Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Daniel 10 >> 

1পাৰস্যৰ কোৰচ ৰজাৰ ৰাজত্বৰ তৃতীয় বছৰত বেলটচচৰ নামেৰে প্ৰখ্যাত দানিয়েলৰ আগত এটা কথা প্ৰকাশ কৰা হ’ল; সেই কথা সত্য, আৰু মহাযুদ্ধ বিষয়ক; তেওঁ সেই কথা বুজিলে, আৰু দৰ্শনৰ কথা জানিলে।

2সেই সময়ত মই দানিয়েলে পূৰা তিনি সপ্তাহ শোক কৰি আছিলোঁ।

3সেই তিনি সপ্তাহ পূৰ লোহোৱালৈকে মই সোৱাদ পিঠা নাখালোঁ, আৰু মই গাত তেলো নঘহিলোঁ।

4পাছে প্ৰথম মাহৰ চৌবিশ দিনৰ দিনা, মই হিদ্দেকল নামেৰে মহানদীৰ পাৰত থাকোঁতে,

5চকু তুলি চাই শণ সূটাৰ বস্ত্ৰ পিন্ধা আৰু উফজৰ উত্তম সোণৰ টঙালিৰে কঁকাল বন্ধা এজন পুৰুষ দেখিলোঁ।

6তেওঁৰ শৰীৰ বৈদুৰ্য্য মণিৰ নিচিনা, তেওঁ চকু দুটা জ্বলি থকা দুটা আৰিয়াৰ নিচিনা, তেওঁৰ হাত ভৰি দেখোঁতে চকা পিতলৰ নিচিনা, আৰু তেওঁ কথা কোৱাৰ শব্দ লোকসমোহে কথা কোৱা শব্দৰ নিচিনা।

7মই দানিয়েলে অকলেই এই দৰ্শণ পালোঁ; কিয়নো মোৰ লগৰ লোকবিলাকে এই দৰ্শণ নাপালে; কিন্তু তেওঁবিলাকে অতিশয় কম্পমান হৈনিজকে লুকুৱাবলৈ পলাল।

8এই দৰেই মই অকলেই অৱশিষ্ট থাকি সেই মহা দৰ্শণ দেখা পালোঁ; তাতে মোত একো বৱ নাথাকিল; কিয়নো মোৰ স্বৰুপ গুচি কৰুপ হ’ল, আৰু মোৰ গাত শক্তি নাইকিয়া হ’ল।

9তথাপি তেওঁ কথাকোৱা শব্দ মই শুনিলোঁ, তেওঁ কথা কোৱাৰ সেই শব্দ শুনা সময়ত মই নাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰাত আছিলোঁ।

10তেতিয়া চোৱা, এখনহাতে মোক চুই আঁঠু আৰু দুই হাতৰ তলোৱাত মোক ভৰ দিয়ালে।

11পাছে তেওঁ মোক ক’লে, হে দানিয়েল, হে প্ৰিয় পুৰুষ, যি কথা মই তোমাক ক’ম, তাক তুমি বুজি লোৱা আৰু উঠি থিয় হোৱা; কিয়নো মোক এতিয়া তোমা গুৰিলৈ পঠোৱা হ’ল। তেওঁ মোক সেই কথা কলত, মই উঠি থিয় হৈ কঁপিব ধৰিলোঁ।

12তেতিয়া তেওঁ মোক ক’লে, হে দানিয়েল ভয নকৰিবা; কিয়নো তুমি বুজিবলৈ, আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলা মন থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে; আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ

13কিন্তু পাৰস্যৰ ৰজা ৰক্ষকদূত একৈশ দিনলৈকে মোৰ অহিতে থিয় হৈ আছিল; পাছে চোৱা, প্ৰধান ৰক্ষকদূতবিলাকৰ মাজৰ মীখায়েল নামেৰে এজনে মোক সহায় কৰিবলৈ আহিল; তাতে মই সেই ঠাইত পাৰস্যৰ ৰজাবিলাকৰ গুৰিত থাকিবৰ আৱশ্যক নহল।

14এতিয়া শেষ কালত তোমাৰ জাতিলৈ যি ঘটিব, তাকে তোমাক বুজাই দিবলৈ মই আহিলোঁ; কিয়নো এই দৰ্শণৰ কথাবোৰ ঘটিবলৈ এতিয়াও বহুদিন আছে।

15তেওঁ মোক এনেকুৱা কথা কলত, মই মাটিলৈ মুখ কৰি অবাক হৈ থাকিলোঁ।

16তাতে চোৱা, মনুষ্যৰ সন্তানৰ নিচিনা এজন পুৰুষে মোৰ ওঠ চুলত, মই মোখ মেলিলোঁ; আৰু মোৰ আগত থিয় হৈ থকা জনক ক’লে, হে মোৰ প্ৰভু, এই দৰ্শণৰ কাৰণে মোক মৰ্ম্মবেদনাই ধৰিছে, মোৰ গাত একো শক্তি নাইকিয়া হ’ল।

17কাৰণ মোৰ প্ৰভুৰ এই দাসে কেনেকৈ মোৰ এই পেৰভুৰ লগত কথা হ’ব পাৰে? কিয়নো মোৰ বিষয়ে কবলৈ গ’লে, তেতিয়াৰে পৰা মোৰ গাত সমূলি ব’ল নাইকিয়া হ’ল, আৰু মোত উশাহো নাইকিয়া হ’ল।

18তেতিয়া মানুহৰ আকৃতি সেই পুৰুষ জনে পুনৰাই চুই মোক সবল কৰিলে;

19আৰু তেওঁ ক’লে, হে প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি সবল হোৱা, হয়, সবল হোৱা। তেওঁ মোক কথা কলত, মই সবল হৈ ক’লোঁ, মোৰ প্ৰভুৱে কওক; কিয়নো আপুনি মোক সবল কৰিলে।

20তেতিয়া তেওঁ মোক ক’লে, মই তোমাৰ ওচৰলৈ কি নিমিত্তে আহিলোঁ, তাক তুমি জানিচা নে? এতিয়া মই পাৰস্যৰ ৰক্ষকদূতবিলাকৰ লগত যুদ্ধ কৰিবলৈ উলতি যাওঁ; আৰু চোৱা, মই গুচি গলেই যাবনৰ ৰক্ষকদূতজন আহিব।

21সেয়ে যি হওক, সত্যৰ পুস্তকত যি লিখা আছে, তাক মই তোমাক জনাওঁ; তেওঁবিলাকৰ অহিতে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষকদূত মীখায়েলৰ বাহিৰে আৰু কোনো নাই।


  Share Facebook  |  Share Twitter

 <<  Daniel 10 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran