Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Joel 2 >> 

1তোমালোকে চিয়োনত শিঙা বজোৱা, মোৰ পবিত্ৰ পৰ্ব্বতখনত সৰ্তক-ধ্বনি কৰা, দেশ-নিবাসী সকলোৱেই কঁপক; কিয়নো যিহোৱাৰ দিন আহিছে; কাৰণ সেয়ে ওচৰ পাইছেহি।

2সেয়ে আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘৰ দিন। পৰ্ব্বতবোৰৰ ওপৰত ব্যাপি থকা অৰুণ যেন মহৎ আৰু পৰাক্ৰমী এক জাতি আহিছে; তাৰ নিচিনা কেতিয়াও হোৱা নাই, বা তাৰ পাছত পুৰুষানুক্ৰমে অনেক বছৰলৈকে আৰু নহব।

3তাৰ আগত অগ্নিয়ে গ্ৰাস কৰিছে, আৰু তাৰ পাছত অগ্নিশিখা জ্বলিছে; তাৰ আগত দেশ এদন বাৰীৰ নিচিনা, আৰু তাৰ পাছত ধ্বংস কৰা অৰণ্যৰ নিচিনা; এনে কি, একোৱেই তাৰ পৰা ৰক্ষা নাপায়।

4সিহঁতৰ আকৃতি ঘোঁৰাৰ আকৃতিৰ নিচিনা; সিহঁত অশ্বাৰোহী যোৱাদি বেগেৰে যায়।

5সিহঁতে জপিওৱা শব্দ পৰ্ব্বতবোৰৰ টিঙত চলা ৰথসমূহৰ শব্দৰ নিচিনা; সিহঁতে খোৱা শব্দ নৰা গ্ৰাসকাৰী অগ্নিশিখাৰ শব্দৰ নিচিনা, সিহঁত যুদ্ধলৈ বেহু পতা পৰাক্ৰমী এক জাতিৰ সদৃশ।

6সিহঁতৰ আগত জাতিবিলাকে যাতনা পায়, আৰু আটাইৰে মুখ বিবৰ্ণ হয়।

7সিহঁতে বীৰবিলাকৰ নিচিনাকৈ লৰ মাৰে; সিহঁতে যুদ্ধাৰু নিচিনাকৈ গড়ত উঠে; সিহঁতে নিজ নিজ শাৰী নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে।

8সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে; প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে; সিহঁতে অস্ত্ৰবোৰৰ মাজত পৰিলেও সিবিলাকৰ পথ নেৰে।

9সিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায়, আৰু চোৰৰ দৰে খিড়িকীয়েদি সোমায়।

10সিহঁতৰ আগত পৃথিবী কঁপে, আকাশ-মণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য্য অন্ধকাৰময় হয়, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।

11যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ মাত শুনাইছে; কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক, কাৰণ তেওঁৰ বাক্যসাধক বলৱান।

12কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক; কোনে তাক সহন কৰিব পাৰে ? তথাপি, যিহোৱাই কৈছে, এতিয়াও তোমালোকে তোমালোকৰ সমস্ত মনেৰে লঘোন, ক্ৰন্দন আৰু শোকেৰে মোলৈ ঘূৰা।

13আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, মনহে ছিৰি তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা; কিয়নো তেওঁ কৃপাময় স্নেহময়, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।

14কোনে জানে ? তেওঁ ঘূৰি মন পালটাব পাৰে, আৰু নিজৰ পাছত আশীৰ্ব্বাদ দি যাব পাৰে, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশে দিবলৈ ভক্ষ্য নৈবেদ্য থৈ যাব পাৰে |

15তোমালোকে চিয়োনত শিঙা বজোৱা, পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা, প্ৰজাবিলাকক গোটোৱা,

16মণ্ডলী পবিত্ৰ কৰা, বৃদ্ধবিলাকক একত্ৰ কৰা, শিশু আৰু পিয়াহ খোৱাবিলাকক গোটোৱা; দৰা নিজৰ কোঁঠালিৰ পৰা, আৰু কন্যা নিজৰ বিয়াৰ তম্বুৰ পৰা ওলাওক।

17বাৰাণ্ডাৰে যজ্ঞ-বেদিৰে মাজ ঠাইত যিহোৱাৰ পৰিচাৰক পুৰোহিতবিলাকে ক্ৰন্দন কৰি কওক, হে যিহোৱা, তোমাৰ প্ৰজাবিলাকক দয়া কৰা, আৰু জাতিবিলাকক তেওঁবিলাকৰ ওপৰত শাসন কৰিবলৈ দি, তোমাৰ আধিপত্য ধিক্কাৰৰ বিষয় হবলৈ নিদিবা; সিহঁতৰ ঈশ্বৰ ক’ত ? এই বুলি জাতিবিলাকৰ মাজত লোকে কিয় কব ?

18তেতিয়া যিহোৱা নিজ দেশৰ নিমিওে উদ্যোগী, আৰু নিজ প্ৰজাবিলাকলৈ দয়ালু হল |

19যিহোৱাই উত্তৰ দি নিজ প্ৰজাবিলাকক কলে, চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠাম, তোমালোক তাৰেই তৃপ্ত হবা; মই জাতিবিলাকৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় আৰু নকৰিম;

20মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম, আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম, তাৰ আগ-ভাগ পূৱ সাগৰত, আৰু তাৰ পাছ-ভাগ পশ্চিম সাগৰত পেলাই দিম; তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব, কাৰণ সি মহৎ কাৰ্য্য কৰিলে।

21হে দেশ ভয় নকৰিবা, উল্লাসিত হৈ আনন্দ কৰা; কিয়নো যিহোৱাই মহৎ কাৰ্য্য কৰিলে।

22হে পথাৰৰ পশুবিলাক, ভয় নকৰিবা; কিয়নো অৰণ্যত থকা চৰণীয়া ঠাইত ঘাঁহ গজিছে, গছে গুটি ধৰিছে, ডিমৰু গছ আৰু দ্ৰাক্ষালতাই নিজ নিজ ফল উৎপন্ন কৰিছে।

23হে চিয়োনৰ সন্তানবিলাক, তোমালোক আনন্দিত হোৱা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাত উল্লাস কৰা; কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে আগতীয়া বৰষুণ দিছে, আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেষতীয়া বৰষুণ বৰষাইছে।

24মৰণা মৰা খলাবোৰ শস্যেৰে পূৰ হব, দ্ৰাক্ষাৰস আৰু তেলেৰে কুণ্ডবোৰ উপচিব।

25আৰু তোমালোকৰ মাজলৈ মই পঠোৱা সৈন্যসামন্তই, কাকতী ফৰিং, চেলেকা ফৰিং, বিনাশকাৰী ফৰিং, আৰু কুটি খোৱা ফৰিঙে সেই কেইবছৰ খোৱাখিনি মই পুনৰায় তোমালোকক দিম।

26তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা, আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য্য কৰা তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নাম প্ৰশংসা কৰিবা; মোৰ প্ৰজাবিলাকে কেতিয়াও আৰু লাজ নাপাব।

27তেতিয়া, মই যে ইস্ৰায়েলৰ মাজত আছোঁ, মই যে তোমালোকৰ ঈশ্বৰ যিহোৱা, আৰু আন কোনো যে নাই, তাক তোমালোকে জানিবা; মোৰ প্ৰজাবিলাকে কেতিয়াও আৰু লাজ নাপাব।

28তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপত মোৰ আত্মা বাকি দিম; তাতে তোমালোকৰ পো-জীবিলাকে ভাববাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব, আৰু তোমালোকৰ যুবাবিলাকে দৰ্শন পাব।

29আৰু সেই কালত মই বন্দী-বেটীবিলাকৰ ওপৰতো মোৰ আত্মা বাকি দিম।

30মই আকাশ-মণ্ডলত আৰু পৃথিবীত তেজ, অগ্নি, ধূঁৱাস্তম্ভ এইবোৰ অদ্ভুত লক্ষণ দেখুৱাম।

31যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে সূৰ্য্য অন্ধকাৰত আৰু চন্দ্ৰ তেজত পৰিবৰ্ত্তন হব।

32যেয়ে যিহোৱাৰ নাম লব, তেওঁ উদ্ধাৰ পাব; কিয়নো, যিহোৱাই কোৱাৰ দৰে, পৰিত্ৰাণ পোৱাবিলাকে, আৰু ৰক্ষা পোৱাবিলাকৰ মাজৰ যিমান লোকক যিহোৱাই আহ্বান কৰিব, সেই সকলো চিয়োন পৰ্ব্বতত আৰু যিৰূচালেমত থাকিব।


  Share Facebook  |  Share Twitter

 <<  Joel 2 >> 


Bible2india.com
© 2010-2020
Help
Dual Panel

Laporan Masalah/Saran