Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 13 >> 

1যেতিয়া ইফ্ৰয়িমে কথা কৈছিল, তেতিয়া লোকবিলাকে কঁপিছিল । তেওঁ ইস্ৰায়েলৰ মাজত মহান হৈছিল ; কিন্তু যেতিয়া তেওঁ বালৰ দ্বাৰাই দোষী হল, তেতিয়া তেওঁ মৰিল ।

2আৰু এতিয়াও তেওঁবিলাকে পাপৰ উপৰি পাপ কৰি আছে, তেওঁবিলাকে নিজৰ ৰূপেৰে নিজৰ নিমিত্তে সাঁচত ঢলা মূৰ্ত্তি, নিজৰ বুদ্ধিৰে প্ৰতিমা সাজিলে ; সেই আটাইবোৰ শিল্পকৰৰ কাৰ্য্য ; বলিদান কৰোঁতাবিলাকে সেইবোৰৰ বিষয়ে কয়, তেওঁবিলাকে দামুৰিৰ মূৰ্ত্তি কেইজনাক চুমা খাওক ।

3এই হেতুকে তেওঁবিলাক প্ৰভাতৰ মেঘ, সোনকালে শুকাই যোৱা নিয়ৰ, বা’মৰলী বতাহে খলাৰ পৰা ঊড়ুৱাই নিয়া ঘুলা ; আৰু খিড়িকী দুৱাৰেদি ওলোৱা ধূঁৱাৰ নিচিনা হব ।

4তথাপি মই মিচৰ দেশৰ পৰাই তোমাৰ ঈশ্বৰ যিহোৱা ; মোৰ বাহিৰে তুমি আন কাকো ঈশ্বৰ বুলি নামানিবা, মোৰ বাহিৰে আৰু কোনো ত্ৰাণকৰ্ত্তা নাই ।

5অৰণ্যত, মহাতৃষ্ণাৰ দেশত ময়েই তোমাক জানিছিলোঁ ।

6চৰণী পাই তেওঁবিলাক তৃপ্ত হল, তৃপ্ত হোৱাত তেওঁবিলাকৰ মনত গৰ্ব্ব হল ; এই নিমিত্তে তেওঁবিলাকে মোক পাহৰিলে ।

7এই হেতুকে মই তেওঁবিলাকলৈ সিংহস্বৰূপ হম, নাহৰ-ফুটুকী বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম ।

8পোৱালিৰ পৰা বঞ্চিত হোৱা ভালুকীৰ নিচিনাকৈ মই তেওঁবিলাকৰ আগত উপস্থিত হম, আৰু তেওঁবিলাকৰ হিয়া বিদাৰিম ; মই সিংহিনীৰ নিচিনাকৈ সেই ঠাইতে তেওঁবিলাকক গ্ৰাস কৰিম ; বনৰীয়া জন্তুৱে তেওঁবিলাকক ছিৰিব ।

9হে ইস্ৰায়েল, তুমি যে মোৰ বিপক্ষ, তোমাৰ সহায়কাৰীৰ বিপক্ষ, এয়েই তোমাৰ বিনাশৰ কাৰণ ।

10তোমাৰ আটাই নগৰত তোমাক ৰক্ষা কৰিবলৈ তোমাৰ ৰজা এতিয়া ক’ত ? মোক এজন ৰজা আৰু কেতবিলাক অধ্যক্ষ দিয়ক, এই বুলি তুমি যিবিলাকৰ বিষয়ে কৈছিলা, তোমাৰ সেই বিচাৰপতিবিলাক ক’ত ?

11মই খং উঠি এজন ৰজা তোমাক দিলোঁ, আৰু খং উঠি তেওঁক গুচালোঁ ।

12ইফ্ৰয়িমৰ অপৰাধ থৈলাত ভৰাই বন্ধ কৰা হল ; তেওঁৰ পাপ সাঁচি থোৱা হল ।

13প্ৰসৱকাৰিণীৰ যাতনাই তেওঁক ধৰিব । তেওঁ অজ্ঞান পুত্ৰ ; নহলে তেওঁ প্ৰসৱ-দুৱাৰত পলম নকৰিলেহেঁতেন ।

14মই চিয়োলৰ হাতৰ পৰা তেওঁবিলাকক উদ্ধাৰ কৰিম, মৃত্যুৰ পৰা তেওঁবিলাকক মুক্ত কৰিম ; হে মৃত্যু, তোমাৰ মহামাৰী ক’ত ? হে চিয়োল, তোমাৰ সংহাৰ ক’ত ? মনপালটন মোৰ চকুৰ পৰা গুপ্ত থাকিব ।

15ইফ্ৰয়িম তেওঁৰ ভাইবিলাকৰ মাজত ফলৱান হলেও, পূবৰ বতাহত, অৰণ্যৰ পৰা অহা যিহোৱাৰ প্ৰশ্বাসত তেওঁৰ ভুমুক শুকাব, আৰু তেওঁৰ উহ শুকাই যাব ; শত্ৰুৱে তেওঁৰ ভঁৰালৰ সকলো মনোহৰ বস্তু লুট কৰিব ।

16চমৰিয়াই নিজৰ দোষৰ ভাৰ বব, কাৰণ তাই নিজ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে ; তেওঁবিলাক তৰোৱালৰ দ্বাৰাই পতিত হব, তেওঁবিলাকৰ শিশুবিলাকক আছাৰি ডোখৰ ডোখৰ কৰা হব, আৰু তেওঁবিলাকৰ গৰ্ভৱতী তিৰোতাবিলাকৰ উদৰ ফলা হব ।


  Share Facebook  |  Share Twitter

 <<  Hosea 13 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran