Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 43 >> 

1পাছে তেওঁ বাট-চৰাটোলৈ, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ মোক নিলে।

2আৰু চোৱা, পূৱফালৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আহিল; তেওঁৰ ধ্বনি বহু জলসমূহৰ শব্দৰ নিচিনা, আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ’ল।

3মই দৰ্শনত দেখা পদাৰ্থৰ নিচিনা, নগৰখন ধ্বংস কৰিবলৈ অহা সময়ত মই দৰ্শনত দেখা পদাৰ্থ আছিল, আৰু কবাৰ নদীৰ ওচৰত মই দৰ্শনত দেখা পদাৰ্থৰেই নিচিনা এই দৰ্শনত দেখা পদাৰ্থ আছিল। তাতে মই উবুৰি হৈ পৰিলোঁ।

4আৰু যিহোৱাৰ গৌৰৱ পূৱফালে মুখ কৰা বাট-চৰাটোৰ বাটেদি গৃহটিত সোমাল।

5পাছে আত্মাই মোক তুলি ভিতৰ-চোতালখনলৈ নিলে; আৰু চোৱা, যিহোৱাৰ গৌৰৱে গৃহটি পৰিপূৰ্ণ কৰিলে।

6আৰু গৃহটিৰ ভিতৰৰ পৰা এজনে মোক কথা কোৱা মই শুনিলোঁ; আৰু এজন পুৰুষ মোৰ ওচৰত থিয় হ’লহি।

7তেওঁ মোক কলে, হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই; ইয়াত মই চিৰকাললৈকে ইস্ৰায়েলৰ সন্তানবিলাকৰ মাজত বাস কৰিম, আৰু ইস্ৰায়েল বংশই তেওঁবিলাকে বা তেওঁবিলাকৰ ৰজাবিলাকে নিজৰ বেশ্যাকৰ্ম্মেৰে, আৰু তেওঁবিলাকৰ ৰজাবিলাকৰ মৰণ কালত তেওঁবিলাকৰ মৰ শৱেৰে মোৰ পবিত্ৰ নাম পুনৰায় অশুচি নকৰিব;

8তেওঁবিলাকে মোৰ দুৱাৰডলিৰ ওচৰত তেওঁবিলাকৰ দুৱাৰডলি, আৰু মোৰ দুৱাৰ খুটাৰ ওচৰত তেওঁবিলাকৰ দুৱাৰ খুটা দি, মোৰ আৰু তেওঁবিলাকৰ মাজত কেৱল এটা দেৱাল ৰাখি অশুচি নকৰিব। তেওঁবিলাকে কৰা তেওঁবিলাকৰ ঘিণলগীয়া কাৰ্য্যেৰে তেওঁবিলাকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; এই নিমিত্তে মই ক্ৰোধত তেওঁবিলাকক নষ্ট কৰিলোঁ।

9এতিয়া তেওঁবিলাকৰ বেশ্যাকৰ্ম্ম, আৰু তেওঁবিলাকৰ ৰজাবিলাকৰ মৰা শৱ তেওঁবিলাকে মোৰ পৰা দূৰ কৰক; তাতে মই তেওঁবিলাকৰ মাজত চিৰকাললৈকে বাস কৰিম।

10হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশই নিজ অপৰাধৰ কাৰণে লাজ পাবৰ নিমিত্তে তুমি তেওঁবিলাকক গৃহটি দেখুউৱা; আৰু সুন্দৰ কৈ গঁঠা গৃহটি তেওঁবিলাকে জোখক।

11আৰু তেওঁবিলাকে কৰা আটাই কাৰ্য্যৰ নিমিত্তে যদি তেওঁবিলাক লজ্জিত হয়, তেন্তে তেওঁবিলাকে গৃহটিৰ সমূদায় আকৃতি আৰু তাৰ আটাই নিয়ম প্ৰণালী ৰক্ষা কৰি সেই মতে যেন কাৰ্য্য কৰে, এই অভিপ্ৰায়ে গৃহটিৰ আকাৰ, তাৰ গঠন, ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰা তাৰ বাটবোৰ, তাৰ সকলো প্ৰকাৰ আকাৰ, আৰু তাৰ আটাই ব্যৱস্থা তেওঁবিলাকক জনোৱা, আৰু তেওঁবিলাকৰ আগতে লিখা।

12এয়ে গৃহটিৰ ব্যৱস্থা, পৰ্ব্বতখনৰ টিঙত তাৰ সমুদায় সীমা চাৰিওফালে পবিত্ৰ হ’ব। চোৱা, গৃহটিৰ ব্যৱস্থা এয়ে।

13আৰু যজ্ঞ-বেদিটোৰ হাতৰ জোখ এইবোৰেই।(সেই হাত, এক হাত চাৰি আঙুল)।তল ভাগ এক হাত, প্ৰস্থ এক হাত, আৰু চাৰিওফালে তাৰ কিনাৰৰ বাৰ এবেগেত হ’ব; এয়ে যজ্ঞ-বেদিটোৰ তলি হ’ব।

14আৰু মাটিত থকা তল ভাগৰ পৰা তল খাপলৈ দুহাত, আৰু বহলে এক হাত হ’ব।

15আৰু যজ্ঞ-বেদিটোৰ ওপৰ ভাগ চাৰি হাত হ’ব, আৰু যজ্ঞ-বেদিটোৰ জুইশালৰ পৰা ওপৰলৈ চাইটা শিং হ’ব।

16যজ্ঞ-বেদিটোৰ জুইশাল বাৰ হাত দীঘল, আৰু বাৰ হাত বহল হ’ব; তাৰ চাৰিওফালে সমান হ’ব।

17আৰু ওপৰ ভাগ চৌদ্ধ হাত দীঘল, আৰু চৌদ্ধ হাত বহল, চাৰিচুকীয়া হ’ব; আৰু তাৰ চাৰিওফালে থকা বাৰ আধা হাত, আৰু তাৰ তল ভাগ চাৰিওফালে এক হাত হ’ব; তাৰ খটখটী পূৱফাললৈ মুখ কৰি থাকিব।

18পাছে তেওঁ মোক কলে, হে মনুষ্য সন্তান, প্ৰভূ যিহোৱাই এই কথা কৈছে, যজ্ঞ-বেদিটো সাজি এঁটোৱা দিনা তাত হোম বলি উৎসৰ্গ কৰিবলৈ আৰু তেজ ছটিয়াবলৈ তাৰ নিয়ম প্ৰণালী এইবোৰ।

19প্ৰভূ যিহোৱাই কৈছে, মোৰ পৰিচৰ্য্যা কৰিবলৈ মোৰ ওচৰতথকা চাদোক বংশৰ লেবীয়া পুৰোহিতবিলাকক তুমি পাপাৰ্থক বলিৰ নিমিত্তে এটা ডেকা ভতৰা দিবা।

20আৰু তুমি তাৰ অলপ তেজ লৈ বেদিটোৰ চাইটা শিঙত, তাৰ ওপৰ ভাগৰ চাৰি চুকত, আৰু চাৰিওফালে তাৰ বাৰত লগাবা; তুমি এইদৰে তাক শুচি কৰিবা।

21পাছে পাপাৰ্থক বলিৰ সেই ভতৰাটো লৈ তাক ধৰ্ম্মধামৰ বাহিৰে গৃহৰ নিৰূপিত ঠাইত দাহ কৰা হ’ব।

22দ্বিতীয় দিনা তুমি পাপাৰ্থক বলিৰ নিমিত্তে এটা নিৰ্ঘূণী মতা ছাগ উৎসৰ্গ কৰিবা; তাতে পুৰোহিবিলাকে ভতৰাটোৰে যজ্ঞ-বেদিটো শুচি কৰা নিচিনাকৈ যজ্ঞ-বেদিটো শুচি কৰিব।

23তাক শুচি কৰি এঁটালে তুমি এটা নিৰ্ঘূণী ডেকা ভতৰা আৰু জাকৰ পৰা এটা নিৰ্ঘূণী মতা মেৰ উৎসৰ্গ কৰিবা।

24তুমি সেই দুটাক যিহোৱাৰ আগলৈ আনিবা; তাতে পুৰোহিতবিলাকে সেইবোৰৰ ওপৰত লোণ ছটিয়াব আৰু তেওঁবিলাকে যিহোৱাৰ উদ্দেশ্যে হোম-বলিস্বৰূপে সেইবোৰ উৎসৰ্গ কৰিব।

25তুমি সাতদিনলৈকে প্ৰতিদিনে পাপাৰ্থক বলিস্বৰূপে এটা এটা ছাগ উৎসৰ্গ কৰিবা; আৰু তেওঁবিলাকে এটা ডেকা ভতৰা, আৰু জাকৰ পৰা এটা নিৰ্ঘূণী মেৰ উৎসৰ্গ কৰিব।

26সাতদিনলৈকে তেওঁবিলাকে যজ্ঞবেদিটো প্ৰায়শ্চিত্ত কৰি তাক শুচি কৰিব; এইদৰে তেওঁবিলাকে তাৰ প্ৰতিষ্ঠা কৰিব।

27আৰু দিন সম্পূৰ্ণ হ’লে, অষ্টম দিনা আৰু তাৰ পাছত পুৰোহিতবিলাকে যজ্ঞ-বেদিটোত তোমালোকৰ হোম বলি আৰু তোমালোকৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; তাতে, প্ৰভূ যিহোৱাই কৈছে, মই তোমালোকক গ্ৰহণ কৰিম।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 43 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran