Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 36 >> 

1আৰু হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ আগত ভাববাণী প্ৰচাৰ কৰি কোৱা, হে ইসেৰ্য়েলৰ পৰ্ব্বতবিলাক, তোমালোকে যিহোৱাৰ বাক্য শুনা।

2প্ৰভূ যিহোৱাই এই কথা কৈছে, শত্ৰুৱে তোমালোকৰ অহিতে কৈছে, “ভাল হৈছে”, আৰু “পুৰাতন উচ্চস্থানবোৰ আমাৰ অধিকাৰ হ’ল”।

3এই হেতুকে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, জাতিবিলাকৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ নিমিত্তে, সিহঁতে তোমালোকক ধ্বংস আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে; আৰু তোমালোক গপীহঁতৰ গপৰ ও লোকবিলাকে চৰ্চ্চিফুৰাৰ বিষয় হ’লা।

4এই কাৰণে এই কাৰণেইহে, হে ইস্ৰায়েলৰ পৰ্ব্বতবিলাক, তোমালোকে প্ৰভূ যিহোৱাৰ বাক্য শুনা,; চাৰিওফালে থকা জাতিবিলাকৰ অৱশিষ্ট ভাগলৈ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক, জুৰি বৈ থকা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন ধ্বংসস্থান আৰু পৰিত্যক্ত নগৰবোৰক প্ৰভূ যিহোৱাই এইদৰে কৈছে,

5সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভূ যিহোৱাই এইদৰে কৈছে,লুটৰ আশাৰে মোৰ দেশ শূণ্য কৰিবলৈ, জাতিবিলাকৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদোমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ নিমিত্তে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, সিহঁতৰ অহিতে মোৰ অন্তৰ্জ্জ্বালাৰ অগ্নিত মই কৈছোঁ।

6এতেকে তুমি ইস্ৰায়েলৰ দেশৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰি পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, জাতিবিলাকে দিয়া লাজ তোমালোকে ভোগ কৰাৰ কাৰণে মোৰ অন্তৰ্জ্জ্বালাত আৰু মোৰ ক্ৰোধত মই কৈছোঁ।

7এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবিলাকেহে নিজ নিজ লাজ ভোগ কৰিব।

8কিন্তু হে ইস্ৰায়েলৰ পৰ্ব্বতবিলাক, তোমালোকে হ’লে, তোমালোকৰ ডালবোৰ বঢ়াবা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ নিমিত্তে তোমালোকে ফল উৎপন্ন কৰিবা; কিয়নো তেওঁবিলাকৰ অহা সময় ওচৰ চাপিছে।

9কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।

10আৰু মই তোমালোকৰ ওপৰত মানুহবিলাকক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইবিলাককে বঢ়াম; আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব।

11আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম তাতে সেইবিলাকে বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মঙ্গল দান কৰিম; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।

12এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁবিলাকৰ অধিপত্য হ’বা, আৰু তুমি তেওঁবিলাকক পুনৰায় সন্তানহীন নকৰিবা।

13প্ৰভূ যিহোৱাই এই কথা কৈছে, তুমি মনুষ্য গ্ৰাসকীৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীন-কাৰিণী বুলি তেওঁবিলাকে তোমালোকক কয়;

14এই হেতুকে প্ৰভূ যিহোৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা, বা তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা;

15আৰু জাতিবিলাকে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম, লোকবিলাকৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুটি নুখুৱাবা, ইয়াক প্ৰভূ যিহোৱাই কৈছে।

16পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

17হে মনুষ্য সন্তান, ইস্ৰায়েল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল,, তেতিয়া তেওঁবিলাকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্যেৰে তাক অশুচি কৰিছিল; মোৰ আগত তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ, ঋতুস্নান হোৱা তিৰোতাৰ অশৌচৰ নিচিনা আছিল।

18এই হেতুকে, তেওঁবিলাকে দেশত ৰক্তপাত কৰাৰ কাৰণে, আৰু তেওঁবিলাকৰ মুৰ্ত্তিৰে তাক অশুচি কৰাৰ নিমিত্তে, মই তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষালোঁ।

19আৰু মই তেওঁবিলাকক জাতিবিলাকৰ মাজত ছিন্নভিন্ন কৰিলোঁ, তেওঁবিলাক দেশবোৰৰ মাজত গোট গোট হ’ল; তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য অনুসাৰে মই তেওঁবিলাকক বিচাৰ সিদ্ধ দণ্ড দিলোঁ।

20আৰু তেওঁবিলাক যি জাতিবিলাকৰ গুৰিলৈ গ’ল, সেই জাতিবিলাকৰ গুৰিলৈ গৈ তেওঁবিলাকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁবিলাকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক।

21কিন্তু ইস্ৰায়েল-বংশ যোৱা জাতিবিলাকৰ মাজত তেওঁবিলাকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ নিমিত্তে মোৰ দয়া জন্মিল।

22এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিমিত্তে কাৰ্য্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবিলাকৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম।

23আৰু জাতিবিলাকৰ মাজত তেওঁবিলাকে অপবিত্ৰ কৰা জাতিবিলাকৰ মাজত অপবিত্ৰীকৃত হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম; আৰু প্ৰভূ যিহোৱাই কৈছে,যেতিয়া মই জাতিবিলাকৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই, যে যিহোৱা, তাক জাতিবিলাকে জানিব।

24কিয়নো মই জাতিবিলাকৰ মাজৰ পৰা তোমালোকক লৈ, আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ নিম।

25আৰু মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।

26মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম; আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম।

27আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য্য কৰিবা।

28আৰু মই তোমালোকৰ পূৰ্ব্ব-পুৰুষবিলাকক দিয়া দেশত তোমালোকে বাস কৰিবা; আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।

29মই তোমালোকৰ আটাই অশৌচৰ পৰা তোমালোকক ৰক্ষা কৰিম; আৰু মই ঘেঁহুধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষভাৰ অৰ্পণ নকৰিম।

30তোমালোকে জাতিবিলাকৰ মাজত দুৰ্ভিক্ষৰ দুৰ্ণাম আৰু নাপাবৰ নিমিত্তে গছৰ ফল আৰু পথাৰৰ উৎপন্ন বস্তু মই বৃদ্ধি কৰিম।

31তেতিয়া তোমালোকে তোমালোকৰ কু-আচৰণ আৰু মন্দ কাৰ্য্যবোৰ সোঁৱৰণ কৰিবা; তোমালোকৰ অপৰাধ আৰু ঘিণলগীয়া কাৰ্য্যৰ নিমিত্তে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিণাবা।

32প্ৰভূ যিহোৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য্য নকৰোঁ, ইয়াক তোমালোকে জনা উচিত; হে ইস্ৰায়েল-বংশ, তোমালোকৰ আচাৰ-ব্যৱহাৰৰ নিমিত্তে তোমালোক লজ্জিত আৰু বিৱৰ্ণ হোৱা।

33প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুৰায় নিৰ্ম্মান কৰা হ’ব।

34আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ চহোৱা হ’ব;

35আৰু লোকে ক’ব, এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এদন বাৰীৰ নিচিনা হ’ল, আৰু এই যি নগৰবোৰ ধ্বংসস্থান, উচ্ছন্ন, আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবৃত আৰু বাসস্থান হ’ল।

36মই যিহোৱায়েই যে ভগা ঠাইবোৰ পুনৰায় নিৰ্ম্মান কৰিলোঁ, আৰু ধ্বংস কৰা ঠাই বাৰী কৰিলোঁ, তাক তোমালোকৰ চাৰিওফালে অৱশিষ্ট থকা জাতিবিলাকে তেতিয়া জানিব। মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।

37প্ৰভূ যিহোৱাই এই দৰে কৈছে, আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ নিমিত্তে ইয়াক কৰিম, এই নিমিত্তে তেওঁবিলাকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই ভেড়াৰ জাকৰ দৰে তেওঁবিলাকক মানুহেৰে বৃদ্ধি কৰিম।

38পবিত্ৰ ভেড়াৰ জাকৰ, যিৰূচালেমৰ নিৰূপিত উৎসৱৰ ভেড়াৰ জাকৰেই নিচিনাকৈ ধ্বংস নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁবিলাকে জানিব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 36 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran