Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 3 >> 

1পাছে তেওঁ মোক কলে, হে মনুষ্য-সন্তান, তোমাৰ আগত যি আছে তাক খোৱা; এই নুৰিওৱা পুথিখন খাই পেলাই, গৈ ইস্ৰায়েল বংশক কথা কোৱা।

2তাতে মই মুখ মেলিলত, তেওঁ মোক সেই পুথিখন খুৱাই দিলে।

3তেওঁ মোক কলে, হে মনুষ্য-সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি, তাৰে তোমাৰ উদৰ পূৰ কৰা। তাতে মই তাক খোৱাত, সেয়ে মোৰ মুখত মৌ-জোলৰ নিচিনা মিঠা লাগিল।

4পাছে তেওঁ মোক কলে, হে মনুষ্য-সন্তান, ইস্ৰায়েলৰ বংশৰ ওচৰলৈ গৈ তেওঁবিলাকক মোৰ বাক্য কোৱা।

5কিয়নো অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা জাতিৰ ওচৰলৈ তোমাক নপঠাই ইস্ৰায়েল-বংশৰ ওচৰলৈ পঠোৱা হৈছে।

6যি জাতিবিলাকৰ বাক্য তুমি বুজিব নোৱাৰা, অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা এনে অনেক জাতিৰ ওচৰলৈ তোমাক পঠোৱা নাই। মই যদি তোমাক সিহঁতৰ ওচৰলৈ পঠালোঁহেঁতেন, তেন্তে নিশ্চয়ে সিহঁতে তোমাৰ কথা শুনিলেহেঁতেন।

7কিন্তু ইস্ৰায়েল বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহ’ব, কিয়নো তেওঁবিলাকে মোৰ কথা শুনিবলৈ সন্মত নহয়। কাৰণ ইস্ৰায়েলৰ গোটেই বংশ টান-কপলীয়া আৰু কঠিন চিত্তীয়া।

8চোৱা, মই তেওঁবিলাকৰ মুখৰ আগত তোমাৰ মুখ কঠিন, আৰু তেওঁবিলাকৰ কপালৰ আগত তোমাৰ কপাল টান কৰিলোঁ।

9মই তোমাৰ কপাল চকমকি পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁবিলাক বিদ্ৰোহী বংশ হলেও, তেওঁবিলাকলৈ ভয় নকৰিবা, বা তেওঁবিলাকৰ মুখ দেখি ব্যাকুল নহ’বা।

10তেওঁ মোক আৰু কলে, হে মনুষ্য-সন্তান, মই তোমাৰ আগত যি যি কথা কওঁ, সেই আটাই কথা অন্তৰত গ্ৰহণ কৰা, আৰু কাণত ঠাই দিয়া।

11আৰু তোমাৰ দেশান্তৰিত স্বজাতীয় সন্তানবিলাকৰ গুৰিলৈ গৈ তেওঁবিলাকক কথা কোৱা; তেওঁবিলাকে শুনক বা নুশুনক, প্ৰভূ যিহোৱাই এই কথা কৈছে, এই বুলি তেওঁবিলাকক কোৱা।

12তেতিয়া আত্মাই মোক দাঙি ললত, “ নিজ ঠাইৰ পৰা ওলাই যোৱা যিহোৱাৰ গৌৰৱ ধন্য”, এই বাক্য, অতি বেগেৰে যোৱা শব্দেৰে মোৰ পাছৰ পৰা শুনিলোঁ;

13আৰু প্ৰাণী কেইজনৰ ডেউকা পৰস্পৰে লগালগি হোৱাত, সেইবোৰৰ শব্দ, এনেকি অতি বেগেৰে যোৱাৰ মহাশব্দ শুনিলোঁ।

14এইদৰে আত্মাই মোক দাঙি লৈ গ’ল; আৰু মই বেজাৰত, আৰু মোৰ অন্তৰৰ তাপত গ’লো, আৰু যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল।

15পাছে কবাৰ নদীৰ পাৰত থকা তেল-আবীব-নিবাসী দেশান্তৰিত লোকবিলাকৰ গুৰিত মই উপস্থিত হলোঁ, আৰু তেওঁবিলাক বহি থকা ঠাইলৈ গৈ, মই আচৰিত হৈ তেওঁবিলাকৰ মাজত সাত দিন বহি থাকিলোঁ।

16সাত দিনৰ মূৰত যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল, বোলে,

17হে মনুষ্য সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ নিমিত্তে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা।

18তুমি নিশ্চয়ে মৰিবা, এই বুলি মই দুষ্টক কোৱা সময়ত তুমি তাক সতৰ্ক নকৰিলে, বা তাৰ প্ৰাণ নিস্তাৰ কৰিবৰ নিমিত্তে তাৰ মন্দ পথৰ পৰা তাক সাৱধান হ’বলৈ নক’লে, সেই দু্ষ্ট লোক নিজ অপৰাধত মৰিব: কিন্তু মই তোমাৰ হাতৰ পৰা তাৰ ৰক্তৰ প্ৰতিশোধ ল’ম।

19কিন্তু তুমি তাক সতৰ্ক কৰাতো সি নিজ দুষ্টতাৰ পৰা বা নিজ কু পথৰ পৰা নুঘূৰিলে, সি নিজ অপৰাধত মৰিব; কিন্তু তুমি হ’লে, তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।

20আকৌ ধাৰ্ম্মিক লোকে নিজ ধাৰ্ম্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰিলে, আৰু মই তোমাৰ আগত উজুটি খোৱা মূঢ়া ৰাখিলে, তেওঁ মৰিব; কিন্তু তুমি তেওঁক সতৰ্ক নকৰিলে তেওঁ নিজ পাপত মৰিব, আৰু তেওঁ কৰা ধৰ্ম্ম-কৰ্ম্মবোৰ সোঁৱৰণ কৰা নাযাব; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম।

21আৰু ধাৰ্ম্মিকলোকে পাপ নকৰিবৰ নিমিত্তে তুমি যদি তেওঁক সতৰ্ক কৰা, আৰু তেওঁ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।

22আৰু সেই ঠাইতে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু তেওঁ মোক কলে,উঠা, উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা হ’ম।

23তাতে মই উঠি উপত্যকালৈ ওলাই গ’লো, আৰু দেখিলোঁ, কবাৰ নদীৰ ওচৰত মই দেখা গৌৰৱৰ নিচিনা যিহোৱাৰ গৌৰৱ তাত ৰৈ আছে; তাতে মই উবুৰি হৈ পৰিলোঁ।

24পাছে আত্মাই মোৰ অন্তৰত সোমাই মোক থিয় কৰিলে, আৰু তেওঁ মোৰ লগত কথা হৈ মোক, তুমি গৈ তোমাৰ ঘৰ বন্ধ কৰি ভিতৰত থাকা।

25হে মনুষ্য সন্তান, মানুহবিলাকে তোমাক লেজু লগাই তাৰে তোমাক বান্ধিব, তাতে তুমি বাহিৰ হৈ তেওঁবিলাকৰ মাজলৈ যাব নোৱাৰিবা;

26আৰু মই তোমাৰ জীভা তালুত লগাম, তাতে তুমি বোবা হ’বা, আৰু তেওঁবিলাকৰ আগত অনুযোগ কৰোঁতা নহ’বা; কিয়নো তেওঁবিলাক বিদ্ৰোহী বংশ।

27কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত তোমাৰ মুখ মেলিম’ তাতে প্ৰভূ যিহোৱাই এই কথা কৈছে বুলি তুমি তেওঁবিলাকক ক’বা। যি জনে শুনে, তেওঁ শুনক, আৰু যি জনে নুশুনে, তেওঁ নুশুনক; কিয়নো তেওঁবিলাক বিদ্ৰোহী বংশ।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 3 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran