Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 5 >> 

1আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছে এখন তৰ্জ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা।

2নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা, আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁবিলাকৰ পাছে পাছে খেদি যাম।

3আৰু তুমি তাৰে অলপ লৈ, তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা।

4পাছে তুমি তাৰে অলপ লৈ, জুইৰ মাজত পেলাই জুইত পুৰিবা; তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব।

5প্ৰভূ যিহোৱাই এই কথা কৈছে, এয়ে যিৰূচালেম; মই ইয়াক জাতিবিলাকৰ মাজত স্থাপন কৰিলোঁ, আৰু ইয়াৰ চাৰিওফালে দেশবোৰ আছে।

6আৰু ই জাতিবিলাকতকৈয়ো অধিক দুষ্কৰ্ম্ম কৰি মোৰ শাসন-প্ৰণালীবোৰৰ বিৰুদ্ধে, আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকবিলাকতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো ইবিলাকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে, আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে হ’লে ইবিলাকে সেইবোৰত নচলিলে।

7এই নিমিত্তে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ চাৰিওফালে থকা জাতিবিলাকতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবিলাকৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য্য নকৰিলা।

8এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই ময়েই তোমাৰ বিপক্ষ; আৰু মই জাতিবিলাকৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।

9যিহক মই কেতিয়াও কৰা নাই, আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম, তোমাৰ আটাই ঘিণলগীয়া কাৰ্য্যবোৰৰ নিমিত্তে তাকেই তোমাৰ মাজত কৰিম।

10এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব, আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম, আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম।

11এই হেতুকে প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে, আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্য্যেৰে তুমি মোৰ পবিত্ৰস্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম, আৰু তোমাক দয়াও নকৰিম।

12তোমাৰ তিনি ভাগৰ এভাগলোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম, আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁবিলাকৰ পাছে পাছে খেদি যাম।

13এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব, আৰু মই তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁবিলাকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁবিলাকে জানিব, যে, মই যিহোৱাই মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।

14ইয়াৰ বাহিৰে, আটাই পথিকবিলাকৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবিলাকৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম।

15তাতে, মই ক্ৰোধত, কোপত, আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলে, তোমাৰ চাৰিওফালে থকা সেই জাতিবিলাকৰ নিমিত্তে সেই নগৰ ধিক্কাৰ, বিদ্ৰোপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ।

16মই সেই সময়ত তেওঁবিলাকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম, আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম।

17মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব, আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 5 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran