Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Acts 25 >> 

1ফীষ্ট সেই প্ৰদেশলৈ আহি, তিন দিনৰ পাছত চীজাৰিয়াৰ পৰা যিৰূচালেমলৈ গ'ল।

2তাতে প্ৰধান পুৰোহিত সকলে আৰু ইহুদী সকলৰ প্ৰধান লোকে তেওঁৰ আগত পৌলৰ বিৰুদ্ধে দৃঢ়ভাৱে জনালে৷

3এনে উদ্দেশ্যেৰে ফীষ্টক অনুগ্ৰহ যাচনা কৰি নিবেদন কৰিলে, যাতে তেওঁ মানুহ পঠাই পৌলক যিৰূচালেমলৈ লৈ আহে, আৰু তেওঁলোকে যেন বাটতে খাপ দি পৌলক বধ কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে।

4কিন্তু ফিষ্টে তেওঁলোকক উত্তৰ দিলে, যে পৌলক চিজাৰিয়াত বন্দী কৰি ৰখা হৈছে আৰু সেয়েহে সোনকালে তেওঁ নিজে তালৈকে যাব।

5গতিকে, তেওঁ কলে, "যদি সেই মানুহৰ কোনো দোষ আছে, তেন্তে তোমালোকৰ মাজৰ কেইজনমান শক্তিমন্ত লোকে মোৰে সৈতে গৈ, তেওঁৰ ওপৰত গোচৰ কৰক৷"

6পাছত তাত আঠ দহ দিনতকৈ বেচি দিন নাথাকি, তেওঁ চিজাৰিয়ালৈ গুচি গ'ল৷ পাছদিনা তেওঁ সোধৰ আসনত বহি, পৌলক আনিবলৈ আজ্ঞা দিলে।

7পাছত তেওঁ উপস্থিত হোৱাত যিৰূচালেমৰ পৰা অহা ইহুদী সকলে তেওঁৰ চাৰিওফালে থিয় হৈ, তেওঁক অনেক বিষয়ত গুৰুতৰ দোষ দিব ধৰিলে কিন্তু তেওঁলোকে একো প্ৰমাণ দেখুৱাব নোৱাৰিলে।

8তেতিয়া পৌলে নিজৰ পক্ষে উত্তৰ দি কব ধৰিলে, "ইহুদী সকলৰ বিধানৰ, বা ধৰ্ম্মধামৰ, বা চিজাৰৰ বিৰুদ্ধ মই একো অপৰাধ কৰা নাই।"

9কিন্তু ফীষ্টে ইহুদী সকলৰ প্ৰিয় পাত্ৰ হোৱাৰ ইচ্ছা কৰিলে। তেওঁ উত্তৰ দি পৌলক কলে, "তুমি যিৰূচালেলৈ গৈ, তাতে মোৰ আগত এইবোৰৰ বিষয়ে, তোমাৰ সোধ-বিচাৰ হবলৈ ইচ্ছা কৰা নে?"

10পৌলে কলে, "মই চিজাৰৰ সোধৰ আসনৰ আগত থিয় হৈ আছো; ইয়াতে মোৰ সোধ-বিচাৰ হোৱা উচিত। মই যে ইহুদী সকলৰ একো অন্যায় কৰা নাই, ইয়াক আপুনিও ভালদৰে জানি আছে।

11এতেকে মই যদি অন্যায়কাৰী হৈছোঁ, বা প্ৰাণদণ্ডৰ যোগ্য কোনো কৰ্ম কৰিলোঁ, তেন্তে মৰিবলৈকো অমান্তি নহওঁ। কিন্তু তেখেত সকলে মোক যিবোৰ অপবাদ দিছে, সেইবোৰ যদি সঁচা নহয়, তেন্তে তেখেত সকলৰ হাতত মোক শোধাই দিবলৈ কাৰো শক্তি নাই। মই চীজাৰক আপীল কৰোঁ।"

12তেতিয়া ফীষ্টে মন্ত্ৰী সকলৰ সৈতে পৰামৰ্শ কৰি পৌলক কলে, "তুমি চিজাৰত আপীল কৰিলা; এতিয়া তোমাক চিজাৰৰ আগলৈ লৈ যোৱা হব৷"

13কিছু দিনৰ পাছত আগ্ৰিপ্প ৰজা আৰু বৰ্ণীকীয়ে চিজাৰিয়ালৈ আহি, ফীষ্টক মঙ্গলবাদ কৰিলে।

14তেওঁ তাত বহু দিন থকাত, ফীষ্টে ৰজাৰ আগত পৌলৰ বিষয়ে জনালে; তেওঁ কলে, "ফীলিক্সে বন্দী কৰি ৰখা এজন বন্দীয়াৰ ইয়াত আছে।

15যেতিয়া মই যিৰূচালেমত আছিলো, তেতিয়া ইহুদী সকলৰ প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলে তেওঁৰ বিষয়ে মোক জনাই, বিচাৰ আৰু দণ্ডাজ্ঞা যাচ্‌না কৰিছিল।

16তেতিয়া মই তেওঁলোকক উত্তৰ দিলো, যি জনৰ নামত অভিযোগ দিয়া হৈছে, তেওঁ যেতিয়ালৈকে অভিযোগকাৰীৰ সন্মুখত আত্মপক্ষ সমৰ্থন কৰিবলৈ নোৱাৰে, তেতিয়ালৈকে তেওঁক কোনো লোকৰ হাতত শোধাই দিয়া ৰোমীয় লোকৰ নিয়ম নাই;

17তেতিয়া তেখেত সকলে আহি ইয়াতে গোট খোৱাত, অলপো পলম নকৰি, পাছ দিনাই মই সোধৰ আসনত বহি, বন্দী কৰি ৰাখি থোৱা মানুহজনক আনিবলৈ আজ্ঞা দিলোঁ।

18পাছত গুচৰীয়াবোৰে তেওঁৰ চাৰিওফালে থিয় হৈ, যি দুষ্কৰ্মৰ অপবাদ তেখেত সকলে দিব বুলি মই ভাবিছিলোঁ, এনে একো অপবাদ নিদিলে৷

19কিন্তু তেখেত সকলে নিজৰ ধৰ্ম্মৰ বিষয়ে আৰু পৌলে যিজনক জীৱিত বুলিছিল, এনে যীচু নামৰ কোনো মৃত এজনৰ বিষয়ৰ ওপৰতহে তেখেত সকলৰ মত-পাৰ্থক্য আছিল।

20তাতে এনেকুৱা বাদ-বিচাৰৰ বিষয়বোৰত সংশয় কৰি মই তেওঁক সুধিলোঁ, তুমি যিৰূচালেমলৈ গৈ, এইবোৰৰ বিষয়ে তোমাৰ সোধ-বিচাৰ হবলৈ মন কৰা নে?

21কিন্তু পৌলে ৰাজাধিৰাজৰ পৰা নিস্পত্তি পাবৰ কাৰণে ৰক্ষিত থাকিবলৈ আপীল কৰাত, মই চিজাৰিয়ালৈ নপঠিওঁৱালৈকে, তেওঁক ৰাখিবলৈ আজ্ঞা দিলোঁ"।

22তেতিয়া আগ্ৰিপ্পই ফীষ্টক কলে, “সেই মানুহ জনৰ কথা শুনিবলৈ মোৰ মন গৈছে৷" ফীষ্টে কলে, "কালিলৈ তেওঁৰ কথা শুনিবলৈ পাব৷"

23পাছ দিনা আগ্ৰিপ্প আৰু বৰ্ণীকী বৰ প্ৰতাপেৰে আহি, হাজাৰৰ সেনাপতি সকলক আৰু নগৰৰ মানুহবোৰৰ সৈতে ৰাজদৰবাৰত সোমাল আৰু ফীষ্টৰ আজ্ঞাৰে পৌলক তেওঁলোকৰ আগলৈ নিয়া হল।

24তেতিয়া ফীষ্টে কলে, “হে ৰজা আগ্ৰিপ্প আৰু আমাৰ সৈতে ইয়াত উপস্থিত থকা লোক সমুহ৷ আপোনালোকে এই মানুহজনক যে দেখিছে, এইজনেই সেই ব্যক্তি; যি জনৰ বিষয়ে যিৰূচালেমৰ আৰু ইয়াত থকা ইহুদী লোক সকলেও মোৰ আগত আবেদন কৰি আটাহ পাৰি কৈছিল, "ই আৰু জীয়াই থকা উচিত নহয়।"

25কিন্তু মই জানিব পাৰিলোঁ, এওঁ প্ৰাণদণ্ডৰ যোগ্য একো কৰা নাই; আৰু এওঁ নিজে ৰাজাধিৰাজৰ ওচৰত আপীল কৰাৰ বাবে মই পঠাবলৈ নিশ্চয় কৰিলোঁ৷

26কিন্তু আমাৰ ৰাজাধিৰাজলৈ ইয়াৰ বিষয়ে লিখিবলৈ একো নিশ্চয়তা নাপালোঁ। এই কাৰণে এওঁক আপোনালোকৰ আগলৈ আনিলো৷ এতেকে বিচাৰ কৰাৰ পাছত, মই যাতে লিখিবৰ বাবে কোনো কথা পাওঁ, হে আগ্ৰিপ্প ৰজা, সেয়েহে বিশেষকৈ আপোনাৰ আগলৈ ইয়াক আনিলো।

27কিয়নো কোনো বন্দীয়াৰক পঠাওঁতে, তেওঁৰ অহিতে দিয়া অপবাদ নজনোৱাতো, মই অযুক্তিকৰ যেন দেখোঁ।


  Share Facebook  |  Share Twitter

 <<  Acts 25 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran