Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 4 >> 

1হে মনুষ্য সন্তান, তুমি এটা ইটা লৈ, তাক নিজৰ আগত ৰাখি তাৰ ওপৰত এখন নগৰৰ অৰ্থাৎ যিৰূচালেমৰ নক্সা আঁকা;

2আৰু তাক অৱৰোধ কৰা, তাৰ অহিতে কোঁঠা সাজা, তাৰ অহিতে হাদাম বান্ধা, তাৰ অহিতে চাৰিওফালে ছাউনি পাতা,আৰু তাৰ অহিতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা।

3আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা, আৰু তাৰ ফালে কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব, আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ নিমিত্তে এয়ে চিন হ’ব।

4তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইস্ৰায়েল-বংশৰ অপৰাধৰ ভাৰ ৰাখা; তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁবিলাকৰ অপৰাধ ববা।

5কিয়নো মই তেওঁবিলাকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ নিমিত্তে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ তিনিশ নব্বৈ দিন কৰিলোঁ; এইদৰে তুমি ইস্ৰায়েল বংশৰ অপৰাধ ববা।

6আৰু তুমি এইবোৰ সম্পূৰ্ণ কৰি আকৌ সোঁকাষে শুবা, আৰু চল্লিশ দিনলৈকে যিহূদা-বংশৰ অপৰাধ ববা; মই এক এক বছৰ তোমাৰ নিমিত্তে এক এক দিন কৰিলোঁ।

7তুমি বাহু উদং কৰি যিৰূচালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰূদ্ধে ভাববাণী প্ৰচাৰ কৰিবা।

8চোৱা, মই ৰছীৰে তোমাক বান্ধিম; তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিব।

9আৰু তুমি নিজৰ নিমিত্তে ঘেঁহু,যৱ, মাহ, মচূৰ বজৰা, আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা; তুমি কাতি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে তিনিশ নব্বৈ দিন তাক ভোজন কৰিবা।

10তোমাৰ খোৱা আহাৰ জোখ কৰি দিনে দিনে বিশ চেকল খাবা; তুমি বিশেষ বিশেষ দিনত তাক খাবা।

11আৰু তুমি পানীও জোখ কৰি হীনৰ ছয় ভাগৰ এভাগ পান কৰিবা।

12আৰু তুমি যৱৰ পিঠাৰ নিচিনাকৈ তাক তৈয়াৰ কৰি ভোজন কৰিবা; আৰু তেওঁবিলাকৰ চকুৰ আগতে, মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা।

13যিহোৱাই আৰু কলে, যি জাতিবিলাকৰ মাজলৈ মই এই ইস্ৰায়েল সন্তানবিলাকক খেদিম, সেই জাতিবিলাকৰ মাজত তেওঁবিলাকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।

14তেতিয়া মই কলোঁ, হায় হায় প্ৰভূ যিহোৱা, চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই; কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে নিজে মৰা বা জন্তুৰে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।

15তেতিয়া তেওঁ মোক কলে, মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ খুটি দিলোঁ; তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা।

16তাৰ বাহিৰে, তেওঁ মোক কলে, হে মনুষ্য সন্তান, চোৱা, মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁবিলাক পিঠা আৰু পানীৰ অভাৱত পৰিবৰ নিমিত্তে, আৰু পৰস্পৰে আচৰিত হৈ তেওঁবিলাকৰ অপৰাধত ক্ষীণাই যাবৰ নিমিত্তে,

17তেওঁবিলাকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 4 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran