Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Psalms 58 >> 

1তোমালোকে বাস্তবিকতে ধৰ্মৰকথা কব লগা সময়ত নিৰবহৈ থকা নাই নে? হে মনুষ্য সন্তানসকল, তোমালোকে জানো ন্যায়ভাৱে ন্যায় বিচাৰ কৰা?

2বৰং তোমালোকৰ মনত আছে অন্যায়, আৰু দুষ্টতাৰ কার্য কৰিছা; তোমালোকে পৃথিবীত নিজৰ হাতৰ উপদ্ৰৱ তুলেৰে জুখিদিছা।

3দুষ্টবোৰ গৰ্ভত থকাৰ পৰা বিপথগামী; তেওঁলোকে জন্ম হোৱা মাত্ৰে মিছা কথা কৈ বিপদগামি হয়।

4সাপৰ বিষৰ নিচিনা তেওঁলোকৰ বিষ; তেওঁলোক কলা কালসৰ্পৰ নিচিনাকৈ নিজ কাণ বন্ধ কৰি ৰাখিছে,

5সেই সাপে যাদুকৰৰ মন্ত্ৰৰ স্বৰ নুশুনে, কোনো অসুবিধা নহয় যিমানেই দক্ষতাপূর্ণ হলেও তেওঁলোক সেই সৰ্পৰ নিচিনা।

6হে ঈশ্বৰ, তেওঁলোকৰ মুখৰ ভিতৰতেই দাঁত ভাঙিপেলোৱা; হে যিহোৱা, ডেকা সিংহবোৰৰ প্রধান দাঁত ভাঙি বাহিৰ কৰা।

7বেগাই বৈ যোৱা পানীৰ দৰে তেওঁলোক অদৃশ্য হওঁক; যেতিয়া তেওঁলোকে ধনুৰ কাঁড় পোনাই, তেতিয়া সেই কাড়বোৰ আগ ছিগা যেন হওক।

8শামুকৰ গতিৰ নিচিনাকৈ তেওঁলোক অদৃশ্য হওক, সুৰ্য্য দেখিবলৈ নোপোৱা, মহিলাৰ অসময়ত ওপজা সন্তানৰ নিচিনা হওক।

9তোমালোকৰ পাত্রবোৰত কাঁইট খৰিৰ জুইৰ তাপ নাপাওঁতেই, তেওঁ সেইবোৰক ঘূর্ণিবতাহেৰে উড়াই নিব।

10ঈশ্বৰে, যেতিয়া তেওঁলোকৰ প্রতিশোধ লোৱা দেখিব, তেতিয়া তাকে দেখি ধাৰ্ম্মিকলোকে আনন্দ কৰিব; তেওঁ নিজৰ ভৰি দুষ্টৰ তেজৰে ধুব।

11তাকে দেখি লোকসকলে কব, “সচাঁকৈয়ে ধাৰ্ম্মিক জনে পুৰস্কাৰ পাব; বাস্তৱিক পৃথিবীত বিচাৰ কৰিবলৈ ঈশ্বৰ আছে।


  Share Facebook  |  Share Twitter

 <<  Psalms 58 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran