Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 2 >> 

1নবূখদনেচৰে তেওঁৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ এটা গুৰুতৰ সপোন দেখিলে; তাতে তেওঁৰ মন চিন্তিত হোৱাত টোপনি ভাগিল।

2পাছে ৰজাই তেওঁৰ সপোন নিজকে কবৰ নিমিত্তে, শাস্ত্ৰজ্ঞ, গণক মায়াবী, আৰু কলদিয়াবিলাকক মাতিবলৈ আজ্ঞা দিলত, তেওঁবিলাক আহি ৰজাৰ আগত থিয় হ’ল।

3তেতিয়া ৰজাই তেওঁবিলাকক ক’লে, মই এটা সপোন দেখিলোঁ, তাক জানিবলৈ মোৰ মন চিন্তিত হৈছে।

4তাতে কলদীয়াবিলাকে অৰামীয়া ভাষাৰে ৰজাক ক’লে, মহাৰাজ চিৰজীৱী হওক; আপোনাৰ এই দাসবিলাকক সপোনটো কওক, আমি তাৰ ফলিতা কম।

5ৰজাই তাৰ উত্তৰ দি কলদীয়াবিলাকক ক’লে, মোৰ পৰা এই আজ্ঞা ওলাল, তোমালোকো যদি সপোন আৰু তাৰ ফলিতা দুয়োকো মোক জনাব নোৱাৰা, তেন্তে তোমালেকক ডোখৰ ডোখৰ কৈ কটা যাব, আৰু তোমালোকৰ ঘৰবোৰ গোবৰৰ দ’ম যেন কৰা যাব;

6কিন্তু যদি সেই সপোন আৰু তাৰ ফলিতা দুয়োকো মোক কোৱা, তেন্তে মোৰ পৰা বঁটা, পুৰস্কাৰ, আৰু উত্তম মৰ্য্যদা পাবা; এই হেতুকে সেই সপোনৰ ফলিতা মোক কোৱা।

7তেওঁবিলাকে দ্বিতীয়বাৰ উওৰ দি কলে, মহাৰাজে নিজ দাস বিলাকৰ আগত সপোনটো কওঁক; তেতিয়া আমি তাৰ ফলিতা কম।

8ৰজাই উত্তৰ দি কলে, মই নিশ্চয় জানিছোঁ, মোৰ এই আজ্ঞা ওলাল দেখি তোমালোকে সময় নিয়াব খুজিছা।

9যদি তোমালোকে সেই সপোন মোক নজনোৱা, তেন্তে তোমালোকলৈ সেই একেটা আজ্ঞাই থাকিল; কিয়নো কু-সময় গুচি সু-সময় নোহোৱালৈকে মোৰ আগত মিছা আৰু ভাওনা কথা কবলৈ তোমালোকে থিৰ কৰিলা। এই হেতুকে তোমালোকে মোৰ আগত সপোনটো কোৱা; তাতে মই জানিম যে, তামালোকে তাৰ ফলিতা মোৰ আগত ক’ব পাৰিবা।

10কলদীয়াবিলাকে ৰজাক উত্তৰ দি ক’লে, মহাৰাজে সোধা কথা জনাব পৰা পৃথিৱীত কোনো নাই; কিয়নো মহান আৰু পৰাক্ৰমী কোনো ৰজাই কেতিয়াও এনে কথা কোনো শাস্ত্ৰজ্ঞ, কি গণক, কি কলদীয়াক সোধা নাই।

11মহাৰাজে যি কথা সুধিছে, সেয়ে কঠিন; কিয়নো মৰ্ত্যবিলাকৰ লগত বাস নকৰা দেৱতা-সকলৰ বাহিৰে, মহাৰাজৰ আগত ইয়াক জনাব পৰা কোনো নাই।

12ইয়াকে শুনি ৰজাই ক্ৰুদ্ধ আৰু আৰু অতিশয় কোপান্বিত হৈ বাবিলৰ আটাই বিদ্বানলোকক বধ কৰিবলৈ আজ্ঞা দিলে।

13বিদ্বান লোকবিলাকক বধ কৰা আজ্ঞা প্ৰচাৰিত হ’লত, লোকবিলাকে দানিয়ালক আৰু তেওঁৰ লগৰীয়াবিলাকক বধ কৰিবলৈ ধৰিলে।

14তেতিয়া বাবিলৰ বিদ্বান লোকবিলাকক বধ কৰিবলৈ ওলাই যোৱা অৰিয়ক নামেৰে ৰজাৰ ৰক্ষক-সেনাপতিক দানিয়েলে বিবেচনাৰে উত্তৰ দিলে।

15তেওঁ ৰাজসেনাপতি সেই অৰিয়েকক উত্তৰ দি সুধিলে, ৰজাৰ পৰা ইমান ততাতৈয়া আজ্ঞা কিয়? তাতে অৰিয়োকে সেই কথা দানিয়েলক ভাঙি ক’লে।

16তেতিয়া দানিয়েলে ৰজাৰ ওচৰলৈ গৈ প্ৰৰ্থনা কৰিলে, মহাৰাজৰ সপোনটোৰ ফলিতা জনাবৰ অৰ্থে মোক কিছু সময় দিবলৈ আজ্ঞা হওক।

17পাছে, দানিয়েল আৰু তেওঁৰ লগৰীয়াবিলাকবাবিলত আন বিদ্বানবিলাকে সৈতে বিনষ্ট নহবৰ নিমিত্তে,

18সেই নিগূঢ় কথাৰ বিষয়ে স্বৰ্গ আৰু ঈশ্বৰৰ আগত কৃপা মাগণ কৰিবলৈ, দানিয়েলে নিজৰ ঘৰলৈ গৈ তেওঁৰ লগৰীয়া হননীয়া, মীচায়েল, আৰু অজৰিয়াৰ সেই কথা জনালে।

19সেই ৰাতি দৰ্শনত দানিয়েলৰ আগত সেই নিগূঢ় বিষয় প্ৰকাশিত হ’লত, দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ কৰিলে।

20দানিয়েলে মাত গাই ক’লে, ঈশ্বৰৰ নাম যুগে যুগে চিৰকাললৈকে ধন্য হওক; কিয়নো জ্ঞান আৰু পৰাক্ৰম তেওঁৰেই।

21তেওঁ সময় আৰু কাল সলনি কৰে; তেওঁ ৰজাবিলাকক ভাঙে আৰু পাতে; তেওঁ জ্ঞানীবিলাকক জ্ঞান, আৰু বিবেচকবিলাকক বিবেচনা দিয়ে।

22তেওঁ গভীৰ আৰু গোপনীয় বিষয় প্ৰকাশ কৰে, তেওঁ আন্ধাৰত থকা কথা জানে, আৰু তেওঁৰ লগত পোহৰ থাকে।

23হে মোৰ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰ, মই তোমাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ; তুমি মোক জ্ঞান আৰু শক্তি দি, আমি তোমাৰ আগত যাচনা কৰা বিষয় মোক সম্প্ৰতি জনালা; কিয়নো ৰজাৰ কথা আমাক জনালা।

24পাছে দানিয়েলে বাবিলত থকা বিদ্বানবিলাকক বধ কৰিবলৈ ৰজাই নিযুক্ত কৰা অৰিয়োকৰ ওচৰলৈ গৈ, তেওঁৰ লগত সাক্ষাৎ কৰি, তেওঁক এই কথা কলে, আপুনি বাবিলৰ বিদ্বানবিলাকক বধ নকৰিব, ৰজাৰ গুৰিলৈ মোক লৈ যাওক, মই ৰজাক সপোনৰ ফলিতা কম।

25তেতিয়া অৰিয়োকে বেগাই দানিয়েলক ৰজাৰ ওচৰলৈ লৈ গৈ ৰজাক কলে, দেশান্তৰিত যিহূদীবিলাকৰ মাজত মই এইজন মানুহ পালোঁ, এওঁ ৰজাক ফলিতা কব।

26তাতে ৰজাই, বেলটচচৰ নামেৰে প্ৰখ্যাত দানিয়েলক সুধিলে, মই দেখা সপোন আৰু তাৰ ফলিতা তুমি মোক কব পাৰা নে ?

27তেতিয়া দানিয়েলে ৰজাৰ আগত উওৰ দি কলে, মহাৰাজে যি নিগূঢ কথা সুধিছে, তাক মহাৰাজক কবলৈ কোনো বিদ্বান, কি গণক, কি শাস্ত্ৰজ্ঞ, কি জ্যোতিষীৰ সাধ্য নাই।

28কিন্ত নিগূঢ় কথা প্ৰকাশ কৰোঁতা এজনা ঈশ্বৰ স্বৰ্গত আছে; শেষকালত যি যি ঘটিব, সেই সকলোকে তেওঁ মহাৰজা নবূখদনেচৰক জনালে; আপোনাৰ সপোন, শয্যাত থাকোঁতে, আপোনাৰ মানসিক দৰ্শন এই।

29হে মহাৰাজ, আপুনি শয়ন কৰোঁতে, আপোনাৰ মনত ভাৱী ঘটনাৰ বিষয়ে নানা ভাৱনা হৈছিল; তাতে নিগূঢ় কথা প্ৰকাশ কৰোতা জনাই, আগলৈ কি ঘটিব, তাক আপোনাৰ আগত জনালে।

30কিন্তু আন আন জীৱিত লোকতকৈ মোৰে অধিক জ্ঞান আছে বুলি যে মোৰে আগত এই নিগূঢ় বিষয় প্ৰকাশিত হ’ল, এনে নহয়, কিন্তু মহাৰাজক সপোনৰ ফলিতা কবৰ অৰ্থে, আৰু আৰু আপুনি আপোনাৰ মনৰ ভাবনা বুজিবৰ নিমিত্তে সেয়ে প্ৰকাশিত হ’ল।

31হে মহাৰাজ আপুনি চাই এটা বৃহৎ মুৰ্ত্তি দেখিছিল; সেই মূৰ্ত্তি বৰ ডাঙৰ আৰু অতিশয় উজ্জ্বল ; সেয়ে আপোনাৰ আগত থিয় হৈছিল, আৰু দেখিবলৈ ভয়ানক আছিল।

32সেই মুৰ্ত্তিটোৰ মুৰ শুদ্ধ সোণৰ, বুকুৰ আৰু বাহু ৰূপৰ, পেট আৰু কৰঙন পিতলৰ,

33ভৰি লোহাৰ, আৰু ভৰিৰ পতা কিছু লোহাৰ আৰু কিছু মাটিৰ আছিল ।

34আপুনি চাই থাকোঁতেই শেষত এটা শিল বিনাহাতে কাটি উলিওৱা হল, আৰু সেই শিলে মুৰ্ত্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি গুৰি কৰিলে।

35তাতে সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেবাৰে গুৰি হৈ ঘামকালৰ মৰণা মৰা খলাৰ ঘুলাৰ নিচিনা হল; আৰু বতাহে সেইবোৰ এনেকৈ উডুৱাই লৈ গল, যে, কতো সেইবোৰৰ উদ্দেশ পোৱা নগল; কিন্ত যি শিলটোৱে মুৰ্ত্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্ব্বত হৈ গোটেই পৃথিৱী জুৰিলে। সপোনতো এয়ে।

36এতিয়া আমি মহাৰাজৰ আগত ফলিতা কওঁ।

37হে মহাৰাজ, আপুনি ৰাজাধিৰাজ; স্বৰ্গৰ ঈশ্বৰে আপোনাক ৰাজ্য, ঐশ্বয্য, পৰাক্ৰম, আৰু সন্মান দিলে;

38আৰু যি যি ঠাইত মনু্ষ্যৰ সন্মানবিলাক, হাবিৰ জন্তুবোৰ, আৰু আকাশৰ পক্ষীবোৰে বাস কৰে, সেই সেই ঠাইত তেওঁ সেইবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিলে, আৰু সকলোৰে ওপৰত আপোনাক অধিপতি পাতিলে। আপুনিয়েই সেই সোণৰ মুৰ।

39আপোনাৰ পাছত আপোনাতকৈ নৰম আন এক ৰাজ্য উঠিব; তাৰ পাছত পিতলৰূপ আন এক তৃতীয় ৰাজ্য উঠিব, সেয়ে গোটেই পৃথিৱীত শাসন কৰিব।

40আৰু চতুৰ্থ ৰাজ্য লোহাৰ দৰে দৃঢ হব; লোহাই যেনেকৈ সকলো বস্তু ডোখৰ ডোখৰ কৰি গুৰি কৰে, সকলোকে ভাঙোতা লোহাৰ দৰে, ঠিক সেইদৰে এই ৰাজ্যই সেই সকলোকে ভাঙি গুৰি কৰিব।

41আৰু আপুনি দেখিছিল, ভৰিৰ পতা আৰু ভৰিৰ আঙলিবোৰ কিছু কুমাৰ-মাটিৰ আৰু কিছুৰ লোহাৰ; তাৰ দ্বাৰাই জানিব লাগে, যে, চতুৰ্থ ৰাজ্য বিভক্ত হব; কিন্তু সেই ৰাজ্যত লোহাৰ শক্তি থাকিব, কিয়নো আপুনি কুমাৰ-মাটি মিহলি থকা লোহা দেখিছিল।

42আৰু ভৰিৰ আঙুলিবোৰ যে কিছু লোহাৰ আৰু কিছু মাটিৰ আছিল, তাৰ দ্বাৰাই জানিব লাগে, যে, ৰাজ্য এভাগ দৃঢ়, আৰু এভাগ সহজে ভাঙিব পৰা হ’ব।

43আৰু আপুনি যে কুমাৰ- মাটিৰে মিহলি হোৱা লোহা দেখিছিল, তাৰ দ্বাৰাই জানিব লাগে, যে, সেই ৰাজ্যৰ লোকবিলাকৰ মাজত পৰস্পৰৰ বিবাহ সম্বন্ধ থাকিব; কিন্তু যেনেকৈ লোহা মাটিত লাগি নাথাকে, তেনেকৈ তেওঁবিলাক পৰস্পৰে লাগি নাথাকিব।

44আৰু সেই ৰজাবিলাকৰ কালত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, আৰু সেই ৰাজ্যৰ ভাৰ আন জাতিৰ হাতত দিয়া নহ’ব; কিন্তু সেযে সেই আটাইৰ ৰাজ্য ভাঙি সংহাৰ কৰি নিজে চিৰকাললৈকে থাকিব।

45আপুনি দেখিছিল যে, পৰ্ব্বতৰ পৰা বিনাহাতে এটা শিল কাটি উলিওৱা হ’ল আৰু সেই শিলো লোহা, পিতল, মাটি, ৰূপ সোণ সকলোকে গুড়ি কৰিলে; মহান ঈশ্বৰে ইয়াৰ দ্বাৰাই মহাৰাজক ভাবী ঘটনা জনালে; সপোনটো ঠিক আৰু তাৰ ফলিতাও সঁচা।

46তেতিয়া ৰজা নবূখদনেচৰে উবুৰি হৈ পৰি দানিয়েলক প্ৰণাম কৰিলে, আৰু তেওঁৰ উদ্দেশে নৈবেদ্য আৰি ধুপ উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে।

47ৰজাই দানিয়েলক উত্তৰ দি ক’লে, তুমি এই নিগূঢ় কথা বুজাব পৰা হৈছা; এতেকে তোমালোকৰ ঈশ্বৰ ঈশ্বৰবিলাকৰো ঈশ্বৰ, ৰজাবিলাকৰো প্ৰভু, আৰু নিগূঢ় বিষয় প্ৰকাশক।

48তেতিয়া ৰজাই দানিয়েলক মহান কৰি অনেক বহুমূল্য বঁটা দিলে, আৰু গোটেই বাবিল দেশৰ ওপৰত শাসনকৰ্ত্তা পদত, আৰু বাবিলত থকা সকলো বিদ্বান লোকৰ ওপৰত প্ৰধান বিষয়াবাবত নিযুক্ত কৰিলে ।

49পাছে দানিয়েলে ৰজাৰ আগত নিবেদন কৰিলত, ৰজাই চদ্ৰক, মৈচক, আৰু অবেদ-নেগোক বাবিল প্ৰদেশৰ ৰাজকাৰ্যত নিযুক্ত কৰিলে; কিন্তু দানিয়াল ৰাজ দুৱাৰত থাকিছিল।


  Share Facebook  |  Share Twitter

 <<  Daniel 2 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran