Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 12 >> 

1ইফ্ৰয়িমে বায়ু আহাৰ কৰে, আৰু পূবৰ বতাহক খেদি যায় ; তেওঁ অনবৰত মিছা কথা আৰু অত্যাচাৰ বঢ়ায় ; তেওঁবিলাকে অচূৰে সৈতে নিয়ম বান্ধে, আৰু মিচৰলৈ তেল পঠাই দিয়ে ।

2যিহূদাৰ ওপৰতো যিহোৱাৰ গোচৰ আছে ; তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব, তেওঁৰ কাৰ্য্য অনুসাৰে তেওঁক প্ৰতিফল দিব ।

3গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোৱাত ধৰিছিল, আৰু নিজ শক্তিৰে ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল ।

4এনে কি, তেওঁ দূতজনাৰ লগত যুদ্ধ কৰি জয়ী হৈছিল ; তেওঁ সেই জনাৰ ওচৰত কান্দিলে আৰু মিনতি কৰিলে ; যিহোৱাই তেওঁক বৈৎ-এলত পালে ; সেই ঠাইত যিহোৱাই আমাৰে সৈতে কথা-বাৰ্ত্তা হল ।

5তেওঁ যিহোৱা, বাহিনীবিলাকৰ ঈশ্বৰ ; যিহোৱা তেওঁৰ নাম ।

6এই হেতুকে তুমি তোমাৰ ঈশ্বৰলৈ ঘূৰা ; দয়া আৰু ন্যায় বিচাৰ পালন কৰা, আৰু অনবৰত তোমাৰ ঈশ্বৰলৈ অপেক্ষা কৰা ।

7ইফ্ৰয়িম এজন বেপাৰী, তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে ; তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায় ।

8আৰু ইফ্ৰয়িমে কৈছে, নিশ্চয়ে মই চহকী হলোঁ, নিজৰ নিমিত্তে মই ধন সম্পত্তি পালোঁ ; মোৰ সকলো পৰিশ্ৰমত, লোকে পাপ বুলিব পৰা মোৰ কোনো অপৰাধ নাপাব ।

9কিন্তু মিচৰ দেশৰ পৰাই মই তোমাৰ ঈশ্বৰ যিহোৱা ; মই পৰ্ব্ব-দিনৰ নিচিনাকৈ পুনৰায় তোমাক তম্বুত বাস কৰাম ।

10আৰু মই ভাববাদীবিলাকৰ আগত কথা কলোঁ, অনেক দৰ্শন দেখুৱালোঁ ; আৰু ভাববাদীবিলাকৰ দ্বাৰাই দৃষ্টান্ত-কথা ব্যৱহাৰ কৰিলোঁ ।

11গিলিয়দ অপৰাধী নহয়নে ? তেওঁবিলাক সম্পূৰ্ণ অসাৰ ; গিলগলত লোকবিলাকে ভতৰা বলিদান কৰে, এনে কি, তেওঁবিলাকৰ যজ্ঞ-বেদিবোৰ পথাৰৰ সীৰলুত থকা শিলৰ দ’মৰ নিচিনা ।

12যাকোব অৰাম দেশলৈ পলাই গৈছিল ; ইস্ৰায়েলে এজনী ভাৰ্য্যাৰ নিমিত্তে খাটনি খাটিছিল, এজনী ভাৰ্য্যাৰ নিমিত্তে ভেড়া ৰখিছিল ।

13যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল ; এজন ভাববাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল ।

14ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে ; এই হেতুকে তেওঁ কৰা ৰক্তপাতৰ দোষ তেওঁ তেওঁৰ গাতে পেলাই দিব, আৰু তেওঁ দিয়া ধিক্কাৰৰ প্ৰতিফল তেওঁৰ প্ৰভুৱে তেওঁক দিব ।


  Share Facebook  |  Share Twitter

 <<  Hosea 12 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran