Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ecclesiastes 9 >> 

1কিয়নো মই এই সকলো বিষয় অনুসন্ধান কৰিবলৈ এই সকলো বিষয়লৈ মন দিলোঁ, যে, ধাৰ্ম্মিক আৰু জ্ঞানী লোকবিলাক আৰু তেওঁবিলাকৰ কৰ্ম্ম ঈশ্বৰৰ হাতত আছে, প্ৰেমেই হয় নে ঘিণেই হয়, তাক মানুহে নাজানে। সকলো তেওঁবিলাকৰ আগলৈ আছে।

2সকলোলৈকে সকলো একেদৰে ঘটে; ধাৰ্ম্মিক কি দুষ্ট, সৎলোক, কি শুচি, কি অশুচি, বলি দান কৰোঁতা কি বলিদান নকৰোঁতা, সকলোলৈকে একে ঘটনা ঘটে; সৎলোক যেনে পাপীও তেনে, শপতকাৰী যেনে শপতলৈ ভয়কাৰীও তেনে।

3সুৰ্য্যৰ তলত কৰা সকলো কাৰ্য্যৰ ভিতৰত এইয়ে অতি দুখৰ বিষয় যে সকলোলৈকে সমান ঘটনা ঘটে; এনেকি মনুষ্য সন্তানবিলাকৰ মন দুষ্টতাৰে পুৰ, আৰু জীয়াই থাকে মানে সিহঁতৰ হৃদয়ৰ মাজত পাগলামী থাকে, পাছে মৃতবিলাকৰ মাজলৈ যাব লগা হয়।

4কিয়নো সকলো জীৱিত লোকৰ মাজত প্ৰত্যাশা আছে; কাৰণ মৰা সিংহতকৈ জীয়া কুকুৰেই ভাল।

5কিয়নো জীৱিত লোকবিলাকে মৰিম বুলি জানে; কিন্তু মৃতলোকবিলাকে একোকেই নাজানে, আৰু সিহঁতে সিবিলাকৰ শ্ৰমৰ ফল আৰু নাপায় কিয়নো সিহঁতৰ স্মৃতি লুপ্ত হয়।

6সিহঁতৰ প্ৰেম, সিহঁতৰ ঘিণ, আৰু সিহঁতৰ অসুয়া নষ্ট হৈ গ’ল, আৰু সুৰ্য্যৰ তলত কৰা সকলো কাৰ্য্যত সিহঁতেকোনো কালেও আৰু ভাগ নাপাব।

7তুমি যোৱা, আনন্দেৰে নিজৰ আহাৰ ভোজন আৰু হৰ্ষিত মনেৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো ঈশ্বৰে তোমাৰ কৰ্ম্ম পুৰ্ব্বৰে পৰা গ্ৰহণ কৰিলে।

8তোমাৰ বস্ত্ৰ সৰ্বদায় শুক্লবৰ্ণ হওক, আৰু তোমাৰ মুৰত তেলৰ অভাব নহওক।

9সুৰ্য্যৰ তলত ঈশ্বৰে তোমাক অসাৰ আয়ুস যিমান দিন দিয়ে, তোমাৰ সেই সকলো অসাৰ দিনত তুমি নিজ প্ৰিয়া ভাৰ্য্যাৰ লগত আনন্দ কৰা, কিয়নো জীৱনৰ কালত, আৰু তুমি সুৰ্য্যৰ তলত যি পৰিশ্ৰম কৰা, সেই পৰিশ্ৰমত এয়ে তোমাৰ পাবলগা ভাগ।

10যি যি কাৰ্য্য তোমাৰ হাতত পৰে, তাক যত্নেৰে কৰিবা। কিয়নো তুমি যি ঠাইলৈ যাব লাগিছা, সেই চিয়োলত কোনো কাৰ্য্য, কি কল্পনা, কি বিদ্যা, কি জ্ঞান একোৱেই নাই।

11মই ঘুৰি আকৌ সুৰ্য্যৰ তলত চাই দেখিলো, যে, লৰ মৰামৰি খেলত বেগীবিলাক, ৰণত বীৰ বিলাক যে জয় হয়, আৰু জ্ঞানীবিলাকে অন্ন, বুদ্ধিয়ক বিলাকে ধন, আৰু নিপুণ লোকবিলাকে যে অনুগ্ৰহ পায় এনে নহয়; কিন্তু সকলোলৈকে সময় আৰু দৈব্যক্ৰমেহে ঘটে।

12কিয়নো মানুহে নিজৰ সময় নাজানে; যেনেকৈ মাছবোৰ অনিষ্টকাৰী জালত, আৰু যেনেকৈ চৰাইবোৰ ফান্দত ধৰা পৰে, তেনেকে মনুষ্য সন্তানবিলাকো অকস্মাৎ হোৱা আপদৰ কালত ধৰা পৰে।

13মই সুৰ্য্যৰ তলত প্ৰজ্ঞা আৰু এক উদাহৰণ দেখিলো; সেয়ে মোলৈ মহৎ বোধ হ’ল।

14তাকৰ মানুহ থকা এখন সৰু নগৰ আছিল; পাছে কোনো মহান ৰজাই তাৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰি, তাৰ বিৰুদ্ধে বৰ বৰ কোঁঠ সাজিলে।

15এনেতে সেই নগৰত এজন জ্ঞানৱান দৰিদ্ৰ মানুহ পোৱা গ’ল; তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে; কিন্তু সেই দৰিদ্ৰ মানুহক কোনেও নুসুঁৱৰিলে।

16তেতিয়া মই ক’লোঁ, পৰাক্ৰমতকৈ প্ৰজ্ঞা উত্তম হয়; তথাপি প্ৰজ্ঞাক হেয়জ্ঞান কৰা যায় তাৰ কথা কোনেও নুশুনে।

17অজ্ঞানবোৰৰ মাজত শাসন কৰোঁতাৰ চিঞঁৰতকৈ ধীৰে ধীৰে কোৱা জ্ঞানীবিলাকৰ বাক্য অধিক শুনা যায়।

18যুদ্ধৰ অস্ত্ৰতকৈয়ো প্ৰজ্ঞা উত্তম; কিন্তু এজন পাপীয়ে অনেক মঙ্গল নষ্ট কৰে।


  Share Facebook  |  Share Twitter

 <<  Ecclesiastes 9 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran