈৰ আজ্ঞা অতি ততাতৈয়া আৰু অগ্নিকুণ্ড অতিশয় তপত হোৱাত, চৈদ্ৰক, মৈচক আৰু অবেদ-নগোক নিয়া মানুহ কেইজনেই অগ্নিশিখাত হত হ’ল;

23আৰু চৈদ্ৰক, মৈচক আৰু অবেদ-নগো, এই তিনি জন লোক বন্ধনেৰে অগ্নিকুণ্ডৰ ভিতৰত পৰিল।

24পাছে ৰজা নবূখদনেচৰে বিস্ময় মানি বেগাই উঠি তেওঁৰ মন্ত্ৰীবিলাকক ক’লে, আমি তিনি জন পুৰুষক জানো বান্ধি অগ্নিৰ মাজত পেলোৱা নাই? তেওঁবিলাকে উত্তৰ দি ক’লে, হয় মহাৰাজ।

25তেতিয়া ৰজাই উত্তৰ দি ক’লে, চোৱা, মই চাৰিজন মানুহ দেখিছোঁ; তেওঁবিলাকে মুকলি হৈ জুইৰ মাজত অহা-যোৱা কৰিছে, তেওঁবিলাকে একো দুখ পোৱা নাই; আৰু চতুৰ্থ জনৰ আকৃতি দেৱপুত্ৰৰ নিচিনা।

26তেতিয়া নবূখদনেচৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ ক’লে, হে সৰ্ব্বোপৰি ঈশ্বৰৰ দাস চৈদ্ৰক, মৈচক আৰু অবেদ-নগো, ওলাই আহাঁ; তাতে চৈদ্ৰক, মৈচক আৰু অবেদ-নগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল।

27পাছে ক্ষিতিপাল, প্ৰতিনিধি, দেশাধ্যক্ষ, ৰাজমন্ত্ৰীবিলাকে গোট খাই সেই তিনিজন লোকক চাই দেখিলে, যে, অগ্নিয়ে তেওঁবিলাকৰ শৰীৰ একো কৰিব পৰা নাই, তেওঁবিলাকৰ মূৰৰ চুলিও অকণকে পোৰা নাই, বস্ত্ৰও বিকৃত হোৱা নাই, আৰু গাত অগ্নিৰ গন্ধও নাই।

28তেতিয়া নবূখদনেচৰে এই কথা ক’লে, চৈদ্ৰক, মৈচক আৰু অবেদ-নগোৰ যি জনা ঈশ্বৰে নিজৰ দূত পঠাই তেওঁৰ দাস বিলাকক ৰক্ষা কৰিলে, তেওঁ ধন্য; তেওঁবিলাকে তেওঁত বিশ্বাস কৰি ৰাজাজ্ঞা লঙ্ঘন কৰিলে আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা-পূজা কৰিব লগীয়া নহয়, এই নিমিত্তে নিজ নিজ শৰীৰ সমৰ্পণ কৰিলে।

29এতেকে মই এই আজ্ঞা দিছোঁ যে, সকলো জাতিৰ, দেশৰ, ভাষাৰ যি লোকবিলাকে চৈদ্ৰক, মৈচক আৰু অবেদ-নগোৰ ঈশ্বৰৰ অহিতে কোনো ভ্ৰান্তিৰ কথা ক’ব, সিহঁতক ডোখৰ ডোখৰকৈ কটা যাব, আৰু সিহঁতৰ ঘৰ গোবৰৰ দ’ম যেন কৰা হ’ব; কিয়নো এইদৰে উদ্ধাৰ কৰিব পৰা আন কোনো দেৱতা নাই।

30তেতিয়া ৰজাই চৈদ্ৰক, মৈচক আৰু অবেদ-নগোক বাবিল প্ৰদেশৰ আৰু ওখ পদলৈ নিলে।


  Share Facebook  |  Share Twitter

 <<  Daniel 3 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran