1মই মোৰ মনতে ক’লোঁ, আহাঁ, মই আনন্দৰ দ্বাৰাই তোমাক পৰীক্ষা কৰি চাওঁ; এই হেতুকে তুমি আনন্দত আসক্ত হোৱা; কিন্তু চোৱা, ইও অসাৰ।
2মই হাঁহিৰ বিষয়ে ক’লো, ই বলিয়া; আৰু আনন্দৰ বিষয়ে ই কি কৰিব পাৰে?
3আকাশৰ তলত, মনুষ্যৰ সন্তান বিলাকে তেওঁবিলাকৰ জীৱনৰ সকলো কালত কি কি কৰা তেওঁবিলাকৰ নিমিত্তে ভাল, তাক মই দেখা নাপাওঁ মানে, মোৰ মনে মোক প্ৰজ্ঞাৰ দ্বাৰাই চলাওঁতে কেনেকৈ দ্ৰাক্ষাৰসেৰে শৰীৰ ভালে ৰাখিম, আৰু কেনেকৈ অজ্ঞানতা অৱলম্বন কৰিম, তাক মই নিজ মনতে বিচাৰ কৰিলোঁ।
4মই নিজৰ নিমিত্তে মহৎ মহৎ কাৰ্য্য কৰিলোঁ, মই নিজৰ নিমিত্তে ঠায়ে ঠায়ে ঘৰ সাজিলোঁ, আৰু নিজৰ নিমিত্তে দ্ৰাক্ষাবাৰী পাতিলো;
5মই নিজৰ নিমিত্তে ঠায়ে ঠায়ে উদ্যান আৰু উপবন কৰি, সেই বোৰৰ মাজত সকলোবিধৰ গুটি লগা গছ ৰুলোঁ;
6আৰু গছ উৎপন্ন হোৱা বাৰীত পানী দিবলৈ মই ঠায়ে ঠায়ে পুখুৰী খানিলো;
7মই অনেক বন্দী-বেটী কিনি ল’লো, আৰু মোৰ ঘৰত ওপজা দাস আছিল; মোৰ আগেয়ে যিৰূচালেমত যিবিলাক আছিল, সেই সকলো বিলাকতকৈ মোৰ গৰু ভেড়া আদিৰ পশুৰ জাকো অধিক আছিল;
8মই নিজৰ নিমিত্তে ৰূপ, সোণ, আৰু ৰজাবিলাকৰ ও নানা প্ৰদেশৰ বিশেষ বিশেষ বহুমুল্য বস্তু গোটলোঁ, আৰু মই মোৰ নিমিত্তে গায়ক, গায়িকা, মানুহৰ সন্তানবিলাকক সন্তোষ দিওঁতা অনেক অনেক উপপত্নী পালোঁ।
9এইদৰে মই মহান হ’লো, আৰু মোৰ আগেয়ে যিবিলাক যিৰূচালেমত আছিল, সেই সকলোবিলাকতকৈ মই অতি ঐশ্চৰ্য্যশালী হ’লো; আৰু প্ৰজ্ঞাও মোৰ লগত থাকিল।
10আৰু মোৰ চকুৱে যিহলৈ ইচ্ছা কৰিলে মই তাক আৰু তাৰ পৰা আতৰাই নাৰাখিলোঁ; মই মোৰ মনক কোনো আনন্দৰ পৰা আটক নকৰিলোঁ, কিয়নো মোৰ সকলো পৰিশ্ৰমৰ কাৰণে মোৰ মনে আনন্দ সাভ কৰিলে; আৰু মোৰ সকলো পৰিশ্ৰমত পোৱা এইয়ো মোৰ অংশ হ’ল।
11তেতিয়া, মোৰ হাতে যি যি কাৰ্য্য কৰিলে, আৰু যি যি কাৰ্য্য কৰিবলৈ মই পৰিশ্ৰম কৰিলো, তাকে চাই দেখিলো, যে, সেই সকলো অসাৰ, আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ; সুৰ্য্যৰ তলত একোৱেই লাভ নাই।
12পাছে মই প্ৰজ্ঞা, আৰু পাগলামী ও অজ্ঞানতা চাবলৈ মন কৰিলো; কিয়নো ৰজাৰ পাছত যি মানুহ আহিব, তেওঁ কি কৰিব? আগেয়ে যি কৰা গৈছিল, তাকেহে মাত্ৰ কৰিব।
13তাকে মই দেখিলো, যে, অন্ধকাৰতকৈ পোহৰ যিমান উত্তম, অজ্ঞানতকৈ প্ৰজ্ঞা উত্তম।
14জ্ঞানী মানুহৰ মুৰত চকু থাকে কিন্তু অজ্ঞান লোকে হ’লে অন্ধকাৰত ভ্ৰমণ কৰে; তথাপি সকলোলৈকে একে ঘটনা ঘটে, ইয়াকে মই বুজিলোঁ।
15তেতিয়া মই মনতে ক’লোঁ, অজ্ঞানলৈ যেনে ঘটে মোলৈকো তেনে ঘটিব, তেনেহ’লে মই কি কাৰণে অধিক জ্ঞানী হ’লো? পাছে মই মনতে ক’লোঁ, ইও অসাৰ।
16কিয়নো অজ্ঞানৰ দৰে জ্ঞানীৰো সোঁৱৰণ চিৰকাললৈকো নাথাকে; কাৰণ ভবিষ্যৎ কালত কেতিয়াবাৰ পৰা সকলোকে পাহৰা যাব।
17জ্ঞানী কেনেকৈ মৰে? অজ্ঞানৰ দৰে। এই হেতুকে জীৱনত মোৰ ঘিণ লাগিল, কাৰণ সুৰ্য্যৰ তলত যি কৰা যায়, সেই কাৰ্য্য মোৰ পক্ষে দুখজনক; কিয়নো সকলোৱেই অসাৰ; আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
18সুৰ্য্যৰ তলত মই যি যি পৰিশ্ৰম কৰিলোঁ, সেই সকলো পৰিশ্ৰমত মোৰ ঘিণ লাগিল; কিয়নো তাৰ ফল মোৰ পাছৰ লোকৰ নিমিত্তে থৈ যাব লাগিব।
19সেই জন জ্ঞানী হব, বা অজ্ঞানী হব, তাক কোনে জানে? তথাপি, মই সুৰ্য্যৰ তলত যিহত পৰিশ্ৰম কৰি জ্ঞান দেখুৱালো, সেইবোৰ পৰিশ্ৰমৰ ফলৰ গৰাকী সেইজনেই হব, ইও অসাৰ।
20এই হেতুকে, মই সুৰ্য্যৰ তলত যি যি পৰিশ্ৰম কৰিলোঁ, মই ঘুৰি সেই সকলো পৰিশ্ৰমৰ বিষয়ে মোৰ মনক নিৰাশ হবলৈ দিলোঁ।
21কিয়নো কোনো মানুহে প্ৰজ্ঞা, জ্ঞান, আৰু নিপুণতাৰে পৰিশ্ৰম কৰে; তথাপি, যি মানুহে তাত কোনো পৰিশ্ৰম কৰা নাই সেই জনকে তাৰ অধিকাৰ বুলি তাক শোধাই দিবলগীয়া হয়।
22ইও অসাৰ আৰু মহা-আপদ। কাৰণ সুৰ্য্যৰ তলত মানুহে যি যি পৰিশ্ৰম কৰে, সেই সকলো পৰিশ্ৰমত আৰু মনৰ আগ্ৰহত সি কি লাভ পায় ?
23কিয়নো তাৰ সকলো দিন কেৱল ক্লেশযুক্ত, আৰু তাৰ ব্যৱসায় বেজাৰ দিওঁতা; এনেকি ৰাতিও তাৰ মনে শান্তি নাপায়। ইও অসাৰ।
24ভোজন-পান কৰাতকৈ আৰু নিজ পৰিশ্ৰমত নিজৰ মনক সুখভোগ কৰোৱাতকৈ মানুহৰ পক্ষে কোনো উত্তম নাই। মই দেখিলো, যে, ইও ঈশ্বৰৰ হাতৰ পৰাহে হয়।
25কিয়নো মোতকৈ কোনে অধিক ভোজন আৰু অধিক সুখভোগ কৰিব পাৰে ?
26কাৰণ যি মানুহ ঈশ্বৰৰ দৃষ্টিত উত্তম, তাক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দিয়ে; কিন্তু তেওঁ পাপীক হ’লে, ঈশ্বৰৰ দৃষ্টিত যি মানুহ উত্তম তাক দিবৰ নিমিত্তে ধন সাঁচিবৰ আৰু গোটাবৰ ব্যৱসায় দিছে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।