Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 38 >> 

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান,, মাগোগদেশীয়, ৰোচ, মেচেক, আৰু তূবলৰ অধিপতি গোগৰ ফাললৈ মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা,

3প্ৰভূ যিহোৱাই এই কথা কৈছে,, চোৱা, ৰোচ, মেচেক, আৰু তূবলৰ অধিপতি হে গোগ, মই তোমাৰ বিপক্ষ।

4মই তোমাক ওলোটাম, আৰু তোমাৰ জামুদাঁতৰ গুৰিত হাঁকোটা লগাই তোমাক , আৰু তোমাৰ ঘোঁৰা আৰু অশ্বাৰোহী আদি আটাই সৈন্যসামন্তকে উলিয়াম; সিহঁত আটাইবোৰ সু-সজ্জিত, ফৰ আৰু ঢাল ধৰা মহাদল; সিহঁত আটাইবোৰ তৰোৱালধাৰী।

5সিহঁতৰ লগত পাৰস্য, কোচ, আৰু পুট আছে; সিহঁত আটাইবোৰ ঢাল লোৱা, আৰু শিৰোৰক্ষক টুপি পিন্ধা।

6গোমৰ আৰু তাৰ আটাই দলসমূহ, উত্তৰৰ অন্ত ভাগত থকা তোমগাৰ বংশ, আৰু তাৰ আটাই দলসমূহ আদি কৰি অনেক অনেক জাতি তোমাৰে সৈতে আছে।

7তুমি যুগুত হোৱা, নিজকে যুগুত কৰা; তুমি নিজৰ ওচৰত গোট খোৱা দলসমূহে সৈতে যুগুত হোৱা, আৰু তুমি সিহঁতৰ ৰখীয়া হোৱা।

8বহুদিনৰ পাছত তোমাৰ সৈন্যসমূহ গোটোৱা হ’ব; তৰোৱালৰ মুখৰ পৰা ৰক্ষা পোৱা, অনেক জাতিসমূহৰ পৰা গোটোৱা লোকবিলাকৰ দেশলৈ, বহুকালৰ পৰা উচ্ছন্ন হোৱা ইস্ৰায়েলৰ পৰ্ব্বতবোৰলৈ বচৰবোৰৰ শেষ ভাগত তুমি যাত্ৰা কৰিবা; কিন্তু সেই দেশৰ লোকবিলাকক জাতিবিলাকৰ মাজৰ পৰা উলিওৱা হ’ল, আৰু তেওঁবিলাক আটায়ে নিৰাপদে বাস কৰিছে।

9তুমি উঠি ধুমুহাৰ নিচিনাকৈ যাত্ৰা কৰিবা; তুমি আৰু তোমাৰ আটাই দলসমূহে আৰু তোমাৰে সৈতে অনেক জাতিয়ে মেঘৰ দৰে দেশ ঢাকিবা।

10প্ৰভূ যিহোৱাই এইদৰে কৈছে, সেই দিনা তোমাৰ মনত নানা ভাৱ উদয় হ’ব আৰু তুমি কু-কল্পনা কৰিবা;

11আৰু তুমি ক’বা, লুট কৰিবলৈ আৰু বস্তু কাঢ়ি আনিবলৈ, বৰ্ত্তমানে বাস কৰা আৰু উচ্ছন্ন ঠাইবোৰৰ অহিতে আৰু জাতিবিলাকৰ মাজৰ পৰা গোটোৱা গৰু, ছাগলী, আদি বস্তু অৰ্জ্জা, পৃথিৱীৰ মাজ ঠাইত বাস কৰা জাতিৰ অহিতে মোৰ হাত চলাবলৈ,

12গড় নোহোৱা গাওঁ থকা দেশখনলৈ মই উঠি যাম, সুস্থিৰে থকা নিৰাপদে বাস কৰা, সমূলি গড়, ডাং কি কপাট নোহোৱাকৈ বাস কৰা লোকবিলাকৰ তালৈ যাম।

13চিবা, দদান, তৰ্চীচৰ বণিকবিলাক, আৰু তাৰ আটাই ডেকা সিংহবোৰে তোমাক ক’ব, আপুনি লুট কৰিবলৈ জানো অহা নাই? বস্তু কাঢ়ি নিবলৈ, সোণ আৰু ৰূপ লৈ যাবলৈ, গৰু, ভেড়া আদি অধিক লুটদ্ৰব্য লৈ যাবলৈ আপুনি জানো আপোনাৰ দলসমূহক গোটোৱা নাই?

14এই হেতুকে, হে মনুষ্য সন্তান, তুমি ভাববামী প্ৰচাৰ কৰি গোগক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, সেইদিনা যেতিয়া মোৰ প্ৰজা ইস্ৰায়েলে নিৰাপদে বাস কৰিব,তেতিয়া তুমি দানো তাক নাজানিবা?

15াৰু তুমি উত্তৰৰ অন্তভাগৰ নিজ ঠাইৰ পৰা যাত্ৰা কৰিবা, াৰু তোমাৰে সৈতে অনেক জাতি যাব; সিহঁত আটাইবোৰ অশ্বাৰোহী, সিহঁত মহাদল আৰু পৰাক্ৰমী সৈন্যসামন্ত.

16তুমি এডোখৰ মেঘৰ নিচিনাকৈ দেশ ঢাকি মোৰ প্ৰজা ইস্ৰায়েলৰ অহিতে উঠি যাবা; হে গোগ, মই জাতিবিলাকৰ সাক্ষাতে তোমাৰ মাজত পবিত্ৰীকৃত হ’লে জাতিবিলাকে মোক জানিবৰ নিমিত্তে শেষ কালত মোৰ দেশৰ বিৰুদ্ধে মই তোমাক লৈ যাম।

17প্ৰভূ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ বিৰুদ্ধে তোমাক আনিম বুলি আগৰ কালত অনেক বছৰ ভাববাণী প্ৰচাৰ কৰা মোৰ দাস ভাববাদীবিলাকৰ দ্বাৰাই যাৰ বিষয়ে মই কৈছিলোঁ, তুমিয়েই সেইজন নোহোৱানে?

18আৰু প্ৰভূ যিহোৱাই কৈছে, গোগ, ইস্ৰায়েল দেশৰ বিৰুদ্ধে যোৱা দিনা মোৰ নাকত ক্ৰোধাগ্নি উঠিব।

19কিয়নো মোৰ অন্তৰ্জ্জ্বালাত আৰু ক্ৰোধাগ্নিত মই কৈছোঁ, ইস্ৰায়েল দেশত সেই দিনা নিশ্চয়ে এনে মহৎ কম্পন হ’ব যে,

20সমুদ্ৰৰ মাছ,আকাশৰ পক্ষী, বনৰীয়া জন্তু, মাটিত বগাই ফুৰা আটাই উৰগ জন্তু, আৰু পৃথিৱীৰ ওপৰত থকা সকলো মানুহ মোৰ সন্মুখত কঁপিব, আৰু পৰ্ব্বতবোৰ পেলোৱা হ’ব, গড়া ঠাইবোৰ খহি পৰিব, আৰু প্ৰত্য়েক গড় মাটিৰে সমান হ’ব।

21আৰু প্ৰভূ যিহোৱাই কৈছে, মোৰ সকলো পৰ্ব্বতত মই তাৰ অহিতে তৰোৱাল মাতিম; প্ৰত্যেক মানুহৰ তৰোৱাল নিজ নিজ ভাইৰ বিৰুদ্ধে হ’ব।

22আৰু মই মহমাৰী আৰু ৰক্তপাতেৰে তাক বিচাৰ সিদ্ধ দণ্ড দিম: আৰু মই তাৰ, তাৰ দলসমূহৰ, আৰু তাৰ লগত থকা অনেক জাতিৰ ওপৰত প্লাৱন কৰোঁতা বৰষুণ, মহাশিলাবৃষ্টি, অগ্নি, আৰু গন্ধক বৰষাম।

23আৰু মই নিজকে মহান আৰু পবিত্ৰ কৰিম, আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম; তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 38 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran