Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Matthew 3 >> 

1সেই কালত যোহন বাপ্তাইজকে আহি, যিহূদীয়াৰ মৰুপ্রান্তত প্রচাৰ কৰিব ধৰিলে।

2তেওঁ ক’লে, “মন পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”

3কাৰণ এৱেঁই সেই যোহন, যি জনৰ বিষয়ে যিচয়া ভাৱবাদীৰ দ্বাৰাই এই বুলি কোৱা হৈছিল যে, "মৰুপ্রান্তত এজনৰ উচ্চস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ প্রস্তুত কৰা৷ তেওঁৰ বাট পোন কৰা।

4যোহনে উটৰ নোমেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল, কঁকালত চামৰাৰ টঙালি বান্ধিছিল। কচুৱা ফৰিং আৰু হাবিৰ মৌ তেওঁৰ আহাৰ আছিল।

5সেই সময়ত যিৰূচালেম, সমগ্র যিহূদিয়া আৰু যৰ্দ্দন নদীৰ দাতিকাষৰীয়া অঞ্চলৰ লোক সকল তেওঁৰ ওচৰলৈ আহিব ধৰিলে।

6লোক সকলে যেতিয়া নিজৰ নিজৰ পাপবোৰ স্বীকাৰ কৰিলে, তেতিয়া যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিস্ম দিলে।

7যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?

8মন পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওঁক।

9আপোনালোকে নিজৰ মনতে “আমাৰ পিতৃপুৰুষ অব্ৰাহাম আছে” বুলি চিন্তাও নকৰিব; কিয়নো মই আপোনালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও অব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে।

10গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হয়।

11আপোনালোকে মন পালটন কৰা বাবে মই আপোনালোকক পানীত বাপ্তিস্ম দিছো, কিন্তু মোৰ পাছত যি জন আহি আছে, তেওঁ মোতকৈও শক্তিশালী; মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ; তেওঁ আপোনালোকক পবিত্ৰ আত্মা আৰু জুইত বাপ্তিস্ম দিব।

12তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁৰ শস্য মৰা চোতাল তেওঁ ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভড়ালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।

13সেই সময়ত যীচুৱে বাপ্তিস্ম লবলৈ গালীলৰ পৰা যর্দ্দন নদীৰ পাৰত থকা যোহনৰ কাষলৈ আহিল।

14কিন্তু যোহনে তেওঁক বাধা দি ক’লে, “মইহে বৰং আপোনাৰ দ্বাৰা বাপ্তিস্ম লোৱা উচিত” এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছে?”

15কিন্তু যীচুৱে উত্তৰ দি তেওঁক ক’লে, “এতিয়া এনেকৈয়ে হবলৈ দিয়া; কিয়নো সকলো ধাৰ্ম্মিকতা আমি এইদৰে পূর্ণ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল।

16যীচুৱে বাপ্তিস্ম লৈ পানীৰ পৰা উঠাৰ লগে লগে তেওঁৰ সন্মুখত স্বৰ্গ মুকলি হ’ল আৰু ঈশ্বৰৰ আত্মা কপৌৰ দৰে নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে।

17তেতিয়া এই আকাশ-বাণী হ’ল, “চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।”


  Share Facebook  |  Share Twitter

 <<  Matthew 3 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran