Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Amos 3 >> 

1হে ইস্ৰায়েলৰ লোকসমূহ, তোমালোকৰ বিৰুদ্ধে অর্থাৎ যিসকলক মিচৰ দেশৰ পৰা মই উলিয়াই আনিলো, সেই গোটেই জনগোষ্ঠীৰেই বিৰুদ্ধে যিহোৱাই কোৱা এই বাক্য শুনা;

2“পৃথিৱীৰ সকলো জনগোষ্ঠীৰ মাজৰ পৰা মই কেৱল তোমালোককেই বাচি ললো। এই কাৰণে তোমালোকৰ সকলো পাপ কার্যৰ কাৰণে মই তোমালোকক দণ্ড দিম। ।

3এক-পৰামৰ্শ নহলে দুজনে জানো একেলগে খোজ কাঢ়ে?

4চিকাৰ নোপোৱাকৈ অৰণ্যত সিংহই জানো গৰ্জ্জন কৰে? একো নধৰাকৈ যুবা সিংহই জানো তাৰ গাঁতৰ ভিতৰত গুজৰি থাকে?

5ফান্দত টোপ নাথাকিলে জানো চৰাই ফান্দৰ ওচৰলৈ আহে? একো নধৰাকৈ জানো ফান্দ উফৰি উঠে?

6নগৰত ৰণশিঙা বজালে প্ৰজাসকল জানো নকঁপিব? যিহোৱাই নঘটালে জানো নগৰত বিপর্যয় ঘটে ?

7অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাৱবাদীসকলৰ ওচৰত তেওঁৰ নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।

8সিংহই গৰ্জ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু যিহোৱাই কবলৈ কলে কোনে ভাৱবাদীৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব?

9তোমালোকে অচদোদ আৰু মিচৰৰ সকলো দুর্গৰ লোকসকলৰ ওচৰত প্ৰচাৰ কৰি কোৱা, ‘তোমালোকে চমৰিয়াৰ পৰ্ব্বতবোৰৰ ওপৰত গোট খোৱা; চোৱা, তাৰ মাজত কিমান বিশৃঙ্খল হৈছে! লোকসকলৰ মাজত কিমান অত্যাচাৰ হৈছে!’”

10কিয়নো, প্রভু যিহোৱাই এই কথা কৈছে, “তেওঁলোকে ন্যায় কাৰ্য্য কৰিব নাজানে; তেওঁলোকৰ দুর্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুট-দ্রব্য সাঁচি থৈছে।

11এই হেতুকে কোনো এজন শত্ৰুৱে দেশ ঘেৰাও কৰিব; তেওঁ তেওঁলোকৰ শক্তিশালী প্রতিৰক্ষাৰ উপায়বোৰ ধ্বংস কৰিব আৰু দুর্গবোৰ লুট কৰিব।”

12যিহোৱাই এই কথা কৈছে, “ভেড়াৰখীয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল ভেড়াৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰিয়াত যি ইস্রায়েলৰ লোকসকলে বাস কৰে, তেওঁলোকে কেৱল শয্যাৰ চুক বা বিচনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব।”

13বাহিনীগণৰ ঈশ্বৰ যিহোৱাই কৈছে, “তোমালোকে শুনা আৰু যাকোবৰ বংশৰ বিৰুদ্ধে সাক্ষ্য দিয়া ।

14কিয়নো, মই যিদিনা পাপৰ কাৰণে ইস্ৰায়েলক দণ্ড দিম, সেইদিনা মই বৈৎ-এলৰ যজ্ঞবেদীবোৰ ভাঙি পেলাম; বেদীৰ শিংবোৰ ভাঙি মাটিত পৰিব।

15মই জাৰকাল কটোৱা ঘৰ আৰু জহকাল কটোৱা ঘৰ ভাঙি পেলাম; হাতী দাঁতৰ শিল্পকার্য কৰা ঘৰবোৰ নষ্ট কৰা হব আৰু ডাঙৰ ডাঙৰ ঘৰবোৰ ধ্বংস কৰা হ’ব।” যিহোৱাই এই কথা কৈছে।


  Share Facebook  |  Share Twitter

 <<  Amos 3 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran