Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 57 >> 

1হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্ৰয় লৈছে; এনে কি, এই আপদবোৰৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।

2মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, মোৰ কাৰ্য্যসাধক ঈশ্বৰক নিবেদন কৰিম ।

3মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা । ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব ।

4মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে; যিবোৰৰ দাঁত বৰছা আৰু কাঁড়স্বৰূপ, আৰু যিবোৰৰ জিবা চোকা তৰোৱালস্বৰূপ, এনে অগ্নি-শিখাস্বৰূপ মনুষ্য-সন্তানবিলাকৰৰ মাজত মই শুইছোঁ ।

5হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

6সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; মোৰ প্ৰাণ নত হৈছে । সিহঁতে মোৰ সন্মুখত গাঁত খানিলে; সিহঁত নিজেই তাৰ ভিতৰত পৰিল । [চেলা ।

7হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হল, মোৰ মন সুস্থিৰ হল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম ।

8হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবেল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম ।

9হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; লোকসমূহৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম ।

10কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, আৰু তোমাৰ সত্যতা আকাশলৈকে ।

11হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক ।


  Share Facebook  |  Share Twitter

 <<  Psalms 57 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran