Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Mark 12 >> 

1পাছত যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, "এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাঁত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙী সাজি খেতিয়ক সকলৰ হাতত গতাই দি আন দেশলৈ গ’ল।

2পাছত তেওঁ বতৰৰ দিনত খেতিয়ক সকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ কিছুমান গুটিৰ অংশ পাবলৈ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে।

3কিন্তু তেওঁলোকে সেই দাস জনক ধৰি, কোবাই মেলি শুদা-হাতে পঠিয়াই দিলে।

4পাছত আন এজন দাসক পঠোৱা হ'ল, তাতে তেওঁলোকে সেই দাসক মুৰত আঘাত কৰিলে আৰু অপমানো কৰিলে।

5পুনৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো বধ কৰিলে৷ এনেদৰে কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে।

6পাছত পঠিয়াবলৈ তেওঁৰ এজন মাথোন ব্যক্তি আছিল, সেই জন হ'ল তেওঁৰ প্ৰিয় পুত্ৰ৷ অৱশেষত তেওঁ, তেওঁকো তেওঁলোকৰ ওচৰলৈ পঠাই দিলে৷ তেওঁ কলে, "তেওঁলোকে নিশ্চয় মোৰ পুত্ৰক সন্মান কৰিব৷"

7কিন্তু সেই খেতিয়ক সকলে পৰস্পৰে আলোচনা কৰি কলে, "এই জনেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰো; তেতিয়া উত্তৰাধিকাৰ আমাৰেই হ’ব।"

8তেতিয়া তেওঁলোকে তেওঁক ধৰিলে আৰু বধ কৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে।

9এতেকে শেষত সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি, সেই খেতিয়ক সকলক সংহাৰ কৰি সেই বাৰী আন লোকক দিব।

10এই শাস্ত্ৰীয় বচন তোমালোকে পঢ়া নাই নে? "ঘৰ-সজোতা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল;

11এয়ে প্ৰভুৰ পৰা হ’ল আৰু আমাৰ দৃষ্টিত আচৰিত;"

12তেতিয়া তেখেত সকলে যীচুৰ সেই দৃষ্টান্তটো তেখেত সকলৰ বিপক্ষে কোৱা বুলি জানিবলৈ পাই তেওঁক বন্দী কৰিব খুজিলে কিন্তু লোক সকলকলৈ ভয় কৰি তেওঁক এৰি গুচি গ’ল।

13পাছত যীচুক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে তেখেত সকলে কিছুমান ফৰীচী আৰু কেইজনমান হেৰোদীয়াৰ লোকক তেওঁৰ ওচৰলৈ পঠালে।

14তেওঁলোকে আহি তেওঁক ক’লে, "হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ চীজাৰক কৰ আদায় দিয়াটো আইনসঙ্গত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?"

15কিন্তু তেওঁলোকৰ কপট ভাৱ বুজি পাই তেওঁ ক’লে, "তোমালোকে কিয় মোক পৰীক্ষা কৰিছা? মোৰ ওচৰলৈ এটা আধলি আনা, মই চাওঁ৷"

16তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, "এই মুৰ্ত্তি আৰু নাম কাৰ?" তেওঁলোকে তেওঁক ক’লে, "চীজাৰৰ।"

17তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "যি চীজাৰৰ, সেয়া চীজাৰক দিয়া; আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়া।" তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে।

18পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকল তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,

19"হে গুৰু, মোচিয়ে আমাৰ বাবে লিখিলে 'কোনো ভাইৰ যদি নিজ ভার্য্যা জীয়াই থাকোতে মৃত্যু হয়, কিন্তু তেওঁৰ সন্তান নাই; তেনেহলে তেওঁ এৰি যোৱা ভার্য্যাক তেওঁৰ ভায়ে গ্ৰহন কৰিব আৰু তেওঁক সন্তান দিব৷

20সেই ঠাইত সাতজন ভাই-ককাই আছিল; প্ৰথম জনে এগৰাকী তিৰোতা বিয়া কৰিলে আৰু সন্তান নথকাকৈ তেওঁৰ মৃত্যু হ'ল।

21তাতে দ্বিতীয় জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ তেওঁৰো মৃত্যু হ'ল; পাছত তৃতীয় জনৰো সেইদৰেই হ’ল।

22সেইদৰে সাত জনেই সন্তান নথকাকৈ মৃত্যু বৰণ কৰিলে আৰু অৱশেষত সেই তিৰোতা গৰাকীৰো মৃত্যু হ'ল।

23পুনৰুত্থানত তেওঁলোকৰ কোন জনৰ তাই ভাৰ্য্যা হ’ব? কিয়নো সাত জনেই তাইক বিয়া কৰাইছিল।"

24যীচুৱে তেওঁলোকক ক’লে, "ধৰ্ম্ম-শাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাতোৱেই হৈছে তোমালোকৰ ভ্ৰান্তিৰ কাৰণ, নহয় নে?"

25কিয়নো তেওঁলোকে মৃত লোকৰ মাজৰ পৰা যেতিয়া পুনৰায় উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰাই বা বিয়া দিয়াও নহয় কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।

26কিন্তু মৃত লোকৰ বিষয়ে অর্থাৎ তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মোচিৰ পুস্তকত, জোপাৰ বৃত্তান্তত, 'মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ' বুলি ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাই নে?

27তেওঁ মৃত লোকৰ ঈশ্বৰ নহয় কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; তোমালোকে বৰকৈ ভুল বুজি আছা।"

28তেতিয়া অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভালদৰেই উত্তৰ দিলে৷ তেওঁ যীচুক সুধিলে, "কোনটো আজ্ঞা সকলোতকৈ লাগতিয়াল?"

29যীচুৱে উত্তৰ দিলে, "প্ৰথমটো এই, 'হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,

30আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।'

31দ্বিতীয়টো এই, 'তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।' এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।

32তেতিয়া সেই অধ্যাপকে তেওঁক ক’লে, "হে সৎ গুৰু! আপুনি প্ৰকৃততে কৈছে যে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই;

33আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোম-বলিদানতকৈয়ো অধিক।

34তাতে যীচুৱে তেওঁক সু-বিবেচনাৰে উত্তৰ দিয়া দেখি তেওঁক ক’লে, "তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দুৰৈত নাই।" তেতিয়াৰে পৰা তেওঁক আৰু কোনো কথা সুধিবলৈ কাৰো সাহ নহ’ল।

35পাছত যীচুৱে ধৰ্ম্ম-ধামত উপদেশ দিওঁতে, সমিধান দি সেই লোক সমূহক ক’লে, "খ্ৰীষ্ট যে দায়ুদৰ সন্তান, ইয়াক অধ্যাপক সকলে কেনেকৈ কব পাৰে?

36কিয়নো দায়ুদে পবিত্ৰ আত্মাৰে নিজে কৈছিল, 'প্ৰভুৱে মোৰ প্ৰভুক ক’লে, মোৰ সোঁহাতে বহি থাকা, যেতিয়ালৈ মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰাও৷'

37দায়ুদে নিজেই তেওঁক 'প্ৰভু' বুলিছিল, তেন্তে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?" আৰু লোক সমূহে আনন্দেৰে তেওঁৰ কথা শুনিলে।

38তেতিয়া তেওঁৰ উপদেশৰ মাজত তেওঁ ক’লে, "অধ্যাপক সকললৈ তেওঁলোকে সাৱধান হোৱা; তেওঁলোকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ

39আৰু হাত-বজাৰত নমস্কাৰ, নাম-ঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই,

40এই সকলোকে ইচ্ছা কৰে আৰু বাঁৰী মহিলা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে৷ তেওঁলোকে অধিক দণ্ড পাব।

41পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে ভঁৰালত ধন কেনেকৈ সুমুৱাইছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে।

42পাছত এজনী দৰিদ্ৰ বাঁৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে।

43তেতিয়া যীচুৱে তেওঁ নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, "মই তোমালোকক স্বৰূপকৈ কওঁ, ভঁৰালত সুমুৱাই দিয়া সকলোতকৈ এই দৰিদ্ৰ বাঁৰীয়ে অধিক দিলে।

44কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত ধনৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাঁৰীয়ে তেওঁৰ নাটনি হোৱাতো, তেওঁৰ যি আছিল অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।"


  Share Facebook  |  Share Twitter

 <<  Mark 12 >> 


Bible2india.com
© 2010-2024
Help
Dual Panel

Laporan Masalah/Saran