Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 42 >> 

1তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,

2মই জানো, যে, তুমি সকলোকে কৰিব পাৰা; কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়।

3এই যি জনে বিনাজ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখে, এইটো কোন ? সেইদৰে কৰি, মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক’লোঁ।

4মিনতি কৰোঁ, শুনা, মই কথা কওঁ, মই তোমাক সোধোঁ, তুমি মোক কোৱা।

5পুৰ্ব্বে তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলো।

6এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰিু ছাঁইত বহি মই খেদ কৰিছোঁ।

7যিহোৱাই ইয়োব এইবোৰ কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।

8এই হেতুকে তোমালোকে সাতোটা ভঁতৰা, আৰু সাতোঁটা মতা মেৰ লৈ, মোৰ দাস ইয়োবৰ ওচৰল গৈ নিজৰ নিমিত্তে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ নিমিত্তে প্ৰাৰ্থনা কৰিব, কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে যাতে মই তোমালোকক প্ৰতিফল নিদিম, এই নিমিত্তে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।

9তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিলদদ, আৰু নামাথীয়া চুফৰে গৈ, যিহোৱাই তেওঁবিলাকক আজ্ঞা দিয়াৰ দৰে কৰিলে; তাতে যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে।

10আৰু ইয়োবে তেওঁৰ বন্ধুবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিলত, যিহোৱাই তেওঁৰ দুৰ্দশা পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।

11পাছে তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকবিলাকে, আৰু তেওঁ আগৰ চিনাকী লোকবিলাকে ইয়োবৰ ওচৰলৈ আহি তেওঁ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ নিমিত্তে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁ শান্তনা কৰিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ কচীতা ৰূপ, আৰু আৰু এটা সোণৰ কুণ্ডল দিলে।

12এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ ও ছাগ, ছয় হাজাৰ উঁট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল।

13তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী জীয়েকো হ’ল।

14তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে।

15ইয়োবৰ জীয়েক বিলাকৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁবিলাকৰ ভায়েক-ককায়েক বিলাকৰ লগত তেওঁবিলাককো উত্তৰাধিকাৰ দিলে।

16ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো-নাতি আদি চাৰি পুৰুষলৈকে দেখিলে।

17এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্য়াগ কৰিলে।


  Share Facebook  |  Share Twitter

 <<  Job 42 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran