Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 4 >> 

1গোটেই পৃথিৱীত থকা সকলো জাতিৰ, দেশৰ, আৰু ভাষাৰ লোকবিলাকলৈ নবূখদনেচৰ ৰজাৰ জাননী। তোমালোকলৈ অতিশয় শান্তি হওক।

2সৰ্ব্বোপৰি ঈশ্বৰে মোত যি যি অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্য্য দেখুৱালে, সেই সকলোকে মই প্ৰচাৰ কৰা উচিত বুজিলোঁ।

3তেওঁৰ অদ্ভুত লক্ষণবোৰ কেনে মহৎ! আৰু তেওঁৰ আচৰিত কাৰ্য্যবোৰ কেনে গুৰুতৰ! তেওঁৰ ৰাজ্য চিৰকলীয়া ৰাজ্য, আৰু তেওঁৰ ৰাজ শাসন পুৰুষানুক্ৰমে থাকে।

4মই নবূখদনেচৰে মোৰ ঘৰত শান্তিৰে আৰু মোৰ ৰাজগৃহত কুশলে আছিলোঁ,

5এনে সময়ত মই এটা ভয় লগা সপোন দেখিলোঁ; আৰু মই শয়ন কৰা সময়ত নানা চিন্তা আৰু মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে।

6এই হেতুকে সেই সপোনৰ ফলিতা মোক জনাবৰ নিমিত্তে বাবিলৰ সকলো বিদ্বান লোকক মোৰ ওচৰলৈ আনিবলৈ মই আজ্ঞা কৰিলোঁ।

7পাছে শাস্ত্ৰজ্ঞ, গণক, কলদীয়া, আৰু জ্যোতিষীয়াবিলাক মোৰ ওচৰলৈ আহিলত, মই তেওঁবিলাকৰ আগত সেই সপোন কলোঁ; কিন্তু তেওঁবিলাকে মোক তাৰ ফলিতা ক’ব নোৱাৰিলে।

8শেষত মোৰ দেৱতাৰ নাম অনুসাৰে যাৰ নাম বেলটচচৰ, আৰু যাৰ অন্তৰত পবিত্ৰ দেৱতাবিলাকৰ আত্মা আছে, সেই দানিয়েল মোৰ আগত আহিলত, মই তেওঁৰ মোৰ সপোন ক’লোঁ, যে,

9হে শাস্ত্ৰজ্ঞবিলাকৰ প্ৰধান অধ্যক্ষ বেলটচচৰ, মই জানিছোঁ, তোমাত পবিত্ৰ দেৱতাবিলাকৰ আত্মা আছে, আৰু কোনো নিগূঢ় বাক্য তোমালৈ টান নহয়; এই হেতুকে সপোনত মই যি যি দেখিলোঁ, সেইবোৰ, বিশেষকৈ তাৰ ফলিতা মোক বুজুউৱা।

10শয়ন কৰাৰ সময়ত মোৰ মানসিক দৰ্শন এই মই চাই দেখিলোঁ, যে, পৃথিৱীৰ মাজত এজোপা গছ উৎপন্ন হ’ল, সি অতিশয় ওখ।

11সেই গছ বাঢ়ি শকত হ’ল, আৰু ওখই আকাশ ঢুকি পোৱা হ’ল, আৰু গোটেই পৃথিৱীৰ অন্তৰ পৰা তাক দেখা গ’ল।

12তাৰ পাতবোৰ সুন্দৰ, তাৰ গুটি অধিক আৰু সকলোৰে নিমিত্তে তাত খোৱা বস্তু আছিল, তাৰ তলত বনৰীয়া জন্তুবোৰে ছাঁ লৈছিল, তাৰ ঢালবোৰত আকাশৰ চৰাইবোৰে বাহ লৈছিল, আৰু সকলো প্ৰাণীয়ে তাৰ পৰা আহাৰ পাইছিল।

13মই শয়ন কৰা সময়ত মানসিক দৰ্শন চাই দেখিলোঁ, যে, এজন প্ৰহৰী অৰ্থাৎ পবিত্ৰ লোক স্বৰগৰ পৰা নামি আহিল।

14তেওঁ ৰিঙিয়াই ক’লে, তোমালোকে গছজোপা কাটা, তাৰ ডালবোৰ কাটি পেলোৱা, তাৰ পাতবোৰ চুচি পেলোৱা, আৰু তাৰ গুটিবোৰ সিঁচৰিত কৰি পেলোৱা; তাৰ তলৰ পৰা জন্তুবোৰ, আৰু তাৰ ডালবোৰৰ পৰা পক্ষীবোৰ পলাই যাওক।

15কিন্তু তোমালোকে তাৰ মুঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা। সি আকাশৰ নিয়ঁৰত তিতক; আৰু পশুবোৰৰ লগত পৃথিৱীৰ ঘাঁহত তাৰ ভাগ হওক।

16তাৰ মনুষ্য হৃদয় নাথাকি সলনি হওক, আৰু তাক পশুৰ হৃদয় দিয়া হওক, আৰু তাৰ ওপৰত সাত কাল যাওক।

17মনুষ্যবিলাকৰ ৰাজ্যত যে, সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যাকে তাক দিবলৈ ইচ্ছা কৰে, তাকে তাক দিয়ে, আৰু মানুহবিলাকৰ মাজত অতি নিচ লোককো তাৰ ওপৰত নিযুক্ত কৰে, এই সকলোকে জীয়াই থকা লোকবিলাকে জানিবৰ নিমিত্তে, প্ৰহৰীবিলাকৰ আদশেৰে এই দণ্ডাজ্ঞা হৈছে, আৰু পবিত্ৰবিলাকৰ বাক্যেৰে এই হুকুম হৈছে।

18মই নবূখদনেচৰ ৰজাই এই সপোন দেখিলোঁ; এতিয়া হে বেলটচচৰ, তুমি ইয়াৰ ফলিতা কোৱা; কিয়নো মোৰ ৰাজ্যত থকা কোনো বিদ্যান লোকে মোক ইয়াৰ ফলিতা কব পৰা নাই; কিন্তু তুমি কব পাৰিবা, কিয়নো তোমাৰ অন্তৰত পবিত্ৰ দেৱতাবিলাকৰ আত্মা আছে।

19তেতিয়া বেলটচচৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ বেলি তধা লাগি চিন্তাত ব্যাকুল হ’ল। তাতে ৰজাই উত্তৰ দি ক’লে,হে বেলটচচৰ, সেই সপোন আৰু তাৰ ফলিতাই তোমাক ব্যাকুল নকৰক। বেলটচচৰে উত্তৰ দি ক’লে, হে মোৰ প্ৰভু, আপোনাক ঘিণ কৰোতাবোৰলৈ এই সপোন, আৰু আপোনাৰ বৈৰীবোৰলৈ ইয়াৰ ফলিতা হওক।

20আপুনি দেখা যি গছ বাঢ়ি শকত হ’ল, ওখই আকাশ ঢুকি পোৱা হ’ল আৰু পৃথিৱীৰ সকলো ঠাইৰ পৰা তাক দেখা গ’ল,

21যাৰ পাত সুন্দৰ আৰু যাৰ গুটি অধিক আছিল, যিহত সকলোৰে নিমিত্তে খোৱা বস্তু আছিল, যাৰ তলত বনৰীয়া জন্তুবোৰে বাস কৰিছিল, আৰু যাৰ ডালবোৰত আকাশৰ পক্ষীবোৰে বাহ লৈছিল, হে মহাৰাজ সেই গছজোপা আপুনিয়েই।

22আপুনি বাঢ়ি বলৱান হৈছে, কিয়নো আপোনাৰ মহিমা বাঢ়ি আকাশ ঢুকি পোৱা হ’ল; আপোনাৰ ৰাজত্ব পৃথিৱীৰ অন্তলৈকে হ’ল।

23আৰু ৰজাই দেখিছিল যে, এজন প্ৰহৰী অৰ্থাৎ পবিত্ৰ লোকে স্বৰ্গৰ পৰা নামি আহি ক’লে, “তোমালোকে গছজোপা কাটি পেলায় নষ্ট কৰা; কিন্তু তাৰ মূঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা; তাতে সাত কাল নাযায়মানে, সি আকাশৰ নিয়ৰত তিতিব, আৰু পথাৰৰ পশুবোৰৰ লগত তাৰ ভাগ হ’ব।”

24হে মহাৰাজ, ইয়াৰ ফলিতা এই, মোৰ প্ৰভু মহাৰাজলৈ যি ঘটিব, সেয়ে সৰ্ব্বোপৰি জনাৰ আজ্ঞা।

25মনুষ্য বিলাকৰ ৰাজ্যত যে সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যাকে তাক দিবলৈ ইচ্ছা কৰে, তাকে তাক দিয়ে, আপুনি ইয়াক নজনালৈকে মনুষ্য সমাজৰ পৰা দূৰীকৃত হৈ পথাৰৰ পশুবোৰৰ লগত বাস কৰিব, গৰুৰ নিচিনাকৈ আপোনাক ঘাঁহ খোউৱা হ’ব, আপুনি আকাশৰ নিয়ৰত তিতিব, আৰু আপোনাৰ ওপৰত সাত কাল যাব।

26কিছু গছৰ মুঢ়াটো যে ৰাখিবৰ আজ্ঞা হৈছিল, তাৰ অৰ্থ এই, স্বৰ্গই যে ৰাজশাসন কৰে, ইয়াক আপুনি জনাৰ পাছত আপোনাৰ হাতত আপোনাৰ ৰাজ্য থিৰ হ’ব।

27এই হেতুকে, হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক; আপুনি ধৰ্ম্মেৰে আপোনাৰ পাপবোৰৰ পৰা, আৰু দুখীয়াক দয়া কৰি আপোনাৰ অপৰাধ বোৰৰ পৰা আপোনাকে মুক্ত কৰক; তাতে কিজানি আপোনাৰ শান্তি কাল দীঘল হ’ব।

28পাছে সেই সকলোৱেই ৰজা নবূখদনেচৰত ফলিয়ালে।

29বাৰ মাহৰ শেষত বাবিলৰ ৰাজ-গৃহৰ চালত তেওঁ অহা-যোৱা কৰিছিল, এনে সময়ত ৰজাই মাত লগাই ক’লে,

30মই মোৰ বলৰ প্ৰভাৱত, আৰু মোৰ ৰাজশ্ৰীৰ দ্বাৰাই সন্মান পাবৰ অৰ্থে ৰাজধানীৰ নিমিত্তে সজা এইখন জানো মহা বাবিল নহয়?

31ৰজাই এই কথা কৈ থাকোতেই, এই আকাশীবাণী হ’ল, যে, হে নবূখদনেচৰ ৰজা তোমাৰ বিষয়ে আজ্ঞা দিয়া হ’ল; তোমাৰ পৰা তোমাৰ ৰাজত্ব গ’ল।

32মনুষ্যবিলাকৰ ৰাজ্যত যে, সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যাকে তাক দিৱলৈ ইচ্ছা কৰে, তাকে তাক দিয়ে, তুমি ইয়াক নজনালৈকে মনুষ্য সমাজৰ পৰা দূৰীকৃত হৈ পথাৰৰ পশুবোৰৰ লগত বাস কৰিবা, গৰুৰ নিচিনাকৈ তোমাক ঘাঁহ খুউৱা হ’ব, আৰু তোমাৰ ওপৰত সাত কাল যাব।

33সেই মুহূৰ্ত্ততে নবূখদনেচৰত সেই কথা ফলিয়ালে; তেওঁ মনুষ্য সমাজৰ পৰা দূৰীকৃত হৈ গৰুৰ নিচিনাকৈ ঘাঁহ খালে, আৰু তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিল; এই অৱস্থাত থাকোতে তেওঁৰ নোম কুৰৰ পক্ষীৰ পাখিৰ নিচিনাকৈ, আৰু তেওঁৰ নখ চৰাইৰ নখৰ নিচিনাকৈ বাঢ়িল।

34পাছে সেই কালৰ শেষত মই নবূখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলত, মোৰ জ্ঞান মোলৈ উলটি আহিল; তাতে মই সৰ্ব্বোপৰি জনাৰ ধন্যবাদ কৰিলোঁ, আৰু অনন্ত কাললৈকে জীয়াই থকা জনাৰ প্ৰশংসা আৰু তেওঁক সমাদৰ কৰিলোঁ; কিয়নো তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে থাকে।

35আৰু তেওঁৰ সাক্ষাতে আটাই পৃথিৱী নিবাসী একো নোহোৱাৰ নিচিনা গণিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীবিলাকৰ আৰু পৃথিৱী নিবাসী বিলাকৰ মাজত নিজ ইচ্ছা অনুসাৰে কাৰ্য্য কৰে; তেওঁৰ হাত ৰাখিব পৰা, নাইবা, তুমি কি কৰিছা বুলি তেওঁক ক’ব পৰা কোনো নাই।

36সেই সময়তে মোৰ জ্ঞান মোলৈ উলটি আহিল, আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজশ্ৰী আৰু মোৰ শোভা মোলৈ ঘূৰি আহিল; মোৰ মন্ত্ৰী আৰু মহৎ লোকবিলাকে মোৰ লগত সাক্ষাৎ কৰিবলৈ বিচাৰিলে; মই মোৰ ৰাজ্যত পুনৰায় স্থাপিত হ’লো, আৰু মোৰ মহিমা অতিশয় অধিকৰূপে বাঢ়িল।

37এতিয়া মই নবূখদনেচৰে সেই স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছো; কিয়নো তেওঁৰ সকলো কাৰ্য্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়, আৰু গৰ্ব্ব আচৰণ কৰোঁতাবোৰক খৰ্ব্ব কৰিবলৈ তেওঁৰ ক্ষমতা আছে।


  Share Facebook  |  Share Twitter

 <<  Daniel 4 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran