Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 11 >> 

1ইস্ৰায়েলৰ লৰা কালত মই তাক স্নেহ কৰিছলোঁ, আৰু মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ ।

2ভাববাদীবিলাকে তেওঁবিলাকক যিমানে মাতিছিল, সিমানে তেওঁবিলাক তেওঁবিলাকৰ পৰা আঁতৰি গৈছিল ; তেওঁবিলাকে বাল দেৱতাবোৰৰ উদ্দেশে বলিদান কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ নিমিত্তে ধূপ জ্বলাইছিল ।

3তথাপি মই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালো, তেওঁবিলাকক মোৰ কোলাত ললোঁ ; কিন্তু মই যে তেওঁবিলাকক সুস্থ কৰিলোঁ তাক তেওঁবিলাকে নুবুজিলে ।

4মই মানুহৰ যোগ্য ৰছীৰে, প্ৰেমজৰীৰে তেওঁবিলাকক টানি আনিলোঁ ; আৰু মই তেওঁবিলাকলৈ, ডিঙিৰ পৰা যুৱলিখন ডাঙি গুচুউৱা মানুহ যেন হলোঁ আৰু মই মৰম কৰি তেওঁবিলাকক আহাৰ দিলোঁ ।

5তেওঁ মিচৰ দেশলৈ উলটি নাযাব ; কিন্তু অচূৰীয়া লোক তাৰ ৰজা হব, কিয়নো তেওঁবিলাক উলটি আহিবলৈ অসন্মত হল ।

6আৰু তেওঁবিলাকৰ নগৰবোৰৰ ওপৰত তৰোৱাল পৰিব ; সেয়ে তেওঁবিলাকৰ ডাংবোৰ নষ্ট কৰিব, আৰু তেওঁবিলাকৰ আলচৰ কাৰণে তেওঁবিলাকক গ্ৰাস কৰিব ।

7আৰু মোৰ প্ৰজাবিলাকে মোৰ পৰা অবাটে যাবলৈ মুখ কৰে ; তেওঁবিলাকক ওপৰত থকা জনাৰ ফাললৈ মাতিলেও কোনেও উধাবলৈ চেষ্টা নকৰে ।

8হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম ? হে ইস্ৰায়েল, মই কেনেকৈ তোমাক শোধাই দিম ? মই কেনেকৈ তোমাক অদ্মাৰ নিচিনা কৰিম ? মই চবোয়ীমৰ অৱস্থাত তোমাক কেনেকৈ পেলাম ? মোৰ হৃদয় মোৰ অন্তৰত বিকৃত হল, মোৰ মনত একেবাৰে প্ৰেমাগ্নি জ্বলিছে ।

9মোৰ প্ৰচণ্ড ক্ৰোধ মই সিদ্ধ নকৰিম, মই ইফ্ৰয়িমক আকৌ বিনষ্ট নকৰিম ; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ, মই তোমাৰ মাজত থকা পবিত্ৰ জনা ; মই ক্ৰোধেৰে উপস্থিত নহম ।

10তেওঁবিলাকে যিহোৱাৰেই পাছত চলিব ; তেওঁ সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰিব ; হয়, তেওঁ গৰ্জ্জন কৰিলে পশ্চিম ফালৰ পৰা সন্তানবিলাক কঁপি কঁপি আহিব ।

11তেওঁবিলাকে কঁপি কঁপি, মিচৰ দেশৰ পৰা পক্ষীৰ নিচিনাকৈ, আৰু অচূৰ দেশৰ পৰা কপৌৰ নিচিনাকৈ আহিব ; যিহোৱাই কৈছে, মই তেওঁবিলাকক নিজ নিজ ঘৰত বাস কৰাম ।

12ইফ্ৰয়িমে মিছা কথাৰে, আৰু ইস্ৰায়েল বংশই প্ৰবঞ্চনাৰে মোক বেৰিছে ; আৰু যিহূদা এতিয়াও ঈশ্বৰৰ আগত, বিশ্বাসী পবিত্ৰ জনাৰেই আগত অস্থিৰ ।


  Share Facebook  |  Share Twitter

 <<  Hosea 11 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran