Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 37 >> 

1পাছে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু যিহোৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে; সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ।

2তেওঁ চাৰিওফালে সেইবোৰৰ ওচৰে ওচৰে মোক ফুৰালে, আৰু চোৱা, সেই উপত্যকাটিত অনেক অনেক হাড় আছিল, আৰু চোৱা, সেইবোৰ অতি শুকান।

3পাছে তেওঁ মোক কলে,হে মনুষ্য সন্তান,এই হাড়বোৰ জীৱ পাৰেনে? তাতে মই কলোঁ হে প্ৰভূ যিহোৱা, আপুনিহে জানে।

4তেতিয়া তেওঁ মোক কলে, তুমি এই হাড়বোৰৰ আগত ভাববাণী প্ৰচাৰ কৰা, আৰু এইবোৰক কোৱা, হে শুকান হাড়বিলাক, যিহোৱাৰ বাক্য শুনা।

5প্ৰভূ যিহোৱাই এই হাড়বোৰক এই কথা কৈছে, চোৱা, মই তোমালোকৰ ভিতৰত প্ৰাণবায়ু সুমুৱাম; তাতে তোমালোক জীৱা।

6আৰু মই তোমালোকৰ ওপৰত সিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম; তাতে তোমালোক জীৱা, আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।

7পাছে মই আজ্ঞা পোৱাৰ দৰে ভাববাণী প্ৰচাৰ কৰিলোঁ; মই প্ৰচাৰ কৰোঁতে এটি শব্দ হ’ল; মৰ মৰ শব্দ হ’ল; আৰু হাড়বোৰ গোটখাই নিজ নিজ হাড়ত লাগিল।

8আৰু মই চাই দেখিলোঁ, সেইবোৰত সিৰ হ’ল, মাংস উৎপন্ন হ’ল, আৰু সেইবোৰক ছালে ঢাকিলে; কিন্তু সেইবোৰৰ ভিতৰত প্ৰাণ-বায়ু নাছিল।

9পাছে তেওঁ মোক কলে, বায়ুৰ আগত ভাববাণী প্ৰচাৰ কৰা; হে মনুষ্য সন্তান ভাববাণী প্ৰচাৰ কৰি বায়ুক কোৱা প্ৰভূ যিহোৱাই এই কথা কৈছে হে বায়ু চাৰিওদিশৰ পৰা আহি এই হত লোকবোৰ জীৱৰ নিমিত্তে ইহঁতৰ ওপৰত বলোওৱা।

10তাতে তেওঁ মোক আজ্ঞা দিয়াৰ দৰ, মই ভাববাণী প্ৰচাৰ কৰিলোঁ; তেতিয়া সিহঁতৰ ভিতৰত প্ৰাণ-বায়ু সোমালত সিহঁত জীলে, আৰু অতিশয় মহাবাহিনী হৈ নিজ নিজ ভৰিত ভৰ দি থিয় হ’ল।

11পাছে তেওঁ মোক কলে, হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ: চোৱা, তেওঁবিলাকে কয়, আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আসা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো।

12এই হেতুকে তুমি ভাববাণী প্ৰচাৰ কৰি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা হে নোৰ প্ৰজাবিলাক, মই তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম,আৰু মই তোমালোকক ইস্ৰায়েল দেশলৈ লৈ যাম।

13আৰু হে মোৰ প্ৰজাবিলাক, মই যেতিয়া তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম তেতিয়া, মই যে যিহোৱা, তাক তোমালোকে জানিবা।

14আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম; তাতে তোমালোক জীৱা, আৰু মই তোমালোকৰ দেশত তোমালোকক বহোৱাম; আৰু মই যিহোৱায়েই যে ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিলোঁ, তাক তোমালোকে জানিবা, ইয়াক যিহোৱাই কৈছে।

15পাছে যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল, বোলে,

16হে মনুষ্য সন্তান,তুমি নিজৰ নিমিত্তে এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, “যিহূদাৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ সন্তানবিলাক”, পাছে আৰু এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, “যোচেফৰ, অৰ্থাৎ ইফ্ৰয়িমৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ আটাই বংশৰ কাঠ”,

17আৰু সেই দুডাল তোমাৰ হাতত এডাল হ’বৰ নিমিত্তে এডালৰ লগত আন ডাল লগ লগাই তোমাৰ নিমিত্তে এডাল কৰা।

18আৰু এইবোৰৰ দ্বাৰাই তুমি কি বুজাইছা, তাক তুমি আমাক নজনাবানে ? এইবুলি তোমাৰ জাতিৰ সন্তানবিলাকে যেতিয়া তোমাক সুধিব,

19তেতিয়া তুমি তেওঁবিলাকক ক’বা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, মই ইফ্ৰয়িমৰ হাতত থকা, যোচেফৰ কাঠডাল, আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ ফৈদবিলাকক লৈ, যিহূদাৰ কাঠডালৰ লগতে লগ লগাই এডাল কৰিম, আৰু তেওঁবিলাক মোৰ হাতত এডাল হ’ব।

20আৰু তুমি লিখা কাঠ দুডাল তেওঁবিলাকৰ আগত তোমাৰ হাতত থাকিব।

21আৰু তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, ইস্ৰায়েলৰ সন্তানবিলাক যোৱা জাতিবিলাকৰ মাজৰ পৰা মই তেওঁবিলাকক লৈ চাৰিওফালৰ পৰা তেওঁবিলাকক গোটাই তেওঁবিলাকৰ নিজ দেশলৈ লৈ যাম।

22পাছে মই দেশত ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তেওঁবিলাকক এক জাতি কৰিম, আৰু এজন ৰজা তেওঁবিলাক আটাইৰে ৰজা হ’ব; তেওঁবিলাক পুনৰায় দুই জাতি নহ’ব, বা কেতিয়াও দুই ৰাজ্য বিভক্ত নহ’ব।

23আৰু তেওঁবিলাকৰ নিজৰ মুৰ্ত্তিৰে, নিজৰ ঘিণ লগীয়া বস্তুৰে, নাইবা নিজৰ অপৰাধৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰিব; কিন্তু তেওঁবিলাকে পাপ কৰা তেওঁবিলাকৰ আটাই বাসস্থানৰ পৰা মই তেওঁবিলাকক ৰক্ষা কৰিম, আৰু তেওঁবিলাকক শুচি কৰিম; তাতে তেওঁবিলাক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ’ম।

24আৰু মোৰ দাস দায়ুদ তেওঁবিলাকৰ ওপৰত ৰজা হ’ব, আৰু তেওঁবিলাক সকলোৰে এজন ৰখীয়া হ’ব; তেওঁবিলাকে মোৰ শাসন-প্ৰণালী বোৰত চলিব, আৰু মোৰ বিধিবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিব।

25আৰু তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকে বাস কৰা, মোৰ দাস যাকোবক মই দিয়া দেশখনত তেওঁবিলাকে বাস কৰিব; তেওঁবিলাকে তেওঁবিলাকৰ পুত্ৰ-পৌত্ৰাদিক্ৰমে চিৰকাললৈকে তাত বাস কৰিব, আৰু মোৰ দাস দায়ুদ চিৰকাললৈকে তেওঁবিলাকৰ অধিপতি হ’ব।

26ইয়াৰ বাহিৰে মই তেওঁবিলাকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁবিলাকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁবিলাকক স্থাপন কৰি তেওঁবিলাকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁবিলাকৰ মাজত মোৰ ধৰ্ম্মধাম স্থাপন কৰিম।

27মোৰ আবাসো তেওঁবিলাকৰ লগত থাকিব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ’ম, আৰু তেওঁবিলাক মোৰ প্ৰজা হ’ব।

28আৰু যেতিয়া মোৰ ধৰ্ম্মধাম তেওঁবিলাকৰ মাজত চিৰকাললৈকে থাকিব, তেতিয়া মই যে ইস্ৰায়েলক পবিত্ৰ কৰোঁতা যিহোৱা, তাক জাতিবিলাকে জানিব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 37 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran