Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Ecclesiastes 3 >> 

1প্ৰত্যেক বিষয়ৰেই এক এক সময় আছে, আকাশৰ তলত প্ৰত্যেক অভিপ্ৰায়ৰ বিশেষ বিশেষ সময় আছে।

2জন্মিবৰ সময় আৰু মৰিবৰ সময়, ৰুবৰ সময় আৰু ৰোৱা উঘালিবৰ সময়,

3বধ কৰিবৰ সময় আৰু সুস্থ কৰিবৰ সময়, ভাঙিবৰ সময় আৰু সাজিবৰ সময়,

4কান্দিবৰ সময় আৰু হাঁহিবৰ সময়, বিলাপ কৰিবৰ সময় আৰু নাচিবৰ সময়,

5শিল দলিয়াই পেলাবৰ সময় আৰু শিল গোটাবৰ সময়, আঁকোলি ধৰিবৰ সময় আৰু আঁকোলি ধৰাৰ পৰা আতৰি থাকিবৰ সময়,

6বিচাৰিবৰ সময় আৰু হেৰুৱাবৰ সময়, ৰাখিবৰ সময় আৰু পেলাবৰ সময়,

7ফালিবৰ সময় আৰু সিয়াবৰ সময়, নিমাতে থাকিবৰ সময় আৰু কথা কবৰ সময়,

8প্ৰেম কৰিবৰ সময় আৰু ঘিণ কৰিবৰ সময়, ৰণৰ সময় আৰু শান্তিৰ সময় আছে।

9কাম কৰা মানুহে যি পৰিশ্ৰম কৰে, তাতে তাৰ কি লাভ ?

10মনুষ্য সন্তানবিলাক পৰিশ্ৰমী হবৰ অৰ্থে, ঈশ্বৰে যি ব্য়ৱসায় সিবিলাকক দিছে, তাক মই দেখিলোঁ।

11তেওঁ সকলোকেই নিজ নিজ কালত সুন্দৰ কৰিছে, আৰু তেওঁবিলাকৰ হৃদয়ত অনন্ত কালে ৰাখিছে তথাপি এনেকৈ ৰাখিছে যে আদিৰ পৰা অন্তলৈকে ঈশ্বৰে কৰা কাৰ্য্যৰ তত্ত্ব কোনেও উলিয়াব নোৱাৰে।

12মই জানো, যে, মানুহ জীয়াই থকা কাললৈকে আনন্দ আৰু সৎকৰ্ম্ম কৰাতকৈ তাৰ পক্ষে আৰু কোনো উত্তম নাই।

13আৰু প্ৰত্যেক মানুহ যে ভোজন পান আৰু তেওঁৰ সকলো পৰিশ্ৰমত সুখ ভোগ কৰে, ইও ঈশ্বৰৰ দান।

14মই জানো, যে, ঈশ্বৰে যি যি কৰে, সেই সকলো চিৰস্থায়ী; তাক বঢ়াবও নোৱাৰি; কমাবও নোৱাৰি; আৰু তেওঁৰ সাক্ষাতে যেন মানুহবিলাকে ভয় কৰে, সেই নিমিত্তেই ঈশ্বৰে তাক তেনে কৰে।

15যি আছে, সেয়ে পুৰ্বেও আছিল, আৰু যি আগলৈ হব লগা, সিও পুৰ্ব্বে আছিল; আৰু যি হৈ গ’ল, ঈশ্বৰে আকৌ তাকেই বিচাৰে।।

16তাত বাজে মই সুৰ্য্যৰ তলত বিচাৰ স্থানত দেখিলোঁ, যে, তাতো দুষ্টতা আছে।

17মই মনতে ক’লো, ঈশ্বৰেই ধাৰ্ম্মিকৰ আৰু দুষ্টৰ বিচাৰ কৰিব; কিয়নো তাত প্ৰত্যেক অভিপ্ৰায়ৰ নিমিত্তে আৰু প্ৰত্যেক কৰ্ম্মৰ নিমিত্তে এক এক সময় আছে।

18মই মনতে ক’লো, যে, ঈশ্বৰে যেন মনুষ্য সন্তানবিলাকক পৰীক্ষা কৰে, আৰু তেওঁবিলাক যে, নিজেই পশুতুল্য, ইয়াক যেন তেওঁবিলাকে বুজিব পাৰে, এই কাৰণে, সেয়ে তেওঁবিলাকৰ নিমিত্তে হৈছে।

19কিয়নো মনুষ্য সন্তাবিলাকলৈ যি ঘটে সেয়ে পশুলৈকো ঘটে, সকলোলৈকে একে ৰূপ ঘটনাই ঘটে; ই যেনেকৈ মৰে, সিও তেনেকৈ মৰে; এনেকি, সিহঁত সকলোৰে এক নিশ্বাস-প্ৰশ্বাস মাথোন; এই হেতুকে পশুতকৈ মানুহৰ কোনো প্ৰাধান্য নাই; কিয়নো সকলোৱেই অসাৰ।

20সকলোৱেই একে ঠাইলৈ গমণ কৰে; সকলোৱেই ধুলিৰ পৰা উপন্ন হৈছে, আৰু সকলোৱেই ধুলিলৈ উলটি যায়।

21মনুষ্য সন্তানবিলাকৰ জীৱাত্মাৰ বিষয়ে কোনে জানে, যে, সি উৰ্দ্ধগামী হয়? আৰু পশুৰ জীৱাত্মাৰ বিষয়ে কোনে জানে, যে, সি পৃথিবীৰ তললৈ অধোগামী হয়?

22এই হেতুকে মই দেখিলো, যে, মানুহে নিজৰ কাৰ্য্যত আনন্দ কৰাতকৈ কোনো উত্তম নাই; কিয়নো এয়েই তাৰ ভাগ। কাৰণ মনুষ্যৰ মৰণৰ পাছত যি ঘটিব, তাক দেখিবলৈ কোনে তাক ওলোটাই আনিব ?


  Share Facebook  |  Share Twitter

 <<  Ecclesiastes 3 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran