Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ezekiel 13 >> 

1পাছে, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,

2হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰোঁতা ইস্ৰায়েলৰ ভাববাদীবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, আৰু নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰোঁতাবোৰক কোৱা, তোমালোকে যিহোৱাৰ বাক্য শুনা;

3প্ৰভূ যিহোৱাই এই কথা কৈছে, নিজ নিজ আত্মাৰ আৰু নোপোৱা দৰ্শনৰ অনুগামী হোৱা মুৰ্খ ভাববাদীবোৰৰ সন্তাপ হ’ব।

4হে ইস্ৰায়েল, তোমাৰ ভাববাদীবোৰ উচ্ছন্ন ঠাইৰ শিয়ালৰ নিচিনা।

5যিহোৱাৰ যুদ্ধৰ দিনা থিৰে থাকিবলৈ, তোমালোকে গড়ৰ ভঙা বাটত উঠা নাই, বা ইস্ৰায়েলৰ বংশৰ চাৰিওফালে গড় নিৰ্ম্মান কৰা নাই।

6যিহোৱাই নপঠোৱাকৈয়ে যিহোৱাই কৈছে বুলি কওঁতাবোৰে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়, আৰু বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে।

7তোমালোকে জানো অনৰ্থক দৰ্শন পোৱা নাই? আৰু মিছা মঙ্গলৰ কথা জানো কোৱা নাই? তথাপি মই নোকোৱাকৈয়ে যিহোৱাই কৈছে বুলি তোমালোকে কোৱা।

8এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, তোমালোকে অনৰ্থক বাক্য কৈছা, আৰু মিছা দৰ্শন পাইছা; এই কাৰণে, প্ৰভূ যিহোৱাই কৈছে, চোৱা, মই তোমালোকৰ বিপক্ষ।

9মোৰ হাত অনৰ্থক দৰ্শন পোৱা, আৰু মিছা মঙ্গল চোৱা ভাববাদীবোৰৰ বিপক্ষ হ’ব; সিহঁত মোৰ প্ৰজাবিলাকৰ সভাত নাথাকিব, বা ইস্ৰায়েল-বংশৰ নামৰ তালিকাত সিহঁতৰ নাম লিখা নহ’ব, বা সিহঁত ইস্ৰায়েল দেশত নোসোমাব; তাতে মই যে প্ৰভূ যিহোৱা, তাক তোমালোকে জানিবা।

10শান্তি নোহোৱাকৈয়ে সিহঁতে শান্তি বুলি কৈ মোৰ প্ৰজাবিলাকক ভুলায়; আৰু যেতিয়া কোনোৱে দেৱাল সাজে, তেতিয়া সিহঁতে তাক চূণেৰে লিপে।

11এই হেতুকে চূণেৰে লিপাবোৰক তুমি কোৱা, ই পৰিব; প্লাবন কৰোঁতা মহাবৃষ্টি আহিব; হে বৃষ্টিৰ মহাশিলবিলাক, তোমালোক পৰিবা; আৰু মহা বতাহে তাক ভাঙিব।

12চোৱা, যেতিয়া দেৱাল পৰিব, তেতিয়া, তোমালোকে যি লেও দিলা, সেই লেও ক’ত? এইবুলি তোমালোকক কোৱা নাযাব নে?

13এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, মই মোৰ ক্ৰোধত মহা বতাহেৰে তাক ভাঙিম, প্লাবন কৰোঁতা মহাবৃষ্টি মোৰ কোপত আহিব, আৰু মোৰ ক্ৰোধত নষ্ট কৰিবলৈ মহাশিলাবৃষ্টি হ’ব।

14এইদৰে, তোমালোকে চূণেৰে লিপা দেৱাল মই ভাঙিম, আৰু ভিত্তিমূল ওলাই পৰাকৈ মই তাক মাটিৰে সমান কৰিম; সেয়ে পৰিব, আৰু তোমালোকে তাৰ মাজত বিনষ্ট হ’বা; তাতে মই যে যিহোৱা, তাক তোমালোকে জানিবা।

15মোৰ ক্ৰোধ দেৱালৰ ওপৰত, আৰু চূণেৰে লিপাবোৰৰো ওপৰত, মই এইদৰে সিদ্ধ কৰিম, আৰু মই তোমালোকক ক’ম, সেই দেৱাল আৰু নাই, আৰু তাক লিপাবোৰো,

16অৰ্থাৎ যিৰূচালেমৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা, আৰু শান্তি নথকাতো তাৰ নিমিত্তে দৰ্শন পোৱা ইস্ৰায়েলৰ ভাববাদীবোৰো নাই, ইয়াক প্ৰভূ যিহোৱাই কৈছে।

17আৰু হে মনুষ্য সন্তান, তোমাৰ জাতিৰ যি জীয়াৰীবোৰে নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰে, সিহঁতৰ অহিতে তুমি মুখ কৰা, আৰু সিহঁতৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা,

18প্ৰভূ যিহোৱাই এই কথা কৈছে, লোকৰ প্ৰাণ মৃগয়া কৰিবলৈ, আটাইবোৰ কিলাকুটিত গাঁৰু সিয়াই দিওঁতা, আৰু ওখ অনুসাৰে প্ৰত্যেকৰ মূৰৰ নিমিত্তে ওৰণি তৈয়াৰ কৰোঁতা তিৰোতাবোৰৰ সন্তাপ হ’ব; তোমালোকে মোৰ প্ৰজাবিলাকৰ প্ৰাণ মৃগয়া কৰি তোমালোকৰ নিমিত্তে প্ৰাণবোৰ জীয়াই ৰাখিবা নে?

19মিছা কথালৈ কাণ দিওঁতা মোৰ প্ৰজাবিলাকৰ আগত তোমালোকে মিছা কথা কৈ, মৰিব নলগাবিলাকৰ প্ৰাণ বধ কৰিবলৈ আৰু জীয়াই থাকিব নলগাবিলাকৰ প্ৰাণ জীয়াই ৰাখিবলৈ কেই-খামোচমান যৱৰ আৰু কেইডোখৰ মান পিঠাৰ নিমিত্তে মোৰ প্ৰজাবিলাকৰ মাজত মোক অপবিত্ৰ কৰিলা।

20এই হেতুকে প্ৰভূ যিহোৱাই এই কথা কৈছে, চোৱা, যি গাঁৰুবোৰে পক্ষী-চিকাৰৰ নিচিনাকৈ তোমালোকে প্ৰাণবোৰ মৃগয়া কৰা, তোমালোকৰ সেই গাঁৰুবোৰৰ মই বিপক্ষ, আৰু মই তোমালোকৰ বাহুৰ পৰা সেইবোৰ ছিঙি পেলাম আৰু পক্ষী-চিকাৰৰ নিচিনাকৈ তোমালোকে মৃগয়া কৰা প্ৰাণবোৰ এৰি দিম।

21মই তোমালোকৰ ওৰণিও ফালিম, আৰু তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাবিলাকক উদ্ধাৰ কৰিম, মৃগয়া কৰিবলৈ তোমালোকৰ হাতত তেওঁবিলাক আৰু নাথাকিব; তাতে মই যে, যিহোৱা, তাক তোমালোকে জানিবা।

22মই দুখ নিদিয়া ধাৰ্ম্মিকবিলাকৰ হৃদয়ত তোমালোকে মিছা কথাৰে দুখ দিয়াৰ কাৰণে, আৰু দুষ্টই নিজ প্ৰাণ জীয়াই ৰাখিবলৈ নিজ কু-পথৰ পৰা নুঘূৰিবৰ নিমিত্তে সেই দুষ্টৰ হাত সবল কৰাৰ কাৰণে,

23তোমালোকে অনৰ্থক দৰ্শন আৰু নেদেখিবা, আৰু মঙ্গল চাবলৈ নাপাবা; কিন্তু মই তোমালোকৰ হাতৰ পৰা মোৰ প্ৰজাবিলাকক উদ্ধাৰ কৰিম; তাতে, মই যে, যিহোৱা, তাক তোমালোকে জানিবা।


  Share Facebook  |  Share Twitter

 <<  Ezekiel 13 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran