Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 11 >> 

1পাছে আত্মাই মোক দাঙি যিহোৱাৰ গৃহৰ পূৱফালে মুখ কৰা পূৱ ফালৰ বাট-চৰাৰ ওচৰলৈ নিলে; আৰু চোৱা, সেই বাট-চৰাৰ দুৱাৰ মুখত পঁচিশজন পুৰুষ আছিল; আৰু তেওঁবিলাকৰ মাজত অজ্জুৰৰ পুতেক যাজনিয়া আৰু বনায়াৰ পুতেক পলটিয়া প্ৰজাবিলাকৰ এই দুজন অধ্যক্ষক মই দেখিলোঁ।

2তেতিয়া তেওঁ মোক কলে, হে মনুষ্য সন্তান, এই নগৰত কু-কল্পনা কৰোঁতা কু-মন্ত্ৰণা দিওঁতা লোক এইবিলাক।

3ইবিলাকে কয়, ঘৰ সাজিবৰ সময় ওচৰ চপা নাই; এই নগৰখন কেৰাহী, আৰু আমি মাংস- স্বৰূপ।

4এই হেতুকে ইবিলাকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰা।

5তাতে যিহোৱাৰ আত্মা মোত স্থিতি হ’লত, তেওঁ মোক কলে, তুমি কোৱা, যিহোৱাই এই কথা কৈছে, হে ইস্ৰায়েল-বংশ, তোমালোকে এই এই ৰূপ কথা কৈছা; কিয়নো তোমালোকৰ মনত উদয় হোৱা কথা মই জানিছোঁ;

6তোমালোকে এই নগৰত তোমালোকৰ হত লোকবিলাকৰ সংখ্যা বৃদ্ধি কৰিলা, আৰু ইয়াৰ আলিবোৰ হত লোকেৰে পৰিপূৰ্ণ কৰিলা।

7এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, ইয়াৰ মাজত তোমালোকে পেলোৱা, তোমালোকৰ হত লোকবিলাকহে মাংস, আৰু নগৰখন কেৰাহী; কিন্তু তোমালোকক ইয়াৰ মাজৰ পৰা বাহিৰ কৰা হ’ব।

8তোমালোকে তৰোৱাললৈ ভয় কৰিছা, মই তোমালোকৰ ওপৰলৈ তৰোৱালকহে আনিম, ইয়াক প্ৰভূ যিহোৱাই কৈছে।

9আৰু মই তোমালোকক ইয়াৰ মাজৰ পৰা উলিয়াই পেলাম, আৰু বিদেশীবিলাকৰ হাতত সমৰ্পণ কৰি, তোমালোকৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।

10তোমালোক তৰোৱালত পতিত হ’বা, মই ইস্ৰায়েলৰ সীমাতেই তোমালোকক দণ্ড দিম; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।

11এই নগৰখন তোমালোকৰ কেৰাহী নহ’ব, আৰু তোমালোক ইয়াৰ মাজত থকা মাংস নহ’বা; মই ইস্ৰায়েলৰ সীমাতেই তোমালোকক দণ্ড দিম;

12তাতে, মই যে যিহোৱা তোমালোকে জানিবা। কিয়নো তোমালোকে মোৰ বিধিবোৰত চলা নাই, বা মোৰ শাসন প্ৰণালীবোৰ পালন কৰা নাই, কিন্তু তোমালোকৰ চাৰিওফালৰ জাতিবিলাকৰ শাসন প্ৰণালী অনুসাৰে কাৰ্য্য কৰিলা।

13পাছে মই ভাববাণী প্ৰচাৰ কৰা সময়ত বনায়াৰ পুতেক পলটিয়া মৰি গ’ল; তাতে মই উবুৰি হৈ পৰি চিঞৰি কলোঁ, হায় হায় প্ৰভূ যিহোৱা, তুমি ইস্ৰায়েলৰ অৱশিষ্ট ভাগক নিঃশেষে বিনষ্ট কৰিবা নে?

14পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল বোলে,

15হে মনুষ্য সন্তান, তোমাৰ ভাইবিলাক, তোমাৰেই ভাইবিলাক, তোমাৰ জ্ঞাতি-কুটুম্ববিলাক, ইস্ৰায়েলৰ গোটেই বংশ, এই আটাইবিলাককে যিৰূচালেম নিবাসীবিলাকে কয়, তোমালোক যিহোৱাৰ পৰা আঁতৰ হোৱা, অধিকাৰৰ অৰ্থে এই দেশ আমাকহে দিয়া হ’ল।

16এই হেতুকে তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মই যদিও তেওঁবিলাকক জাতি-বিলাকৰ মাজলৈ দূৰ কৰিলোঁ, আৰু যদিও মই দেশবোৰৰ মাজত তেওঁবিলাকক ছিন্ন-ভিন্ন কৰিলোঁ, তথাপি তেওঁবিলাক যি যি দেশলৈ গ’ল, সেই সেই দেশত মই অলপকাল তেওঁবিলাকৰ ধৰ্ম্মধাম হ’ম।

17এই হেতুকে তুমি কোৱা, প্ৰভূ যিহোৱাই এই কথা কৈছে, মই জাতিবিলাকৰ মাজৰ পৰা তোমালোকক চপাম, আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰবোৰৰ পৰা তোমালোকক গোটাম, আৰু তোমালোকক ইস্ৰায়েল দেশ দিম।

18তেওঁবিলাকে সেই দেশলৈ যাব, আৰু তাৰ আটাই গৰ্হিত আৰু ঘিণলগীয়া বস্তু তাৰ মাজৰ পৰা দূৰ কৰিব।

19তেওঁবিলাকে মোৰ বিধিত চলিবৰ, আৰু মোৰ শাসন-প্ৰণালী পালন কৰি সেই অনুসাৰে কাৰ্য্য় কৰিবৰ নিমিত্তে মই তেওঁবিলাকক একেটা চিত্ত দান কৰিম,

20আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থিতি কৰিম, আৰু তেওঁবিলাকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তেওঁবিলাকক মাংসৰূপ মন দিম; তাতে তেওঁবিলাক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁবিলাকৰ ঈশ্বৰ হ’ম।

21কিন্তু প্ৰভূ যিহোৱাই কৈছে, যিবোৰৰ হৃদয় সিহঁতৰ গৰ্হিত আৰু ঘিণলগীয়া বস্তুবোৰৰ হৃদয়ৰ পাছত চলে, সিহঁতৰ বিষয়ে হ’লে, মই সিহঁতৰ নিজৰ নিজৰ মূৰতে সিহঁতৰ কাৰ্য্যৰ ফল ফলিওৱাম।

22পাছে কৰূব কেইজনে নিজ নিজ ডেউকা দাঙিলে; তেওঁবিলাকৰ কাষে কাষে চক্ৰকেইটাও আছিল, আৰু তেওঁবিলাকৰ ওপৰত ওখত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।

23আৰু যিহোৱাৰ গৌৰৱ নগৰৰ মাজৰ পৰা ওপৰলৈ উঠি গৈ নগৰৰ পূৱফালে থকা পৰ্ব্বতখনৰ ওপৰত ৰ’ল।

24পাছে আত্মাই মোক দাঙি দৰ্শনক্ৰমে ঈশ্বৰৰ আত্মাৰ শক্তিৰে কল্দীয়া দেশলৈ দেশান্তৰিত লোকবিলাকৰ ওচৰলৈ আনিলে। এইদৰে মই দেখা দৰ্শন মোৰ পৰা ওপৰলৈ উঠি গ’ল।

25পাছে যিহোৱাই মোক দেখুওৱা সকলো বিষয় মই দেশান্তৰিত লোকবিলাকক কলোঁ।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 11 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran