Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Hosea 14 >> 

1হে ইস্ৰায়েল, তোমাৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, কিয়নো তুমি নিজ অপৰাধৰ দ্বাৰাই পতিত হলা ।

2তোমালোকে বাক্যৰূপ উপহাৰ লগত লৈ যিহোৱালৈ ঘূৰা ; তেওঁক এই কথা কোৱা, তুমি আটাই অপৰাধ দূৰ কৰা, যি উত্তম, তাক গ্ৰহণ কৰা ; তাতে আমি আমাৰ ওঁঠ ভতৰাস্বৰূপে উৎসৰ্গ কৰিম ।

3অচূৰে আমাক উদ্ধাৰ নকৰিব ; আমি ঘোঁৰাত নুঠিম, বা তোমালোক আমাৰ ঈশ্বৰ, এই বুলি আমাৰ হাতেৰে কৰা বস্তুক আৰু নকম ; কিয়নো তোমাতহে পিতৃহীনে দয়া পায় ।

4মই তেওঁবিলাকৰ বিপথ-গমনস্বৰূপ ৰোগ সুস্থ কৰিম, মই এনেই তেওঁবিলাকক প্ৰেম কৰিম ; কিয়নো মোৰ ক্ৰোধ তৰি পৰা ঘূৰিল ।

5মই ইস্ৰায়েললৈ নিয়ৰস্বৰূপ হম ; তেওঁ কনাৰি ফুলৰ নিচিনাকৈ ফুলিব, আৰু লিবানোনৰ নিচিনাকৈ মূল ধৰিব ।

6তেওঁৰ গজালিবোৰ বাঢ়ি যাব ; জিতগছৰ নিচিনা তেওঁৰ শোভা, আৰু লিবানোনৰ নিচিনা তেওঁৰ সুগন্ধ হব ।

7তেওঁৰ ছাঁত বাস কৰাবিলাক পুনৰায় আহিব, শস্যৰ দৰে পুনৰ্জীৱিত হব, দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব, আৰু লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁৰ সুখ্যাতি হব ।

8ইফ্ৰয়িমে কব, মূৰ্ত্তিবোৰৰ লগত মোৰ আৰু কি সম্পৰ্ক ; মই উত্তৰ দিলোঁ, আৰু তালৈ সুদৃষ্টি কৰিম ; মই কেঁচাপতীয়া দেৱদাৰু গছৰ নিচিনা ; মোতেই তোমাৰ ফল পোৱা যায় ।

9জ্ঞানৱানে এইবোৰ কথা বুজিব, বুদ্ধিমানে এইবোৰ কথা জানিব ; কিয়নো যিহোৱাৰ সকলো পথ সৰল, আৰু ধাৰ্ম্মিকবিলাকে সেইবোৰত গমন কৰিব, কিন্তু অধাৰ্ম্মিকবিলাকে সেইবোৰৰ মাজত উজুটি খাই পৰিব ।


  Share Facebook  |  Share Twitter

 <<  Hosea 14 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran