Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 44 >> 

1পাছে তেওঁ ধৰ্ম্মধামৰ পূৱফালে মুখ কৰা বাহিৰ বাট-চৰাটোলৈ মোক ওলোটাই নিলে, সেয়ে বন্ধ আছিল।

2পাছে যিহোৱাই মোক কলে, এই বাট-চৰাটো বন্ধ থাকিব, মেলা নাযাব আৰু এইপিনে কোনো লোক সোমোমাব; কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইপিনে প্ৰৱেশ কৰিলে; এই হেতুকে ই বন্ধ থাকিব।

3অধিপতিজনৰ বিষয়ে হ’লে, কেৱল তেওঁহে যিহোৱাৰ আগত আহাৰ কৰিবৰ অৰ্থে তাত বহিব তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব, আৰু সেই একে বাটেদিয়েই বাহিৰ ওলাব।

4পাছে তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে, আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ।

5পাছে যিহোৱাই মোক কলে, হে মনুষ্য সন্তান, যিহোৱাৰ গৃহটিৰ সকলো নিয়ম প্ৰণালী আৰু তাৰ আটাই ব্যৱস্থাৰ বিষয়ে মই তোমাক যি যি ক’ম, তুমি সেই সকলোলৈ মনোযোগ কৰা, চকুদিয়া, কাণ দিয়া আৰু ধৰ্ম্মধামৰ বাহিৰলৈ যোৱা প্ৰত্যেক বাটলৈ আৰু গৃহটিৰ প্ৰৱেশস্থানলৈ ভালকৈ মন দি চোৱা।

6আৰু তুমি বিদ্ৰোহী ইস্ৰায়েল বংশক ক’বা, প্ৰভূ যিহোৱাই এই কথা কৈছে,

7হে ইস্ৰায়েল বংশ, তোমালোকে মোক আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ নিমিত্তে মোৰ ধৰ্ম্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়বোৰক মোৰ ধৰ্ম্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ঠ হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্য্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা।

8আৰি তোমালোকে মোৰ পবিত্ৰ বস্তুবিষয়ক ৰক্ষণীয় ৰক্ষা কৰা নাই; কিন্তু তোমালোকে মোৰ ধৰ্ম্মধামত মোৰ ৰক্ষণীয় ৰক্ষা কৰিবলৈ ইচ্ছামতে ৰক্ষক পাতিলা।

9প্ৰভূ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ সন্তানবিলাকৰ মাজত থকা বিজাতীয়বোৰৰ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্ম্মধামত নোসোমাব।

10কিন্তু ইস্ৰায়েল বিপথে যোৱা সময়ত, যি লেবীয়াবোৰে নিজ নিজ মুৰ্ত্তিৰ পাছত চলি মোৰ পৰা বিপথে গৈছিল, মোৰ পৰা আঁতৰ হোৱা সেই লেবীয়াবোৰে নিজ নিজ অপৰাধৰ ভাৰ বব।

11সিহঁতে গৃহটিৰ দুৱাৰ ৰখীয়া আৰু গৃহটি পৰিচৰ্য্যা কৰি মোৰ ধৰ্ম্মধামত পৰিচাৰক হ’ব; সিহঁতেই হোম-বলি আৰু প্ৰজাবিলাকৰ অৰ্থে দিয়া বলি কাটিব আৰু প্ৰজাবিলাকৰ পৰিচৰ্য্যা কৰিবলৈ সিহঁতেই সিহঁতবিলাকৰ আগত থিয় হ’ব।

12সিহঁতে প্ৰজাবিলাকৰ মুৰ্ত্তিবোৰৰ আগত সিবিলাকৰ পৰিচৰ্য্যা কৰি ইস্ৰায়েল-বংশৰ অপৰাধজনক বিঘিনিস্বৰূপ হৈছিল; এই হেতুকে প্ৰভূ যিহোৱাই কৈছে, মই সিহঁতৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ, যে, সিহঁতে নিজ নিজ অপৰাধৰ ভাৰ বব।

13আৰু সিহঁতে মোৰ ওচৰত পুৰোহিত কৰ্ম্ম কৰিবলৈ নাহিব, মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰ নাচাপিব, কিন্তু সিহঁতৰ লাজৰ আৰু সিহঁতে কৰা ঘিণলগীয়া কাৰ্য্যৰ ভাৰ বব।

14গৃহটিৰ সকলো সেৱকীয়া কাৰ্য্যত, আৰু তাত কৰিব লগা আটাই কৰ্ম্মত মই সিহঁতক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম।

15কিন্তু ইস্ৰায়েলৰ সন্তানবিলাক মোৰ পৰা বিপথে যোৱা কালত, মোৰ ধৰ্ম্মধামৰ ৰক্ষণীয় ৰক্ষা কৰা চাদোকৰ সন্তান লেবীয়া পুৰোহিতবিলাকে হ’লে, মোৰ পৰিচৰ্য্যা কৰিবলৈ মোৰ গুৰিলৈ আহিব; আৰু প্ৰভূ যিহোৱাই কৈছে, তেওঁবিলাকে তেল আৰু তেজ মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ মোৰ আগত থিয় হ’ব।

16তেওঁবিলাকে মোৰ ধৰ্ম্মধামত সোমাব, মোৰ পৰিচৰ্য্যা কৰিবলৈ মোৰ মেজৰ ওচৰলৈ আহিব আৰু মোৰ ৰক্ষণীয় ৰক্ষা কৰিব।

17আৰু তেওঁবিলাকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাইদি সোমালে, তেওঁবিলাকে শণ সূতাৰ বস্ত্ৰ পিন্ধিব; আৰু তেওঁবিলাকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাত আৰু গৃহত পৰিচৰ্য্যা কৰোঁতে তেওঁবিলাকৰ গাত নোমৰ কাপোৰ নাথাকিব।

18তেওঁবিলাকৰ মুৰত শণ সূতীৰ পাগুৰি, আৰু কঁকালত শণ সূতাৰ জাঙিয়া থাকিব; ঘাম উলিওৱা কোনো কাপোৰ তেওঁবিলাকে কঁকালত নাবান্ধিব।

19যেতিয়া তেওঁবিলাকে বাহিৰ চোতালখনলৈ, তেওঁবিলাকৰ গুৰিলৈ বাহিৰ চোতালখনলৈকে ওলাই যাব, তেতিয়া তেওঁবিলাকে তেওঁবিলাকৰ পৰিচৰ্য্যা বস্ত্ৰ সোলোকাই পবিত্ৰ কোঁঠালিবোৰত থব আৰু তেওঁবিলাকৰ বস্ত্ৰেৰে তেওঁবিলাকক পবিত্ৰ নকৰিবৰ নিমিত্তে আন বস্ত্ৰ পিন্ধিব।

20তেওঁবিলাকে মূৰ নুখুৰাব, বা চুলি দীঘল হ’বলৈ নিদিব, কেৱল মূৰৰ চুলি কাটিব।

21ভিতৰ-চোতালখনত সোমোৱা সময়ত কোনো পুৰোহিতে দ্ৰাক্ষাৰস পান নকৰিব।

22তেওঁবিলাকে বিধৱা, বা পৰিত্যক্ত তিৰোতা বিয়া নকৰিব, কিন্তু ইস্ৰায়েল বংশৰ ঔৰসত জন্মা কুমাৰীক, বিধৱা হ’লেও, পুৰোহিতৰ বিধৱাক বিয়া কৰিব।

23আৰু তেওঁবিলাকে মোৰ প্ৰজাবিলাকক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব।

24আৰু কোনো বিবাদ হ’লে, তেওঁবিলাকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰেহে তেওঁবিলাকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁ- বিলাকে পালন কৰিব; আৰু তেওঁবিলাকে মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।

25আৰু তেওঁবিলাকৰ কোনেও নিজকে অশুচি কৰিবলৈ মৰা মানুবৰ ওচৰলৈ নাযাব, কিন্তু, বায়েক, মাক, পুতেক, জীয়েক আৰু ভায়েকৰ কি স্বামী নোহোৱা ভনীয়েকৰ নিমিত্তে নিজকে অসুচি কৰিব পাৰে।

26কোনো পুৰোহিত শুচি হোৱাৰ পাছত তাৰ নিমিত্তে সাত দিন নিৰূপণ কৰা হ’ব।

27প্ৰভূ যিহোৱাই কৈছে, ধৰ্ম্মধামত পৰিচৰ্য্যা কৰিবলৈ, ধৰ্ম্মধামত ভিতৰ-চোতালখনত তেওঁ সোমোৱা দিনা নিজৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিব।

28আৰু পুৰোহিতবিলাকে এক আধিপত্য পাব; ময়েই তেওঁবিলাকৰ সেই আধিপত্য; আৰু তেওঁলোকে তেওঁবিলাকক ইস্ৰায়েলৰ মাজত কোনো আধিপত্য নিদিব; ময়েই তেওঁবিলাকৰ আধিপত্য।

29ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি, আৰু দোষাৰ্থক বলি তেওঁবিলাকেই খাব; আৰু ইস্ৰায়েলৰ প্ৰত্যেক বৰ্জ্জিত বস্তু তেওঁবিলাকৰেই হ’ব;

30আৰু প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগ ভাগ, আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনীয় ভাগ পুৰোহিতবিলাকৰেই হ’ব; আৰু তোমাৰ ঘৰত আশীৰ্ব্বাদ থাকিবৰ নিমিত্তে তুমি তোমাৰ খৰচীয়া শস্যৰ আগ ভাগ পুৰোহিতক দিবা;

31আৰু চৰাই হওক কি পশু হওক, নিজে মৰা বা জন্তুৱে ছিৰা একোকেই পুৰোহিতবিলাকে নাখাব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 44 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran