Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 14 >> 

1পাছে ইস্ৰায়েলৰ বৃদ্ধবিলাকৰ মাজৰ জনদিয়েক পুৰুষ মোৰ ওচৰলৈ আহি মোৰ আগত বহিলত,

2যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

3হে মনুষ্য সন্তান, এই মানুহবিলাকে নিজ নিজ মুৰ্ত্তিক হৃদয়ত ঠাই দিছে, আৰু নিজৰ নিজৰ সন্মূখত নিজৰ নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিছে; মই জানো তেওঁবিলাকক কোনোমতে মোক সুধিবলৈ দিম?

4এই নিমিত্তে তুমি তেওঁবিলাকক এই বুলি কোৱা প্ৰভূ যিহোৱাই এই কথা কৈছে ইস্ৰায়েল-বংশৰ যি কোনো মানুহে নিজ মুৰ্ত্তিবোৰক হৃদয়ত ঠাই দিব, আৰু নিজৰ সন্মূখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব, আৰু কোনো এজন ভাববাদীৰ ওচৰলৈ আহিব,

5ইস্ৰায়েলৰ গোটেই বংশ তেওঁবিলাকৰ মুৰ্ত্তিবোৰৰ দ্বাৰাই মোৰ পৰা আঁতৰ হোৱাৰ কাৰণে মই তেওঁবিলাকৰ নিজ নিজ হৃদয়ৰূপ ফান্দত তেওঁবিলাকক ধৰিবৰ নিমিত্তে, সেই অহা মানুহৰ মুৰ্ত্তিবোৰৰ বাহুল্য অনুসাৰে মই যিহোৱাই নিজেই তাক উত্তৰ দিম।

6এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমাললোক ওলোটা, তোমালোকৰ মুৰ্ত্তিবোৰৰ পৰা ঘূৰা, আৰু তোমালোকৰ আটাই ঘিণলগীয়া বস্তুলৈ পিঠি দিয়া।

7কিয়নো, ইস্ৰায়েল বংশৰ মাজত, আৰু ইস্ৰায়েলত প্ৰবাস কৰা বিদেশীবোৰৰ মাজত যি কোনোৱে মোৰ পৰা নিজকে বেলেগ কৰিব, নিজৰ মুৰ্ত্তিবোৰক হৃদয়ত ঠাই দিব, আৰু নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব, আৰু নিজৰ নিমিত্তে মোক সুধিবলৈ কোনো এজন ভাববাদীৰ ওচৰলৈ আহিব, মই যিহোৱাই নিজেই তাক উত্তৰ দিম।

8আৰু মই সেই মানুহৰ বিৰুদ্ধে মুখকৰি চিন আৰু দৃষ্টান্ত হ’বলৈ তাক আচৰিতৰ বিষয় কৰিম আৰু মোৰ প্ৰজাবিলাকৰ মাজৰপৰা তাক উচ্ছন্ন কৰিম, তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।

9আৰু যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ কোনো বাক্য় কয়, তেন্তে মই যিহোৱাই সেই ভাব –বাদীক ভ্ৰান্ত কৰিলোঁ, আৰু মই তাৰ ওপৰলৈ হাত মেলি মোৰ প্ৰজা ইস্ৰায়েলৰ মাজৰ পৰা তাক উচ্ছন্ন কৰিম।

10এইদৰে তেওঁবিলাকে নিজ নিজ অপৰাধৰ দণ্ড ভুগিব। ভাববাদীৰ গুৰিলৈ যোৱাটোৰ অপৰাধ আৰু ভাববাদীৰ অপৰাধ দুয়ো সমান হ’ব;

11ইয়াৰ অভিপ্ৰায় এই, যেন ইস্ৰায়েল-বংশই মোৰ পৰা বিপথে নাযায়; আৰু তেওঁবিলাকৰ অপৰাধবোৰৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰে, কিন্তু তেওঁবিলাক যেন মোৰ প্ৰজা হয়, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হওঁ, ইয়াক প্ৰভূ যিহোৱাই কৈছে।

12পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

13হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লঙ্ঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে, আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো, আৰু তালৈ আকাল পঠাই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ,

14তেন্তে, নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক তাত থাকিলেও, তেওঁবিলাকে নিজ নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব, এয়ে প্ৰভূ যিহোৱাৰ বচন।

15বা যদি সেই দেশৰ সকলো ফাললৈ হিংসক জন্তু পঠাই দিওঁ, আৰু সেইবোৰে তাক সন্তানহীন কৰে, আৰু সেই জন্তুবোৰৰ কাৰণে কোনো মানুহ তাৰ মাজেদি যাব নোৱাৰাকৈ সেয়ে উচ্ছন্ন হয়,

16তেন্তে সেই তিনিজনলোক তাত থাকিলেও, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তেওঁবিলাকে পো বা জীহঁতক উদ্ধাৰ নকৰিব, কেৱল তেওঁবিলাকেইহে ৰক্ষা পাব, কিন্তু দেশ হ’লে উচ্ছন্ন হ’ব।

17বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনি, হে তৰোৱাল, দেশৰ মাজেদি যা, এই বুলি কৈ মই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ,

18তেন্তে সেই তিনিজন লোক তাত থাকিলেও, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তেওঁবিলাকে পো বা জীহঁতক উদ্ধাৰ নকৰিব, কেৱল তেওঁবিলাকেইহে ৰক্ষা পাব।

19বা যদি মই সেই দেশলৈ এক মহামাৰী পঠাওঁ, আৰু তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ তাৰ ওপৰত মোৰ ক্ৰোধ বৰষাই তেজ বোৱাওঁ,

20তেন্তে, নোহ, দানিয়েল, আৰু ইয়োব তাত থাকিলেও, প্ৰভূ যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, তেওঁবিলাকে পো কি জীক উদ্ধাৰ নকৰিব, নিজ নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব।

21কিয়নো প্ৰভূ যিহোৱাই এই কথা কৈছে,সেই দেশৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ মই যেতিয়া তৰোৱাল, আকাল, হিংসক জন্তু আৰু মহামাৰী মোৰ এই চাৰিওটা মহা-আপদ যিৰূচালেমৰ বিৰুদ্ধে পঠাম, তেতিয়া আৰু কিমান অসাধ্য হ’ব!

22তথাপি চোৱা, তাৰ মাজত ৰক্ষা পোৱা কেতবিলাক পুতেক আৰু জীয়েকক বাহিৰলৈ অনা যাব; চোৱা তেওঁবিলাক তোমালোকৰ ওচৰলৈ ওলাই আহিব, আৰু তোমালোকে তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁবিলাকৰ কাৰ্য্য দেখিবলৈ পাবা; তাতে যিৰূচালেমলৈ মই ঘটোৱা অমঙ্গলৰ বিষয়ে, তালৈ মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে শান্তনা পাবা।

23তোমালোকে তেওঁবিলাকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য দেখিলে, তেওঁবিলাকে তোমালোকক শান্তনা দিব; কিয়নো তোমালোকে বুজিবা, যে, মই তাৰ মাজত কৰা একোকে বিনাকাৰণে কৰা নাই, এয়ে প্ৰভূ যিহোৱাৰ বাক্য।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 14 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran