Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Jeremiah 21 >> 

1চিদিকিয়া ৰজাই মল্কিয়াৰ পুত্ৰ পচহুৰক, আৰু মাচেয়া পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়াৰ ওচৰলৈ পঠোৱা সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ গুৰিলৈ অহা বাক্য আহিল আৰু এইবুলি ক’লে,

2“মিনতি কৰোঁ, তুমি আমাৰ কাৰণে যিহোৱাৰ আগত সোধা; কিয়নো বাবিলৰ ৰজা নবুখদৰেচৰে আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছে; তেওঁ আমাৰ ওচৰৰ পৰা গুচি যাবৰ কাৰণে কিজানি যিহোৱাই নিজৰ সকলো আচৰিত কাৰ্য্য অনুসাৰে আমালৈ ব্যৱহাৰ কৰিব।”

3সেই সময়ত যিৰিমিয়াই তেওঁলোকক ক’লে, “তোমালোক চিদিকিয়াক এইদৰে ক’বাগৈ:

4‘ইস্ৰায়েলৰ ঈশ্বৰ যিহেৱাই এই কথা কৈছে: “চোৱা, বাবিলৰ ৰজাৰ বিৰুদ্ধে, আৰু গড়ৰ বাহিৰে তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰা তোমালোকৰ হাতৰ যুদ্ধাস্ত্ৰৰ মুখ ঘূৰাম আৰু তেওঁলোকক আনি এই নগৰৰ মাজ ঠাইত গোটাম।

5আৰু মই নিজেও, মেলি থকা হাত আৰু বলৱান বাহুৰে, এনে কি, খং-ৰাগ আৰু মহাকোপেৰে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিম।

6মই এই নগৰ নিবাসী মানুহ, পশু, সকলোকে সংহাৰ কৰিম; সেই সকলোৱে ঘোৰ মহামাৰীত প্ৰাণত্যগ কৰিব।

7যিহোৱাই আৰু কৈছে, “তাৰ পাছত মই যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ পাত্ৰমন্ত্ৰীসকলক, আৰু প্ৰজাসকলক, এনে কি, মহামাৰী, তৰোৱাল আৰু আকালৰ পৰা এই নগৰত অৱশিষ্ট থকাসকলক বাবিলৰ ৰজা নবুখদনেচৰৰ, তেওঁলোকৰ শত্ৰূ, তেওঁলোকৰ প্ৰাণ বিচৰাবোৰৰ হাতত শোধাই দিম; তেওঁ তৰোৱালৰ ধাৰেৰে তাক বধ কৰিব, তেওঁলোকক কৃপা, ক্ষমা কি দয়া নকৰিব’।”

8তেতিয়া তুমি এই লোকসকলক কোৱা, ‘যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছোঁ।

9যি মানুহ এই নগৰত থাকিব, তেওঁ তৰোৱাল, আকাল, বা মহামাৰীত মৰা পৰিব; কিন্তু যি মানুহে বাহিৰলৈ গৈ, তোমালোকক অৱৰোধ কৰোঁতা কলদীয়াসকলৰ ফলিয়া হ’বলৈ ওলাই যাব, তেওঁ জীৱ, আৰু তেওঁৰ প্ৰাণ তেওঁলৈ লুটদ্ৰব্য যেন হ’ব।

10কিয়নো যিহোৱাই কৈছে, মই মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে এই নগৰৰ অহিতে মুখ কৰিছোঁ; ইয়াক বাবিলৰ ৰজাৰ হাতত দিয়া যাব, আৰু তেওঁ ইয়াক অগ্নিৰে দগ্ধ কৰিব’।”

11আৰু যিহুদাৰ ৰাজ-বংশৰ বিষয়ে তোমালোকে যিহেৱাৰ বাক্য শুনা।

12হে দায়ুদৰ বংশ, যিহোৱাই এইদৰে কৈছে: ‘তোমালোকে প্ৰতি ৰাতিপোৱা বিচাৰ নিস্পত্তি কৰা। আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা। নতুবা তোমালোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্ৰোধ অগ্নি দৰে ওলাই কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।

13যিহেৱাই কৈছে, চোৱা, হে উপত্যকাত থকা লোক! হে সমথলৰ পৰ্ব্বত-নিবাসীনী, চোৱা, মই তোমাৰ বিপক্ষ “আমাৰ বিৰুদ্ধে কোন নামি আহিব? ‘আমাৰ বাসস্থানবোৰত কোন সোমাব?” এই বুলি কোৱা যি তোমালোক, মই তোমালোকৰ বিপক্ষ?’

14যিহোৱাই কৈছে, মই তোমালোকৰ কাৰ্য্যফল অনুসাৰে তোমালোকক দণ্ড দিম। “মই যিৰূচালেমৰ কাঠনিত জুই লগাম, তেতিয়া সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।”


  Share Facebook  |  Share Twitter

 <<  Jeremiah 21 >> 


Bible2india.com
© 2010-2022
Help
Dual Panel

Laporan Masalah/Saran