1তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
2এতিয়াও মোৰ কাঁতৰোক্তি বিৰুদ্ধী; মোৰ কেঁকনিতকৈয়ো মই খোৱা কোব গুৰুতৰ।
3অস, মই তেওঁক ক’ত পাম, তাক জনা হলে, আৰু তেওঁৰ তালৈ যাব পৰা হলে, কেনে ভাল আছিল।
4তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন, আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন;
5তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব, তাক মই জানিলোহেঁতেন, আৰু তেওঁ মোলৈ কি কি কব, তাকো বুজিলোহেঁতেন।
6তেওঁ মহাপৰাক্ৰমেৰে মোৰ লগত জিত কৰিলেহেঁতেন নে? নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন।
7তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন;
8চোৱা, মই পূব ফাললৈ যাওঁ, কিন্তু তেওঁ নাই; আৰু পশ্চিম ফাললৈ যাওঁ, তাতো তেওঁৰ উদ্দেশ নাপাওঁ।
9তেওঁ কাৰ্য্য কৰা সময়ত মই উত্তৰ ফললৈ যাওঁ, কিন্তু মই তেওঁক দেখা নাপাওঁ; তেওঁ দক্ষিণ ফালে নিজকে লুকুৱায়, কিন্তু মই তেওঁক নেদেখোঁ।
10কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
11মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ; এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ।
12তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই; তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰত্কৈয়ো বহুমূল্য জ্ঞান কৰিলোঁ।
13কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে ? তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।
14মোলৈ যি নিৰূপিত, নিশ্চয়ে তাক তেওঁ সিদ্ধ কৰিব; আৰু এনে অনেক কথা তেওঁৰ মনত আছে।
15এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ। মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ।
16কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে;
17কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ, আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ।