Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Mark 16 >> 

1তাৰ পাছত বিশ্ৰাম-বাৰ শেষ হোৱাত, মগ্দলীনী মৰিয়ম, যাকোবৰ মাতৃ মৰিয়ম আৰু চালোমীয়ে আহি যীচুৰ গাত সানিবলৈ সুগন্ধি দ্ৰব্য কিনিলে।

2আৰু সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা, সুৰ্য্য উদয় হওঁতেই, তেওঁলোকে মৈদামলৈ গ'ল৷

3তেওঁলোকে নিজৰ মাজত কোৱাকুই কৰি কলে, "মৈদামৰ প্ৰৱেশ দ্ৱাৰত থকা শিলটো কোনে আমাৰ বাবে বগৰাই দিব?"

4কিয়নো সেই শিলচতা অতি ডাঙৰ আছিল; এনেতে চকু তুলি চাওঁতে তেওঁলোকে দেখিলে যে, শিলচটা বগৰাই থোৱা আছে৷

5তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গ'ল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে, তাতে তেওঁলোক অতি আচৰিত হ’ল।

6কিন্তু তেওঁ তেওঁলোকক ক’লে, "তোমালোকে ভয় নকৰিবা; তোমালোকে ক্ৰুচত হত হোৱা নাচৰতীয়া যীচুক বিচাৰিছা; তেওঁ উঠিল! তেওঁ ইয়াত নাই; চোৱা, এয়ে তেওঁক শুৱাই থোৱা ঠাই।

7কিন্তু তোমালোকে গৈ, তেওঁৰ শিষ্য সকলক আৰু পিতৰক কোৱাগৈ যে 'তেওঁ তোমালোকৰ আগেয়ে গালীললৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল, তেনেকৈ তোমালোকে তেওঁক দেখা পাবা।"

8তেতিয়া তেওঁলোকে মৈদামৰ পৰা ওলাই পলাল; কিয়নো সেই সময়ত তেওঁলোক কম্পন আৰু বিস্ময়ত আছিল; তেওঁলোকে কোনো ব্যক্তিক নক’লে কিয়নো তেওঁলোকে অতি ভয় খাইছিল।

9সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা, যীচু পুনৰুত্থিত হোৱাৰ পাছত; যি গৰাকীৰ পৰা তেওঁ সাতোটা ভুত খেদাইছিল, সেই মগ্দলীনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে।

10তেতিয়া তেওঁ গৈ শোক আৰু ক্ৰন্দন কৰি থকা যীচুৰ পুৰ্ব্বৰ সঙ্গী সকলক বাৰ্ত্তা দিলে;

11তেতিয়া তেওঁলোকে যীচু যে জীৱিত আৰু মগ্দলীনী মৰিয়মক যে দৰ্শন দিলে সেই কথা শুনিলে কিন্তু অবিশ্বাস কৰিলে।

12এই সকলো ঘটনা ঘটাৰ পাছত, যীচুৱে অন্য দুজন লোকক গাঁৱলৈ যাত্ৰা কৰি থাকোতে তেওঁ অন্য ৰূপ ধৰি, তেওঁলোকক দেখা দিলে।

13তাতে তেওঁলোকে গৈ অন্য শিষ্য সকলক সম্বাদ দিলে; কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে।

14পাছত এঘাৰ জনে ভোজনত বহি থাকোঁতে, যীচুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত, তেওঁক দেখা পোৱা সকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে।

15আৰু যীচুৱে তেওঁলোকক ক’লে, "তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰা।

16তাতে যি জনে বিশ্বাস কৰি বাপ্তাইজিত হয়, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷

17এইবোৰ চিন বিশ্বাস কৰা সকলৰ অনুগামী হ’ব। তেওঁলোকে মোৰ নামেৰে ভুত খেদাব, নতুন নতুন ভাষাৰে কথা ক’ব; সাপক হাতেৰে তুলি ল’ব;

18আৰু প্ৰাণ-নাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহব আৰু নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰিব৷"

19এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীচুক স্বৰ্গলৈ নিয়া হ’ল আৰু তেওঁ ঈশ্বৰৰ সোঁহাতে বহিল।

20পাছত তেওঁলোকে ওলাই গৈ, সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে; আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামী চিনৰ দ্বাৰাই বাক্য সপ্ৰমাণ কৰিলে। আমেন।


  Share Facebook  |  Share Twitter

 <<  Mark 16 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran