Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 12 >> 

1পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁবিলাকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁবিলাকে নুশুনে; কিয়নো তেওঁবিলাক বিদ্ৰোহী বংশ।

3এই হেতুকে হে মনুষ্য সন্তান, তুমি নিজৰ নিমিত্তে দেশান্তৰৰ সামগ্ৰী যুগুত কৰা, আৰু দিনতে তেওঁবিলাকৰ চকুৰ আগতে নিজ দেশান্তৰলৈ প্ৰস্থান কৰা; তুমি তেওঁবিলাকৰ চকুৰ আগতে নিজ ঠাইৰ পৰা আন ঠাইলৈ যোৱা; তেওঁবিলাক বিদ্ৰোহী বংশ হ’লেও কিজানি বিবেচনা কৰিব।

4তুমি দিনতে তেওঁবিলাকৰ চকুৰ আগতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ তোমাৰ সামগ্ৰী বাহিৰ কৰি নিবা, আৰু দেশান্তৰলৈ ওলোৱা লোকৰ নিচিনাকৈ তুমি তেওঁবিলাকৰ চকুৰ আগতে গধূলি নিজে ওলাবা।

5তুমি তেওঁবিলাকৰ চকুৰ আগতে গড় খানি তাৰ মাজেদি সামগ্ৰী উলিয়াবা।

6তেওঁবিলাকৰচকুৰ আগতে তুমি তাক কান্ধত তুলি আন্ধাৰত বাহিৰলৈ লৈ যাবা; তুমি ভূমি নেদেখিবৰ নিমিত্তে তোমাৰ মুখ ঢাকিবা; কিয়নো মই ইস্ৰায়েল বংশৰ নিমিত্তে এক চিনস্বৰূপে তোমাক প্ৰস্থান কৰিলোঁ।

7তাতে মই আজ্ঞামতে কাম কৰিলোঁ; মই দিনতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ মোৰ সামগ্ৰী উলিয়াই নিলোঁ, আৰু গধূলি মোৰ হাতেৰেই গড় খানিলোঁ; মই আন্ধাৰত তাক উলিয়াই তেওঁবিলাকৰ চকুৰ আগতে কান্ধত লৈ গ’লো।

8পাছে ৰাতিপুৱাতে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

9হে মনুষ্য সন্তান, তুমি কি কৰিছা? এইবুলি বিদ্ৰোহী বংশ ইস্ৰায়েল বংশই তোমাক জানো কোৱা নাই?

10তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, এই ভাৰে যিৰূচালেমত থকা অধিপতিজনক, আৰু তাৰ মাজত থকা ইস্ৰায়েলৰ আটাই বংশক বুজায়।

11তুমি কোৱা, মই তোমালোকৰ পক্ষে চিনস্বৰূপ; মই কৰা নিচিনাকৈ তেওঁবিলাকলৈ কৰা হ’ব; তেওঁবিলাক দেশান্তৰলৈ বন্দী-অৱস্থালৈ যাব।

12আৰু তেওঁবিলাকৰ মাজত থকা অধিপতিজনে নিজ কান্ধত বোজা লৈ আন্ধাৰত ওলাই যাব; তেওঁবিলাকে সামগ্ৰী উলিয়াবৰ নিমিত্তে গড় খানিব; তেওঁ নিজৰ মুখ ঢাকিব,কাৰণ তেওঁ চকুৰে ভূমি নেদেখিব।

13মোৰ জালো, মই তেওঁৰ ওপৰত মেলিম, তেওঁ মোৰ ফান্দত পৰিব; আৰু মই তেওঁক কলদীয়াবিলাকৰ দেশলৈ বাবিললৈ নিম; তথাপি তেওঁ তাক নেদেখিব; অথচ তেওঁ তাতেই মৰিব।

14আৰু তেওঁৰ চাৰিওফালে থকা তেওঁৰ আটাই সহায়কাৰীক আৰু তেওঁৰ সকলো সৈন্যক মই আটাই বায়ুত উড়ুৱাই দিম; আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁবিলাকৰ পাছে পাছে খেদি যাম।

15যেতিয়া মই তেওঁবিলাকক জাতিবিলাকৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত তেওঁবিলাকক গোট গোট কৰিম, তেতিয়া মই যে যিহোৱা তাক তেওঁবিলাকে জানিব।

16কিন্তু তেওঁবিলাক যি জাতিবিলাকৰ মাজলৈ যাব, সেই জাতিবিলাকৰ মাজত তেওঁবিলাকে নিজৰ ঘিণলগীয়া কাৰ্য্য প্ৰকাশ কৰিবৰ নিমিত্তে, তৰোৱালৰ পৰা, আকালৰ পৰা, আৰু মহামাৰীৰ পৰা তেওঁবিলাকৰ কেতবিলাক লোকক মই অৱশিষ্ট ৰাখিম; তাতে, মইযে যিহোৱা তাক তেওঁবিলাকে জানি।

17পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

18হে মনুষ্য সন্তান, তুমি কঁপি কঁপি নিজৰ আহাৰ ভোজন কৰা, কম্পন আৰু সাৱধানেৰে নিজৰ জল পান কৰা;

19আৰু তুমি দেশৰ লোকবিলাকক কোৱা, ইস্ৰায়েল দেশত থকা যিৰূচালেম-নিবাসীবিলাকৰ বিষয়ে প্ৰভূ যিহোৱাই এই কথা কৈছে, তাৰ নিবাসী আটাইবোৰৰ অত্যাচাৰৰ কাৰণে তাত থকা সকলো নষ্ট হৈ তেওঁবিলাকৰ দেশ উচ্ছন্ন হ’বৰ নিমিত্তে, তেওঁবিলাকে সাৱধানেৰে তেওঁবিলাকৰ আহাৰ ভোজন কৰিব, আৰু বিস্ময়েৰে তেওঁবিলাকৰ জল পান কৰিব।

20আৰু বাস কৰা নগৰবোৰ উচ্ছন্ন কৰা হ’ব, আৰু দেশ ধ্বংসস্থান হ’ব; তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা।

21পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

22হে মনুষ্য সন্তান, “দিন পলম হৈছে, প্ৰত্যেক দৰ্শন বিফল হৈছে”,ইস্ৰায়েল দেশত প্ৰচলিত হোৱা তোমালোকৰ এইটো কি কথা?

23এই হেতুকে তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মই এই প্ৰচলিত কথা লুপ্ত কৰিম, আৰু ই ইস্ৰায়েলৰ মাজত আৰু নচলিব; কিন্তু তেওঁবিলাকক কোৱা, দিন আৰু প্ৰত্যেক দৰ্শনৰ সফলতা ওচৰ।

24কিয়নো ইস্ৰায়েল বংশৰ ভিতৰত অনৰ্থক দৰ্শন, বা মানুহে ভাল পোৱা মঙ্গল চোৱা কথা আৰু নহ’ব।

25কাৰণ ময়েই যিহোৱা; মই ক’ম, আৰু মই কোৱা বাক্য সিদ্ধ হ’ব; তাক আৰু আগলৈ থোৱা নহ’ব; কিয়নো হে বিদ্ৰোহী বংশ, প্ৰভূ যিহোৱাই কৈছে, তোমালোকৰ দিনতেই মই বাক্য ক’ম, আৰু তাক সিদ্ধও কৰিম।

26আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

27হে মনুষ্য সন্তান, চোৱা, ইস্ৰায়েল-বংশই কয়, তেওঁ পোৱা দৰ্শনৰ কথা ঘটিবলৈ বহুদিন আছে; তেওঁ অতি দীৰ্ঘকালৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰে।

28এই হেতুকে তুমি তেওঁবিলাকক কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মোৰ বাক্য কোনোটোৱেই ফলিয়াবলৈ পলম নহ’ব; কিন্তু মই যি বাক্য ক’ম, সেয়ে সিদ্ধ হ’ব, এয়ে প্ৰভূ যিহোৱাৰ বচন।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 12 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran