Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Zephaniah 2 >> 

1হে নিলাজ জাতি, আজ্ঞাটি সাম্ফল নৌ হওঁতেই, দিন তুঁহৰ দৰে উড়ি নৌ যাওঁতেই, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰত নৌ পৰোঁতেই, যিহোৱাৰ ক্ৰোধৰ দিন তোমালোকলৈ নৌ আহোঁতেই,

2তোমালোক গোট খোৱা, একেলগ হোৱা।

3যিহোৱাৰ শাসন-প্ৰণালী পালন কৰোঁতা হে পৃথিৱীৰ আটাই নম্ৰ লোকবিলাক, তেওঁক বিচাৰা, ধাৰ্ম্মিকতা বিচাৰা, নম্ৰতা বিচাৰা; কিজানি যিহোৱাৰ ক্ৰোধৰ দিনা তোমালোকে লুকাই থাকিবলৈ পাবা।

4কিয়নো ঘচা পৰিত্যক্ত আৰু অস্কিলোন ধ্বংসস্থান হব; অচদোদৰ মানুহবিলাকক দুপৰ বেলা খেদাই দিয়া হব, আৰু ইক্ৰোণক উঘলা হব।

5সমুদ্ৰতীৰ-নিবাসী কৰেথীয়া জাতীৰ সন্তাপ হব। হে পলেষ্টীয়াবিলাকৰ দেশ কনান যিহোৱাৰ বাক্য তোমালোকৰ বিপক্ষ; কোনো নিবাসী নথকাকৈ মই তোমাক উচ্ছন্ন কৰিম।

6আৰু সমুদ্ৰৰ তীৰ ভেড়া-ৰখীয়াবিলাকৰ ঘৰ আৰু ভেড়াৰ জাকৰ গঁৰাল থকা চৰণীয়া ঠাই হব।

7আৰু সেই তীৰ যিহূদা বংশৰ অৱশিষ্ট ভাগৰ নিমিত্তে হব; তেওঁবিলাকে তাত ভেড়াৰ জাক চৰাব, আৰু সেইবোৰ অস্কিলোনৰ ঘৰত গধূলি শুব; কিয়নো তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাই তেওঁবিলাকৰ বিচাৰ লব, আৰু তেওঁবিলাকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিব।

8মোৱাবে যি ধিক্কাৰেৰে, আৰু অম্মোনৰ সন্তানবোৰে যি ভৎৰ্সনাৰে মোৰ প্ৰজাবিলাকক তিৰস্কাৰ কৰিলে, আৰু তেওঁবিলাকৰ অঞ্চল অহঙ্কাৰেৰে আক্ৰমণ কৰিলে, মোৱাবৰ সেই ধিক্কাৰ আৰু অম্মোনৰ সন্তানবোৰৰ সেই ভৎৰ্সনা মই শুনিলোঁ।

9সেই নিমিত্তে, ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীবিলাকৰ যিহোৱাই এইদৰে কৈছে, মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনৰ সন্তানবোৰ ঘমোৰাৰ নিচিনা হব, চোৰাতনী, লোণৰ পুং আৰু চিৰকলীয়া ধ্বংসস্থান হব; মোৰ প্ৰজাবিলাকৰ অৱশিষ্ট লোকে সিহঁতক লুট কৰিব, আৰু মোৰ জাতিৰ বাকী ভাগে সিহঁতক অধিকাৰ কৰিব।

10এয়ে সিহঁতৰ অহঙ্কাৰৰ ফল হব; কাৰণ সিহঁতে বাহিনীবিলাকৰ যিহোৱাৰ প্ৰজাবিলাকক ধিক্কাৰ দি তেওঁবিলাকৰ বিৰুদ্ধে গৰ্ব্ব-আচৰণ কৰিলে ।

11যিহোৱা সিহঁতলৈ ভয়ানক হব; কিয়নো তেওঁ পৃথিৱীৰ আটাই দেৱতাক অনাহাৰে মাৰিব, আৰু মানুহবিলাকে নিজ নিজ ঠাইৰ পৰা তেওঁক প্ৰণিপাত কৰিব, জাতিবিলাকৰ আটাই দ্বীপ-নিবাসীবিলাকেও কৰিব ।

12হে কূচীয়াবিলাক, তোমালোককো মোৰ তৰোৱালেৰে বধ কৰা হব।

13আৰু তেওঁ উত্তৰ দিশৰ বিৰুদ্ধে নিজৰ হাত মেলি অচূৰক বিনষ্ট কৰিব, আৰু নীনবিক ধ্বংসস্থান, অৰণ্যৰ নিচিনা শুকান ভূমি কৰিব।

14আৰু তাৰ মাজত পশুৰ জাক আৰু সকলো বিধ বনৰীয়া জন্তু শুব; ঢেঁৰা চৰাই আৰু কেঁটেলা পহুৱে তাৰ মাথলাবোৰত ৰাতি কটাব, আৰু খিড়িকীত গান কৰা শব্দ শুনা যাব, দুৱাৰ-ডলিবোৰৰ ধ্বংস-অৱস্থা হব; কিয়নো তেওঁ এৰচ কাঠৰ কাৰ্য্য অনাবৃত কৰিলে।

15মইহে, মোৰ বাহিৰে আন কোনো নাই এই বুলি মনতে কৈ নিশ্চিন্তে থকা এয়ে উল্লাসিনী নগৰী; এই কেনে উচ্ছন্ন হল! আৰু পশুবোৰৰ নিমিত্তে কেনে শোৱা ঠাই হল! এইৰ ওচৰেদি যোৱা প্ৰতিজনে ইচ ইচ কৰি হাত লৰাব।


  Share Facebook  |  Share Twitter

 <<  Zephaniah 2 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran