Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 9 >> 

1মাদীয়া বংশৰ অহচবেৰোচৰ পুত্ৰ যি দাৰিয়াবচে কলদিয়া ৰাজ্য পালে,

2তেওঁ ৰাজত্বৰ প্ৰথম বছৰত মই দানিয়েলে, যিৰুচালেম উচ্ছন্ন হোৱা দশাৰ সময় পূৰ কৰিবলৈ যিমান বচৰ লাগিব, যিহৰ বিষয়ে যিহোৱাৰ বাক্য যিৰিমিয়া ভাৱবাদীৰ ওচৰলৈ আহিছিল, শাস্ত্ৰৰ দ্বৰাই তাৰ সংখ্যা সত্তৰ বছৰ বুলি বুজিলোঁ।

3পাছে, লঘোণ দি, চট কাপোৰ পিন্ধি, ছাই লৈ, প্ৰাৰ্থনা মিনতিৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কিৰিলোঁ।

4আৰু মোৰ ঈশ্বৰ যিহোৱাৰ আগত মই প্ৰৰ্থনা কৰি পাপ স্বীকাৰ কৰি কলোঁ, হে প্ৰভু, হে মহান, ভয়ানক, আৰু তোমাক প্ৰেম কৰোঁতা ও তোমাৰ আজ্ঞা পালন কৰোঁতা ও তোমাৰ আজ্ঞা পালন কৰোঁতা বিলাকলৈ নিয়ম আৰু দয়া ৰাখোঁতা ঈশ্বৰ,

5আমি পাপ কৰিলোঁ, অপৰাধ কৰিলোঁ, দুষ্কৰ্ম্ম কৰিলোঁ, আৰু বিদ্ৰোহ আচৰণ কৰি তোমাৰ বিধি ও শাসন ত্যাগ কৰিলোঁ;

6আৰু তোমাৰ দাস যি ভাববাদীবিলাকে আমাৰ ৰজা, অধ্যক্ষ, পূৰ্ব্ব-পুৰুষ, আৰু দেশৰ আটাই প্ৰজাবিলাকক তোমাৰ নামেৰে কথা ক’লে, তেওংবিলাকলৈ আমি কাণ কৰা নাই।

7হে প্ৰভু ধৰ্ম্মিকতা তোমাৰেই; কিন্তু আজি দেখাৰ দৰে আমাৰ হ’লে বিবৰ্ণ মুখ; যিহূদাৰ লোকবিলাকৰ যিৰুচালেম নিবাসীবিলাকৰ, আৰু তোমাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰাৰ কাৰণে তোমাৰ দ্বাৰাই দেশ বিদেশে ছিন্ন-ভিন্ন হোৱা, ওচৰত থকা কি দূৰত থকা সকলো ঈস্ৰায়েলৰে বিবৰ্ণ মুখ;

8হে প্ৰভু, আমাৰ, ৰজাবিলাকৰ, অধ্যক্ষবিলাকৰ আৰু আমাৰ পূৰ্ব্ব-পুৰুষবিলাকৰ বিবৰ্ণ মুখ; কিয়নো আমি তোমাৰ অহিতে পাপ কৰিলোঁ।

9দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰেই; কিয়নো আমি তেওঁৰ বিদ্ৰোহী হৈছোঁ;

10আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্যলৈ আমি কাণ কৰা নাই, আৰু তেওঁ নিজৰ দাস ভাববাদীবিলাকৰ দ্বৰাইআমাৰ আগত যি সকলো ব্যৱস্থা ৰাখিলে, সেই মতে আসি চলা নাই;

11বৰং গোটেই ইস্ৰায়েলে তোমাৰ বাক্য নুশুনিবৰ নিমিত্তে বিপথগামী হৈ তোমাৰ ব্যৱস্থা লঙ্ঘন কৰিলে; সেই নিমিত্তে ঈশ্বৰৰ দাস মোচিৰ ব্যৱস্থাত লিখা শাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে; কাৰণ আমি তেওঁৰ অহিতে পাপ কৰিলোঁ।

12আৰু তেওঁ আমাৰ ওপৰত মহা-অমঙ্গল ঘটাই, আমাৰ বিচাৰ কৰা বিচাৰকৰ্ত্তাবিলাকৰ বিৰুদ্ধেনিজে কোৱা বাক্য সিদ্ধ কৰিলে; কিয়নো যিৰুচালেমলৈ যেনেকৈ কৰা হ’ল, গোটেই আকাশ মণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই।

13মোচিৰ ব্যৱস্থাত যেনেকৈ লিখা আছে, সেইদৰে এই সকলো অমঙ্গল আমালৈ ঘটিব, তথাপি আমি নিজ নিজ অপৰাধৰ পৰা উলটিবলৈ, নাইবা তোমাৰ সত্যত বুদ্ধিৰে চলিবলৈ, আমাৰ ঈশ্বৰ যিহোৱাৰ আগত অনুগ্ৰহ প্ৰাৰ্থনা কৰা নাই।

14এই হেতুকে যিহোৱাই মঙ্গল পৰ দি ৰাখি আমালৈ তাক ঘটালে; কিয়নো আমাৰ ঈশ্বৰ যিহোৱাই কৰা আটাই কাৰ্য্য ধৰ্ম্মময়, কিন্তু আমি তেওঁৰ বাক্যলৈ কাণ কৰা নাই।

15আৰু, বলী হাতেৰে মিচৰ দেশৰ পৰা নিজ প্ৰজাবিলাকক উলিয়াই আনি আজিলৈকে কীৰ্ত্তিমন্ত হোৱা হে আমাৰ প্ৰভু ঈশ্বৰ, আমি পাপ কৰিলোঁ, আমি দুষ্কৰ্ম্ম কৰিলোঁ।

16হে প্ৰভু, বিনয় কৰোঁ, তোমাৰ সকলো ধাৰ্ম্মিকতা অনুসাৰে তোমাৰ নগৰ যিৰুচালেমৰ পৰা, তোমাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা তোমাৰ ক্ৰোধ আৰু কোপ ঘুৰক; কিয়নো আমাৰ পাপৰ আৰু আমাৰ পুৰ্ব্ব-পুৰুষবিলাকৰ অপৰাধৰ কাৰনেই, যিৰুচালেম আৰু তোমাৰ প্ৰজা, আমাৰ চাৰিওফালে থকা সকলোৰে ধিক্কাৰৰ বিষয় হৈছে।

17এতেকে হে আমাৰ ঈশ্বৰ, তোমাৰ এই দাসৰ প্ৰাৰ্থনা আৰু মিনতিলৈ কাণ দিয়া, আৰু নিজলৈ চাই, ধ্বংস কৰা তোমাৰ ধৰ্ম্মধামলৈ মুখ উজ্জ্বলকৰা।

18হে মোৰ ঈশ্বৰ, কাণ পাতি শুনা, চকু মেলি আমাৰ ধ্বংস কৰা ঠাইবোৰলৈ, আৰু তোমাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰা; কিয়নো আমাৰ ধাৰ্ম্মিকতা কাৰনে নহয়, কিন্ত তোমাৰ অধিক অনুগ্ৰহৰ কাৰনেহে আমি তোমাৰ আগত আমাৰ বিনয়-বাক্য উপস্হিত কৰিছোঁ।

19হে প্ৰভু, শুনা; হে প্ৰভু, ক্ষমা কৰা; হে প্ৰভু কাণ দিয়া, আৰু কাৰ্য্য কৰা, পলম নকৰিবা; তোমাৰ নগৰখন আৰু তোমাৰ প্ৰজাবিলাক তোমাৰ নামেৰে প্ৰখ্যাত হোৱাৰ কাৰণে, হে মোৰ ঈশ্বৰ, তুমি নিজলৈ চাই কাৰ্য্য কৰা।

20এইদৰে যি সময়ত মই কথা কৈ প্ৰাৰ্থনা কৰি নিজ পাপ, আৰু স্বজাতীয় ইস্ৰায়েল লোকৰ পাপ স্বীকাৰ কৰিছিলোঁ, আৰু নিজ ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতৰ নিমিত্তে নিজ ঈশ্বৰ যিহোৱাৰ আগত বিনয়-বাক্য উপস্থিত কৰিছিলোঁ,

21এনে কি, যি সময়ত মই প্ৰাৰ্থনা-বাক্য কৈ আছিলোঁ, সেই সময়ত পুৰ্ব্বৰ দৰ্শনত দেখা পুৰুষ গাব্ৰিয়েলে আজ্ঞা পাই বৰ বেগেৰে উড়ি, আহি সন্ধ্যাকালৰ বলিদান উৎসৰ্গ কৰা সময়ত মোক চুলে।

22তেওঁ মোক বুজাই দিলে, আৰু মোৰ লগত কথাবাৰ্ত্তা হৈ কলে, হে দানিয়েল, তোমাক বুজাত নিপুণ কৰিবলৈ মই আহিলোঁ।

23তোমাৰ বিনয়-বাক্যৰ আৰম্ভণতে এটা কথা প্ৰকাশিত হল; তাতে মই তাক তোমাৰ আগত কবলৈ আহিলোঁ, কিয়নো তুমি অতি প্ৰিয়; এই হেতুকে কথাটো বিবেচনা কৰা, আৰু দৰ্শনৰ কথাবোৰ বুজা।

24অধৰ্ম্ম শেষ কৰিবলৈ, পাপ অন্ত কৰিবৈ, অপৰাধ মোচন কৰিবলৈ, চিৰকলিয়া ধাৰৰ্ম্মিকতা উপস্থিত কৰিবলৈ, দৰ্শন আৰু ভাববাণী মোহৰ মাৰিবলৈ, আৰু মহাপবিত্ৰস্থান অভিষেক কৰিবলৈ তোমাৰ জাতিৰ আৰু তোমাৰ পবিত্ৰ নগৰৰ নিমিত্তে সত্তৰ সপ্তাহ নিৰূপিত হল।

25এই হেতুকে তুমি ইয়াক জ্ঞাত হোৱা আৰু বুজি লোৱা, যে, যিৰূচালেমক পুনঃস্থাপন আৰু নিৰ্ম্মাণ কৰিবৰ আজ্ঞা প্ৰকাশিত হোৱাৰে পৰা, এজন অভিষিক্ত অধিপতিলৈ সাত সপ্তাহ; আৰু বাষষ্টি সপ্তাহত সঙ্কটৰ কালতো তাৰ চক আৰু খাৱৈয়ে সৈতে তাক পুণৰায় নিৰ্মাণ কৰা হব।

26সেই বাষষ্টি সপ্তাহৰ শেষত এজন অভিশিক্ত লোকক উচ্ছন্ন কৰা হব, আৰু তেওঁৰ সম্বন্ধীয়া কোনো নাথাকিব; আৰু আহিব লগা অধিপতিৰ প্ৰজাবিলাকে নগৰখন আৰু ধৰ্ম্মধাম বিনষ্ট কৰিব; জলপ্লাবনৰ দ্বাৰাই সেইজনৰ শেষ হব, আৰু শেষলৈকে ৰণ হব; ধবংস নিৰূপিত হৈছে।

27এক সপ্তাহলৈকে সেইজনে অনেকৰ লগত এটি দৃঢ় নিয়ম কৰিব, আৰু সেই সপ্তাহৰ আধাৰ কালত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব; পাছে ঘিনলগীয়া বষ্ত্তৰ ডেউকাৰ ওপৰত ধবংসক থাকিব, আৰু নিৰুপিত উচ্ছন্নতালৈকে ধবংসকৰ ওপৰত ক্ৰোধৰুপ বৃষ্টি বৰ্ষোৱা হব।


  Share Facebook  |  Share Twitter

 <<  Daniel 9 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran