Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 27 >> 

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তুমি তূৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা,

3আৰু সাগৰৰ প্ৰৱেশস্থান-নিবাসিনী অনেক দ্বীপত জাতিবিলাকৰ বাণিজ্যকাৰিণী তূৰক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, হে তূৰ, তুমি কৈছিলা মই পৰম সুন্দৰী।

4তোমাৰ সীমাৰ ভিতৰৰ ঠাইখন গভীৰ সমুদ্ৰৰ মাজত আছিল; তোমাৰ নিৰ্ম্মানকাৰীবোৰে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল।

5সিহঁতে চনীৰৰ পৰা অনা দেৱদাৰু কাঠেৰে তোমাৰ সকলো তক্তা বনাইছিল; সিহঁতে তোমাৰ নিমিত্তে এডাল মাস্তুল কৰিবলৈ লিবানোনৰ পৰা এৰচ কাঠ আনিছিল।

6সিহঁতে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল; সিহঁতে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠত লগোৱা হাতী দাঁতৰ তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ কৰিছিল।

7তোমালৈ নিচানস্বৰূপ হ’বৰ নিমিত্তে, তোমাৰ পাল মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰে কৰা হৈছিল; তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল।

8চীদোন আৰু অৰ্বদ-নিবাসীবোৰ তোমাৰ বঠা বাওঁতা আছিল; হে তূৰ, তোমাৰ জ্ঞানী লোক তোমাৰ মাজত তোমাৰ আৰকাটি আছিল।

9গবলৰ বৃদ্ধবিলাক আৰু তাৰ জ্ঞানীলোকবিলাক তোমাৰ মাজত তোমাৰ বিন্ধা মাৰোঁতা আছিল; তোমাৰ বাণিজ্য-দ্ৰব্য তোলা-নমা কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাবিকবোৰ তোমাৰ মাজত আছিল।

10পাৰস্য, লূদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্তৰ মাজত তোমাৰ ৰণুৱা আছিল; সিহঁতে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল সিহঁতে তোমাক সুশোভিতা কৰিছিল।

11তোমাৰ সৈন্য-সামন্তেৰে সৈতে অৰ্বদৰ লোকবিলাক চাৰিওফালে তোমাৰ গড়ৰ ওপৰত আছিল, আৰু গম্মদীয়া লোকবিলাক তোমাৰ ওখ ঘৰবোৰত আছিল; সিহঁতে চাৰিওফালে তোমাৰ গড়ৰ ওপৰত নিজ নিজ ঢাল আৰি থৈছিল; সিহঁতে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল।

12তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে তৰ্চীচ তোমাৰ বণিক আছি; সিহঁতে ৰূপ, লোহা, বগীতাম আৰু সীহ দি তোমাৰ মাল লৈছিল।

13যাবন, তুবল, আৰু মেচেক তোমাৰ বেপাৰী আছিল; সিহঁতে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল।

14তোগৰ্মা-বংশীয় মানুহবোৰে ঘোঁৰা, যুদ্ধাৰু ঘোঁৰা আৰু খচৰ দি তোমাৰ মাল লৈছিল।

15দদানৰ মানুহবোৰ তোমাৰ বেপাৰী আছিল; অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল; সিহঁতে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অব্লুচ কাঠ তোমাক সলনি দিছিল।

16তোমাৰ হাতেৰে সজা অনেক বস্তুৰ নিমিত্তে অৰাম তোমাৰ বণিক আছিল; সিহঁতে মৰকত মণি, বেঙেনা বৰণীয়া সূতা, কাৰচিপি বন কৰা কাপোৰ, মিহি শণ সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল।

17যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ বেপাৰী আছিল, তেওঁবিলাকে মিন্নীতৰ ঘেহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ মাল লৈছিল।

18তোমাৰ হাতেৰে সজা অধিক বস্তু আৰু তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে দম্মেচক তোমাৰ বণিক আছিল; তাৰ লোকবিলাকে হিল্বোনৰ দ্ৰাক্ষাৰস আৰু ভেড়াৰ বগা নোম আনিছিল।

19উজালত থকা বদানে আৰু যাবনে তোমাৰ বস্তুৰ নিমিত্তে বাণিজ্য কৰিছিল; তোমাৰ বাণিজ্য-দ্ৰব্যৰ মাজত উজ্জ্বল লোহা, তেজপাত আৰু সুগন্ধি বচ আছিল।

20ঘোঁৰাত উঠিবৰ নিমিত্তে জীন কাপোৰৰ, দদান তোমাৰ বেপাৰী আছিল.

21আৰব, আৰু কেদৰৰ আটাই মুখ্যলোক তোমাৰ অধীনৰ বণিক আছিল, তেওঁবিলাক ভেড়া পোৱালি, মতা মেৰ, আৰু মতা ছাগ, এইবোৰৰ তোমাৰ বণিক আছিল।

22চিবাৰ আৰু ৰয়মাৰ বেপাৰীবোৰ তোমাৰ বেপাৰী আছিল; সিহঁতে সকলো বিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য, সকলো বিধৰ বহুমূল্য পাথৰ আৰু সোণ দি তোমাৰ মাল লৈছিল।

23হাৰণ, কন্নি, এদন চিবা, অচুৰ আৰু কিল্মদৰ বেপাৰীবোৰ তোমাৰ বেপাৰী আছিল।

24বহুমূল্য বস্ত্ৰ, নীল বৰণীয়া আৰু কাৰচিপি বন কৰা চোলা, আৰু ৰচীৰে বন্ধা এৰচ কাঠৰ তৈয়াৰী বহুমূল্য কাপোৰ থকা চন্দুক তোমাৰ বজাৰলৈ অনা এইবোৰ বস্তুৰেই সিহঁত তোমাৰ বেপাৰী আছিল।

25তৰ্চীচৰ জাহাজবোৰ তোমাৰ বাণিজ্য-দ্ৰব্য লৈ যোৱা বণিকৰ দলস্বৰূপ আছিল, আৰু তুমি পৰিপূৰ্ণা হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা।

26তোমাৰ বঠা বাওঁতাবোৰে তোমাক মহাজলসমূহৰ মাজলৈ লৈ গ’ল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ভাঙিলে।

27তোমাৰ মাজত থকা ধন-সম্পত্তি, মাল, বাণিজ্য দ্ৰব্য, নাৱিক, আৰকাটি, বিন্ধা-মাৰোতা, বাণিজ্য-দ্ৰব্যবোৰ তোলা নমা কৰোঁতাবোৰ, আৰু সকলো যুদ্ধাৰু তোমাৰ মাজত থকা সকলো লোক সমুহে সৈতে তোমাৰ পতনৰ দিনা সমুদ্ৰৰ মাজত পতিত হ’ল;

28তোমাৰ আৰকাটিবোৰৰ চিঞঁৰৰ শব্দত তোমাৰ চাৰিওফালৰ ঠাইবোৰ কঁপিছে।

29আটাই বঠা বাওঁতা নাৱিক আৰু সমুদ্ৰৰ আৰকাটিয়ে নিজ নিজ জাহাজৰ পৰা নামি বামত থিয় হৈ,

30তোমাৰ বিষয়ে সিহঁতৰ মাত শুনাইছে, বৰ বেজাৰেৰে চিঞৰি নিজ নিজ মূৰত ধূলি ছটিয়াই ছাইত বাগৰিছে,

31তোমাৰ নিমিত্তে নিজৰ নিজৰ মূৰ টকলা কৰিছে, ছট কাপোৰেৰে কঁকাল বান্ধিছে, আৰু অত্যন্ত শোকেৰে মনৰ তাপত তোমাৰ নিমিত্তে কান্দিছে।

32আৰু হাহাকাৰ কৰোঁতে সিহঁতে তোমাৰ নিমিত্তে বিলাপ কৰিবলৈ ধৰি তোমাৰ বিষয়ে এই বিলাপৰ কথা কৈছে, তূৰৰ নিচিনা, সমুদ্ৰৰ মাজত নিস্তব্ধে থকা জনীৰেই নিচিনা কোন আছে?

33সমুদ্ৰৰ পৰা তোমাৰ মাল ওলোৱা সময়ত তুমি অনেক জাতিক পৰিপূৰ্ণ কৰিছিলা; তোমাৰ অধিক ধন-সম্পত্তি আৰু বাণিজ্য-দ্ৰব্যেৰে পৃথিৱাৰ ৰজাবিলাকক তুমি চহকী কৰিছিলা।

34সমুদ্ৰৰ দ্বাৰাই জলসমূহৰ গভীৰ ঠাইবোৰত তুমি ভগ্ন হোৱা সময়ত, তোমাৰ বাণিজ্য-দ্ৰব্য আৰু তোমাৰ আটাই দল তোমাৰ মাজত পতিত হ’ল।

35দ্বীপ নিবাসী সকলোৱে তোমাক দেখি আচৰিত হৈ, আৰু সিহঁতৰ ৰজাবিলাকৰ নোম শিয়ৰি উঠিছে, আৰু তেওঁবিলাকৰ বদন বিকৃত হৈছে।

36জাতিবিলাকৰ মাজত থকা বণিকবিলাকে তোমাক দেখি ইচ ইচ কৰিছে। তুমি ত্ৰাসৰ বিষয় হ’লা, তুমি আৰু কেতিয়াও নহ’বা।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 27 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran